< আদিপুস্তক 45 >
1 ১ তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, “মোৰ আগৰ পৰা সকলো গুছি যাওঁক।” সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল।
Tsono Yosefe sanathenso kuwugwira mtima kuti asalire pamaso pa antchito ake ndipo anafuwula kuti, “Aliyense achoke pamaso panga!” Motero panalibe wina aliyense pamene Yosefe anadziwulula kwa abale ake.
2 ২ তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে।
Ndipo analira mokweza mwakuti Aigupto anamva. Onse a ku nyumba kwa Farao anamvanso za zimenezi.
3 ৩ যোচেফে ককায়েকসকলক ক’লে, “মই যোচেফ! মোৰ পিতৃ কি এতিয়াও জীয়াই আছে?” এই কথা শুনি তেওঁৰ ককায়েকসকলে একো উত্তৰ দিব নোৱাৰিলে; কাৰণ যোচেফৰ উপস্থিতিত তেওঁলোক হতবুদ্ধি হ’ল।
Yosefe anati kwa abale ake, “Ine ndine Yosefe! Kodi abambo anga akanali ndi moyo?” Koma abale ake sanathe kumuyankha chifukwa anali ndi mantha kwambiri pamaso pake.
4 ৪ তেতিয়া যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “তোমালোকে অনুগ্রহ কৰি মোৰ ওচৰ চাপি আহাঁ।” তাতে তেওঁলোকে ওচৰ চাপি অহাত তেওঁ ক’লে, “মই যোচেফ, তোমালোকৰ সেই ভাই, যি জনক তোমালোকে মিচৰ দেশলৈ বিক্রী কৰি দিছিলা।
Ndipo Yosefe anati kwa abale ake, “Senderani pafupi nane.” Atasendera iye anati, “Ine ndine mʼbale wanu Yosefe amene munamugulitsa ku Igupto!
5 ৫ কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে।
Ndipo tsopano, musawawidwe mtima kapena kudzipsera mtima chifukwa choti munandigulitsa ine kuno, popeza Mulungu ananditsogoza ine kuti adzapulumutse miyoyo yanu.
6 ৬ কাৰণ, এই দুবছৰ ধৰি দেশত আকাল হৈছে; এইদৰে আৰু পাঁচ বছৰ কাল চলিব; কোনো খেতি কৰা নহ’ব আৰু শস্য দোৱাও নহ’ব।
Kwa zaka ziwiri tsopano, kwakhala kuli njala mʼdziko muno, ndipo kwa zaka zisanu zikubwerazi, anthu sadzalima kapena kukolola.
7 ৭ পৃথিবীত অৱশেষ স্বৰূপে তোমালোকৰ বংশক জীৱিত ৰাখিবৰ কাৰণে আৰু ধ্বংসৰ পৰা উদ্ধাৰ কৰি তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক পঠাই দিলে।
Koma Mulungu ananditsogoza kuti adzakusungeni ndi moyo ndi kuti mudzakhale ndi zidzukulu pa dziko lapansi.
8 ৮ গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।”
“Motero, si inu amene munanditumiza kuno koma Mulungu. Iye anandisandutsa kukhala nduna yayikulu ya Farao, ndipo zonse za mʼnyumba mwake zili mʼmanja mwangamu. Komanso amene akulamulira dziko lonse la Igupto ndi ine.
9 ৯ এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক।
Tsono fulumirani mubwerere kwa abambo anga ndi kuwawuza kuti, ‘Mwana wanu Yosefe akuti, Mulungu anandisandutsa kukhala mbuye wa dziko lonse la Igupto. Ndiye bwerani kuno musachedwe.
10 ১০ আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব।
Ndipo inu, ana anu, zidzukulu zanu, pamodzi ndi nkhosa ndi ngʼombe zanu ndi antchito anu amene muli nawo muzidzakhala mʼdziko la Goseni pafupi ndi ine.
11 ১১ আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’
Ine ndizidzakupatsani zakudya kumeneko chifukwa zaka zisanu za njala zikubwera ndithu. Kupanda kutero, inu ndi mabanja anu pamodzi ndi anthu anu onse mudzasowa chakudya.’
12 ১২ মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিন্যামীনৰ চকুৱেও দেখিছে।
“Tsono inu nonse pamodzi ndi mʼbale wangayu Benjamini, mukuona kuti ndi inedi amene ndikuyankhula nanu.
13 ১৩ মিচৰ দেশত থকা মোৰ ক্ষমতাৰ বিষয়ে আৰু যি সকলোবোৰ দেখিছা, সেইবোৰৰ বিষয়ে মোৰ পিতাৰ ওচৰত গৈ জনাবা। এতিয়া সোনকাল কৰা আৰু পিতাক ইয়ালৈ লৈ আনাগৈ।”
Mukawawuze abambo anga kuti ndili pa ulemerero ku dziko la Igupto kuno ndi zonse zimene mwaziona. Tsopano fulumirani kuti mukabwere nawo kuno abambo anga.”
14 ১৪ তেতিয়া তেওঁ তেওঁৰ ভায়েক বিন্যামীনৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে আৰু বিন্যামীনেও তেওঁৰ ডিঙিত ধৰি কান্দিলে।
Kenaka Yosefe anakhumbatira Benjamini, mngʼono wake uja nayamba kulira. Nayenso Benjamini anayamba kulira atamukumbatira.
15 ১৫ পাছত যোচেফে তেওঁৰ সকলো ভায়েক-ককায়েকক চুমা খালে আৰু তেওঁলোকৰো ডিঙিত ধৰি কান্দিলে; তাৰ পাছতহে তেওঁৰ ককায়েকসকলে তেওঁৰ লগত কথা পাতিলে।
Atatero, Yosefe anapsompsona abale ake onse aja, akulira. Pambuyo pake abale ake aja anacheza ndi Yosefe.
16 ১৬ যোচেফৰ ভায়েক-ককায়েকসকল অহাৰ বাতৰি যেতিয়া ফৰৌণৰ ঘৰৰ লোকসকলে শুনিবলৈ পালে, তেতিয়া ফৰৌণ আৰু তেওঁৰ কর্মচাৰীসকল অতিশয় আনন্দিত হ’ল।
Akunyumba kwa Farao atamva kuti abale ake a Yosefe abwera, Farao pamodzi ndi nduna zake zonse anakondwera.
17 ১৭ ফৰৌণে যোচেফক ক’লে, “তোমাৰ ভাই-ককাইসকলক ক’বা, ‘তেওঁলোকে যেন এনেদৰে কৰে: তেওঁলোকৰ গাধবোৰত শস্যৰ বোজা লৈ তেওঁলোক কনান দেশলৈ উলটি যাওঁক
Farao anati kwa Yosefe, “Uwawuze abale ako kuti, ‘Senzetsani nyama zanu katundu ndi kubwerera ku dziko la Kanaani.
18 ১৮ আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোক মোৰ ওচৰলৈ আহক।’ ইয়াকো ক’বা যে, ‘মিচৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব।’
Mukabwere nawo abambo anu ndi mabanja anu kuno, ndipo ine ndidzakupatsani dera lachonde kwambiri mʼdziko la Igupto. Mudzadya zokoma za mʼdzikoli.’”
19 ১৯ এতিয়া তোমাক মই আদেশ দিছো, ‘তুমি তোমাৰ ভাই-ককাইসকলক ক’বা: ‘তোমালোকৰ ল’ৰা-ছোৱালী, ভার্য্যাসকলৰ কাৰণে মিচৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহাঁ।
“Uwawuzenso kuti, ‘Tengani ngolo zingapo za kuno ku Igupto kuti mukakwezepo ana anu, akazi anu pamodzi ndi abambo ako ndi kubwera nawo kuno.
20 ২০ তোমালোকে তোমালোকৰ বস্তুবোৰক লৈ চিন্তা নকৰিবা, কাৰণ সমগ্র মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰতো তোমালোকৰেই’।”
Musadandaule zosiya katundu komweko chifukwa dziko lachonde la kuno ku Igupto lidzakhala lanu.’”
21 ২১ পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে।
Choncho ana a Israeli anachita zimenezo. Yosefe anawapatsa ngolo monga Farao analamulira, ndipo anawapatsanso chakudya cha paulendo wawo.
22 ২২ তেওঁ তেওঁলোকৰ প্রত্যেককে এযোৰকৈ পোছাক দিলে; কিন্তু বিন্যামীনক হ’লে তেওঁ তিনিশ চেকল ৰূপৰ মুদ্ৰা আৰু পাঁচ যোৰ পোছাক দিলে।
Anaperekanso kwa aliyense zovala zatsopano, koma kwa Benjamini anapereka siliva wolemera pafupifupi makilogalamu anayi ndi zovala zisanu.
23 ২৩ তাৰ পাছত তেওঁৰ পিতৃৰ কাৰণে তেওঁ এইখিনি বস্তু পঠালে: দহটা গাধ আৰু দহজনী গাধী। এই দহটা গাধৰ পিঠিত মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰ বোজাই কৰা আছিল আৰু গাধীবোৰৰ পিঠিত আছিল পিতৃৰ বাটৰ বাবে শস্য, পিঠা অাৰু আন আন খোৱা বস্তু সমূহ।
Ndipo abambo ake anawatumizira izi: abulu khumi osenza zinthu zabwino kwambiri za ku Igupto, ndi abulu aakazi khumi osenza tirigu, buledi ndi zakudya zina za pa ulendo wake.
24 ২৪ এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভায়েক-ককায়েকসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁ তেওঁলোকক ক’লে, “সাৱধান, বাটত তোমালোকে কাজিয়া-পেচাল নকৰিবা।”
Kenaka anawalola abale ake aja kuti azipita, ndipo akunyamuka, iye anawawuza kuti, “Osakangana mʼnjira!”
25 ২৫ পাছত তেওঁলোকে মিচৰ দেশৰ পৰা গৈ কনান দেশত থকা তেওঁলোকৰ পিতৃ যাকোবৰ ওচৰলৈ গ’ল।
Ndipo anachoka ku Igupto nafika kwa abambo awo Yakobo mʼdziko la Kanaani.
26 ২৬ তেওঁলোকে তেওঁক ক’লে, “যোচেফ এতিয়াও জীয়াই আছে, আৰু সিয়েই গোটেই মিচৰ দেশৰ শাসনকৰ্তা।” যাকোবে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল; কিয়নো পুত্রসকলৰ কথাষাৰ তেওঁৰ বিশ্বাসেই হোৱা নাছিল।
Iwo anawuza abambo awo kuti, “Yosefe akanali ndi moyo! Ndiponsotu, ndiye akulamulira dziko la Igupto.” Yakobo anangoti kakasi osankhulupirira.
27 ২৭ পাছত যোচেফে তেওঁলোকক যি যি কৈছিল, সেইবোৰ শুনি আৰু তেওঁক লৈ যোৱাৰ কাৰণে যোচেফে যি গাড়ী পঠাইছিল, তাকে দেখি তেওঁলোকৰ পিতৃ যাকোবৰ মন জাগি উঠিল।
Komabe atamufotokozera zonse zimene Yosefe anawawuza ndipo ataona ngolo zimene Yosefe anatumiza kuti adzakweremo popita ku Igupto, mtima wa Yakobo, abambo awo unatsitsimuka.
28 ২৮ তেওঁ ক’লে, “মোৰ পুত্ৰ যোচেফ যে এতিয়াও জীয়াই আছে, সেয়াই যথেষ্ট; মৃত্যুৰ আগতে মই গৈ তাক চাম।”
Ndipo Israeli anati, “Ndatsimikizadi! Mwana wanga Yosefe akanali ndi moyodi. Ndipita ndikamuone ndisanafe.”