< আদিপুস্তক 43 >
1 ১ কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল।
Mbe nizeke mafe amy taney ty san-kerè.
2 ২ মিচৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত, তেওঁলোকৰ বাপেকে ক’লে, “তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ।”
Aa naho fa nikamae’ iereo i mahakama nendese’ iereo boake Mitsraimey, le hoe ty rae’ iareo ama’e, Akia ihereño, mikaloa mahakama tsy ampeampe ho antika.
3 ৩ যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
Aa hoe t’Iehodà ama’e, Nañatahata anay aman-titike indatiy, ami’ty hoe, Tsy ho oni’ areo ka ty tareheko naho tsy indreza’ i zai’ areoy.
4 ৪ এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম।
Aa naho ampihitrife’o hindre ama’ay ty zai’ay, le hizotso mb’eo zahay hivily mahakama ho azo;
5 ৫ কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”
fa naho tsy haha’o handeha re, le tsy hizotso mb’eo zahay, amy nihatahata’ indatiy, ty hoe, Tsy ho isa’areo ty tareheko naho tsy ama’ areo ty zai’ areo.
6 ৬ ইস্ৰায়েলে ক’লে, “তোমালোকে মোলৈ কিয় এনে দুর্ব্যৱহাৰ কৰিলা? তোমালোকৰ যে এজন ভাই আছে সেই কথানো লোকজনক কিয় ক’লা?”
Hoe t’Israele, Ino ty nijoia’ areo ahiko ami’ty fivola’ areo am’indatiy t’ie mbe aman-drahalahy?
7 ৭ তেওঁলোকে ক’লে, “সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাবে সুধিছিল; তেওঁ সুধিছিল, ‘তোমালোকৰ পিতা এতিয়াও জীয়াই আছে নে? তোমালোকৰ আৰু কোনো ভাই আছে নে?’ আমিও তেওঁৰ প্রশ্নবোৰৰ উত্তৰ সেইদৰেই দিছিলোঁ; পাছত তেওঁ যে আমাক ‘তোমালোকৰ ভাইক লৈ আনা’ বুলি ক’ব অামি কেনেকৈ জানিম?”
Hoe ty natoi’ iareo, Nandohy anay ty ama’ay naho o longo’aio indatiy, nanao ty hoe, Mbe velom-bao ty Rae’ areo? Manañe ana-dahy ila’e hao? Aa kanao nañontane re, vinale’ay. Ho nihai’ay aia te ho nisaontsie’e ty hoe, Ampizotsò mb’ atoy i rahalahi’oy?
8 ৮ তেতিয়া যিহূদাই পিতৃ ইস্ৰায়েলক ক’লে, “আপুনি বিন্যামীনক মোৰ লগত পঠাওঁক; আমি, আপুনি আৰু আমাৰ সন্তানবোৰেৰে সৈতে উভয়ে যেন নমৰি জীয়াই থাকিম, তাৰ বাবে আমি সোনকালে ওলাই যাওঁহক।
Le hoe t’Iehodà am’ Israele rae’e, Ampindrezo amako i ajalahiy, le hionjon-jahay, soa te ho veloñe tika fa tsy hivetrake—Ihe naho zahay vaho o keleian-tikañeo.
9 ৯ মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
Izaho avao ty ho tsoake ho aze; hamolilie’o an-tañako. Aa naho tsy habaliko ama’o atoy, havotrako añatrefa’o, le ee ty ho amako nainai’e i hakeo zay.
10 ১০ আমি যদি ইমান পলম নকৰিলোঁ হয়, ইতিমধ্যে আমি দ্বিতীয়বাৰো ঘূৰি আহিব পাৰিলোহেঁতেন।”
Aa naho tsy nihenekenek’ avao tika le fa ho n’indroe nimpoly.
11 ১১ তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।
Aa le hoe ty nanoa’ Israele rae’ iareo, Naho izay, le ano zao, Añendeso amo goni’ areoo o vokatse soa’ ty tane toio, vaho ahitrifo amy ‘ndatiy ho ravoravo ty aoly fihosotse tsy ampeampe naho tantele kede naho fisìke naho fampafirañe naho rame naho katra vaho sakoañe.
12 ১২ তোমালোকৰ হাতত দুগুণ ধন লোৱা; কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভটাই দিলে, তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়া তোমালোকক দিছিল।
Endeso an-taña’ areo in-droe’ o dralao. Tintino hibalike mb’eo an-taña’areo i drala nabalik’ amo goni’ areooy; kera nilosoreñe.
13 ১৩ তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱাহঁক।
Endeso ka ty zai’areo le miongaha, mibaliha mb’am’ indatiy;
14 ১৪ সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
lonike te ho tretreze’ i El-Sadai abey nahareo añatrefa’ indatiy, hamotsora’e i rahalahi’areoy naho i Beniamine. Aa naho izaho, lehe ampihontohañe le hihontoke.
15 ১৫ তেতিয়া তেওঁলোকে সেই উপহাৰ, হাতত দুগুণ ধন আৰু বিন্যামীনক লগত লৈ মিচৰ দেশলৈ নামি গ’ল, আৰু তেওঁলোক যোচেফৰ সন্মুখত উপস্থিত হ’ল।
Aa le nendese’ o lahilahio i ravoravoy naho indroe’ ty drala’e am-pità’iareo vaho i Beniamine le niongake naho nizotso mb’e Mitsraime añe vaho nijohañe añatrefa’ Iosefe eo.
16 ১৬ তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”
Ie niisa’ Iosefe te am’iereo t’i Beniamine, le hoe re ami’ty mpitoro’ i anjomba’ey, andentao hare le halankaño sabadidake, fa hitrao-pikama amako ondati-reo te tsipindemena.
17 ১৭ যোচেফে যিদৰে ক’লে, ঘৰগিৰীয়ে সেইদৰেই কৰিলে; তেওঁ তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ আহিল।
Nanoe’ indatiy i nafanto’ Iosefe ama’ey, le nampihovae’e añ’anjomba’ Iosefe ao indaty rey.
18 ১৮ যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।”
Nihembañe amy zao i lahilahy rey kanao nendeseñe mb’añ’anjomba’ Iosefe ao, le nanao ty hoe, Hera i dralay, i nampoly an-goni’ay am-baloha’eiy ro nampizilihañe anay, hikaboha’e raha, hiambotraha’e, naho hondevoze’e rekets’ o borìken-tikañeo.
19 ১৯ সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।
Aa le niheo amy mpitoroñ’ anjomba’ Iosefey mb’eo iereo nisaontsy ama’e an-tsarira’ i anjombay eo,
20 ২০ তেওঁলোকে ক’লে, “মালিক, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ;
ami’ty hoe, Ry Taleko, toe nizotso mb’atoa hikalo mahakama zahay tam-baloha’ey;
21 ২১ কিন্তু উলটি যোৱাৰ পথত বিশ্রামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে, আমাৰ সম্পূর্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল; আমি এতিয়া সেই ধন উভটাই আনিছোঁ।
f’ie nandoak’ amy nitofà’aiy añe, nanokake o goni’aio le songa nanjo ty drala’e ambava’ i goni’ey t’indaty, ty drala’ay ami’ty lanja’e. Aa le nendese’ay mb’atoy an-taña’ay,
22 ২২ ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল, তাক আমি নাজানো।”
mbore nandesa’ay drala fañampe’e an-tañañe hikaloa’ay mahakama. Nofi’ay ty nampizilike i dralay an-goni’ay ao.
23 ২৩ সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
Hoe ty natoi’e, Manintsiña, ko hembañe; i Andrianañahare’ areo naho Andrianañaharen-drae’ areoy ty nampipoke ty vara’ areo amo goni’ areoo; fa nasese amako i drala’areoy. Le naaka’e mb’am’iereo t’i Simone.
24 ২৪ তাৰ পাছত ঘৰগিৰীয়ে সেই সকলো লোকক যোচেফৰ ঘৰৰ ভিতৰলৈ লৈ গৈ পানী দিলে আৰু তেওঁলোকে নিজৰ ভৰি ধুলে; তেওঁ তেওঁলোকৰ গাধবোৰকো খাবলৈ দিলে।
Aa le nampihove’ i mpitoroñey añ’ anjomba’ Iosefe ao indaty rey le nanjotsoa’e rano, hanasa’e fandia, vaho nifahana’e o borìke’eo,
25 ২৫ যোচেফ দুপৰীয়া আহিব বুলি তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ যুগুত কৰি ৰাখিলে। কিয়নো তেওঁলোকে শুনিছিল যে তেওঁলোকৰ খোৱা-বোৱা তাতেই হ’ব।
le nampihentseñe’ iereo ho amy fiavi’ Iosefe amy tsipinde-menaiy i ravoravoy, fa jinanji’ iareo te hikama ao.
26 ২৬ যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।
Ie nimpoly añ’anjomba’e ao t’Iosefe le nibanabanae’ iereo ama’e añ’anjomba ao o ravoravo am-pità’iareoo vaho nibokoboko an-tane añ’atrefa’e eo.
27 ২৭ তেওঁলোকৰ কুশল মঙ্গল জনাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছে নে? তেওঁ এতিয়ালৈকে জীয়াই আছে নে?”
Nañontanea’e ty hajangaña’ iareo, naho ty hoe, Jangam-bao ty rae’areo, i androanavy bey tinoño’ areoy? Mbe veloñe hao?
28 ২৮ তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।
Soa avao i mpitoro’oy, ty rae’ay, mbe velon-dre. Le niondreke iereo, niambane.
29 ২৯ তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।”
Niandra amy zao re vaho nahaoniñe i Beniamine rahalahi’e, i anan-drene’ey, le hoe re, Rahalahy tsitso’ areo hao itia-hoekey? i natalili’areo amakoy? Ama’o abey anako, ty fatarihan’ Añahare!
30 ৩০ নিজ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ’ল আৰু নিজৰ কোঁঠালিত সোমাই কান্দিবলৈ ধৰিলে।
Le nibioñe añe t’Iosefe ty amy hamaniña’e an-jai’e, nipay hirovetse. Nizilik’ an-traño’e ao re niharovetse.
31 ৩১ পাছত তেওঁ নিজৰ চকু-মুখ ধুই বাহিৰলৈ আহিল আৰু নিজকে নিয়ন্ত্রণ কৰি আহাৰ পৰিবেশন কৰিবলৈ ক’লে।
Nanasa laharan-dre naho nilie-batañe vaho niakatse, le nanao ty hoe: Azotsò i mahakamay.
32 ৩২ তেতিয়া দাসবোৰে যোচেফক, তেওঁৰ ভায়েক-ককায়েকসকলক আৰু যি মিচৰীয়সকলে যোচেফৰ লগত ভোজন কৰে, তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে; কিয়নো মিচৰীয়সকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা নকৰে; কাৰণ সেয়া মিচৰীয়সকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য।
Nanjotsoa’ iareo hey re, ie raike, naho natokañe am’ iereo ka, le nanjotsoañe manokañe o nte-Mitsraime mpitrao-pikama ama’eo, amy te tsy mete miharo-fikama amo nte-Evreo o nte-Mitsraimeo fa faly e Mitsraime ao.
33 ৩৩ ভায়েক-ককায়েকসকল যোচেফৰ সন্মুখত বয়স অনুসাৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজন বহিল। তাতে তেওঁলোক সকলোৱে একেলগে আচৰিত মানিলে।
Le nampiambesareñe añatrefa’e, ty tañoloñoloña’e aolo ty amy zo’ey pak’an-jai’e ty amy hatsitso’ey, le nifampijilojilo an-kalatsañe o mpirahalahio.
34 ৩৪ তাৰ পাছত যোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভায়েক-ককায়েকসকলক দিবলৈ দিলে। কিন্তু আন সকলো ভায়েক-ককায়েকসকলৰ ভাগতকৈ বিন্যামীনক পাঁচ গুণ অধিক দিয়া হ’ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন-পান কৰি আনন্দ কৰিলে।
Nanjotsoañe boak’ am-pandambaña’ Iosefe iereo, fe indime’ ty mahakama niazo’ ty raike ty nazotso amy Beniamine. Aa le nitrao-pikama naho finoñe ama’e iereo.