< আদিপুস্তক 42 >
1 ১ যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
Ugbu a, Jekọb nụrụ na ọka dị nʼIjipt. Ọ sịrị ụmụ ya, “Kedụ ihe anyị jiri nọrọ na-elerịta onwe anyị anya”
2 ২ তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
Ọ sịrị, “Lee anụrụ m na ọka dị nʼIjipt. Gbadatanụ nʼebe ahụ zụtara anyị ọka ka anyị dị ndụ ghara ịnwụ.”
3 ৩ যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
Ụmụnne Josef iri ndị ahụ gbadara Ijipt ịzụta ọka.
4 ৪ কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
Ma Jekọb ekweghị ka Benjamin nwanne nta Josef soro ha gaa, nʼihi na ọ tụrụ egwu na ihe ndaba ọjọọ nwere ike ịbịakwasị ya.
5 ৫ এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
Otu a, ụmụ Izrel so nʼọtụtụ ndị ọzọ ndị jekwara ịzụrụ nri nʼIjipt, nʼihi na ụnwụ ahụ dị njọ nʼala Kenan.
6 ৬ সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
Nʼoge a, Josef na-achị ala Ijipt, bụrụkwa onye iresi ndị obodo ọka dị nʼaka. Ya mere, mgbe ụmụnne Josef rutere, ha bịara hulata kpọọ isiala nye Josef.
7 ৭ তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
Mgbe Josef hụrụ ụmụnne ya, ọ matara ndị ha bụ. Ma ọ kpara agwa dịka onye na-amaghị ha, gwa ha okwu nʼolu ike, sị ha, “Ebee ka unu si bịa?” Ha zara, “Anyị si ala Kenan bịa. Anyị bịara ịzụrụ nri.”
8 ৮ এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
Josef matara ụmụnne ya, ma ha onwe ha amataghị onye ọ bụ.
9 ৯ যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
Josef chetakwara nrọ ndị ahụ ọ rọrọ banyere ha. Ọ gwara ha okwu sị ha, “Unu bụ ndị nnyocha. Ịchọpụta adịghị ike ala anyị mere unu ji bịa.”
10 ১০ তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
Ha zara sị, “Nna anyị ukwu, anyị bụ ndị ohu gị bịara ịzụrụ nri.
11 ১১ আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
Anyị niile bụ ụmụ otu nna. Ndị ohu gị bụ ndị kwesiri ntụkwasị obi. Anyị abụghị ndị nnyopụta.”
12 ১২ তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
Ma Josef gwara ha sị, “Mba! Unu bịara ịchọpụta akụkụ obodo anyị nke a na-echezighị nke ọma.”
13 ১৩ কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
Ha zara sị ya, “Ndị ohu gị dị ụmụnne iri na abụọ. Ọ bụkwa otu nna mụrụ anyị niile. Nna anyị na nwanne anyị nta, onye ikpeazụ ọ mụrụ nọ na Kenan ugbu a. Ma otu onye nʼime anyị anwụọla.”
14 ১৪ যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
Josef sịrị, “Ihe unu na-akọ na-egosi na unu bụ ndị nnyopụta, dịka m gwara unu.
15 ১৫ ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
Nke a ka a ga-eji anwale unu. Nʼaha Fero dị ndụ, unu agaghị esi nʼebe a laa tutu nwanne unu nke nta ahụ abịa nʼebe a.
16 ১৬ সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
Zipụnụ otu onye nʼime unu ka ọ gaa kpọta nwanne unu nwoke. Ma aga m etinye ndị fọdụrụ nʼụlọ mkpọrọ, tutu m chọpụta ma ihe unu kwuru ọ bụ eziokwu maọbụ ụgha. Ọ bụrụ ụgha nʼezie, dịka Fero na-adị ndụ, unu bụ ndị nnyopụta.”
17 ১৭ এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
O tinyere ha niile nʼụlọ mkpọrọ, hapụ ha nʼebe ahụ abalị atọ.
18 ১৮ তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
Josef gwara ha, nʼụbọchị nke atọ, “Nke a bụ ihe unu ga-eme ma dị ndụ, nʼihi na abụ m onye na-atụ egwu Chineke.
19 ১৯ তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
Ọ bụrụ na unu bụ ndị ezi mmadụ, ka otu onye nʼime unu nọdụ nʼebe a, nʼụlọ mkpọrọ, ka ndị fọdụrụ buru ọka bulaara ndị ezinaụlọ unu nọ nʼagụụ.
20 ২০ তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
Ma kpọtaranụ m nwanne unu nke nta nʼebe a, nke a ga-egosi na okwu unu bụ eziokwu, na unu agaghịkwa anwụ.” Ha mere otu a.
21 ২১ তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
Ha gwarịtara onwe ha okwu sị, “Nʼezie, ọ bụ nʼihi nwanne anyị nwoke ka ahụhụ ndị a ji abịakwasị anyị. Anyị hụrụ obi mgbawa ya, mgbe ọ na-arịọ ka anyị chebe ndụ ya, ma anyị egeghị ya ntị. Ọ bụ nke a mere mmekpa ahụ ndị a ji bịakwasị anyị ugbu a.”
22 ২২ তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
Ruben zara sị ha, “Ọ bụ na mụ agwaghị unu sị unu hapụ imejọ nwantakịrị ahụ, ma unu egeghị ntị? Ugbu a, anyị na-asa ajụjụ banyere ọbara ya.”
23 ২৩ যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
Ha amataghị na Josef na-anụ ihe ha na-ekwu, nʼihi na onye nsụgharị okwu nọ nʼetiti ha.
24 ২৪ পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
O sitere nʼebe ha nọ tụgharịa gaa kwaa akwa. Ọ lọghachikwutere ha ọzọ gwakwa ha okwu. O si nʼetiti ha kpọpụta Simiọn kee ya agbụ ka ha na-ele ya anya.
25 ২৫ তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
Josef nyere iwu ka e kpojuo ọka nʼakpa ha, tinyekwara onye ọbụla ego ọ kwụrụ nʼakpa ya. Ọ nyere iwu ka e nye ha ihe ha ga-eri nʼụzọ. Mgbe e mesịrị ihe ndị a,
26 ২৬ তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
ha bokwasịrị ịnyịnya ibu akpa ọka ha nʼotu nʼotu. Ha hapụrụ Ijipt lawa.
27 ২৭ পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
Mgbe ha ruru ebe ha nọrọ ọnọdụ abalị, otu nʼime ha meghere akpa ya ka o nye ịnyịnya ibu ya ọka, ọ hụrụ ego ya nʼọnụ akpa ya.
28 ২৮ তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
Ọ gwara ụmụnne ya sị, “Lee, e tighachiri ego m kwụrụ. Lee ya nʼakpa ọka m.” Ike gwụrụ onye ọbụla nʼime ha. Site nʼahụ ịma jijiji ha lerịtara onwe ha anya sị, “Gịnị bụ ihe a Chineke mere anyị?”
29 ২৯ কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
Mgbe ha lakwutere nna ha Jekọb nʼala Kenan, ha kọọrọ ya ihe niile dakwasịrị ha. Ha gwara ya sị,
30 ৩০ “যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
“Nwoke na-achị ala ahụ gwara anyị okwu nʼolu ike. O mesoro anyị mmeso dịka anyị bụ ndị bịara inyochapụta obodo ha.
31 ৩১ কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
Ma anyị gwara ya sị, ‘Anyị bụ ndị kwesiri ntụkwasị obi, ndị na-abụghị ndị nnyopụta obodo.
32 ৩২ আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
Anyị dị ụmụnne iri na abụọ ndị nwere otu nna. Otu nʼime anyị anọkwaghị, ma nke ntakịrị na nna anyị nọ na nʼala Kenan taa.’
33 ৩৩ তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
“Mgbe ahụ, nwoke a, onye na-achị ala ahụ, sịrị anyị, ‘Nke a ka m ga-eji mata ma unu bụ ndị ezi mmadụ. Hapụrụnụ m otu nwanne unu. Burunu ọka, bulaara ndị ezinaụlọ unu agụụ na-agụgbu.
34 ৩৪ তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
Ma kpọtara m nwanne unu nke nta. Mgbe ahụ ka m ga-ama ihe unu bụ. Ma unu bụ ndị nnyopụta maọbụ ndị ezi mmadụ. Mgbe ahụ, aga m ahapụrụ unu nwanne unu. Unu ga na-azụkwa ahịa nʼala a.’”
35 ৩৫ তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
Mgbe ha bidoro ịwụpụtasị ọka dị nʼakpa ha, lee, nʼime akpa ọka onye ọbụla, a chọtara ego ọ kwụrụ nʼakpa ya. Mgbe ha na nna ha hụrụ ego ndị a, ha tụrụ egwu.
36 ৩৬ তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
Ya mere, nna ha Jekọb gwara ha sị, “Unu agbawala m aka ụmụ. Josef anọghị, Simiọn anọkwaghị. Ma unu na-achọ iwezuga Benjamin. Naanị m ka ihe niile ndị a na-emegide!”
37 ৩৭ ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
Mgbe ahụ, Ruben gwara nna ya sị, “I nwere ike gbuo ụmụ m ndị ikom abụọ ma ọ bụrụ na m akpọghachighị Benjamin. Tifee ya nʼaka m, aga m akpọghachikwara gị ya.”
38 ৩৮ তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” (Sheol )
Ma Jekọb sịrị, “Nwa m agaghị eso unu gaa. Nʼihi na nwanne ya anwụọla, ọ bụkwa naanị ya ka ọ fọdụrụ. Ọ bụrụ na nsogbu ezute ya nʼụzọ nʼije a, unu ga-eme ka m jiri isi awọ m laa nʼili nʼọnọdụ mwute.” (Sheol )