< আদিপুস্তক 40 >
1 ১ এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰীয়ে তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে।
Sabara gah ılğevç'uyle qiyğa, Misirne paççahne insanaaşee, ulyoğan helenbışde xərıng'veyiy gıney qecenbışde xərıng'vee paççah qəllamişxhesın kar ha'a.
2 ২ ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল।
3 ৩ তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে।
Manbı avqu g'aravulyçeeşine xərıng'une xaane, Yusuf aqqıne zindaneeqa qoole.
4 ৪ প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল।
G'aravulyçeeşine xərıng'vee manbı qoolenbı Yusufusqa, Yusufee manbışis k'ılvalla hee'ecenva. Misirne paççahna ulyoğan helenayiy gıney qecena sabara gahna zindanee avxuyle qiyğa,
5 ৫ এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল।
sa xəmde manbışik'le curayn-curayn mə'nabınan nyak'bı g'ece.
6 ৬ ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে।
Yusuf miç'eer manbışisqa qarımee, manbışe aq'vabı havaxanı'ı g'ece.
7 ৭ তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?”
Yusufee cuka sacigee xərıng'une xaa, zindanee havaacene fironne insanaaşike qidghın ha'an: – Nya'a g'iyna aq'vabı havaxanı'ı?
8 ৮ তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”
Manbışe mang'uk'le eyhen: – Nyak' g'acu, man nyak' nen eyheniy, eyhes əxəna deşur. Yusufee manbışik'le eyhen: – Nya'a Allahee dişde ats'al hele, nyak' hucoova eyheniyva eyhesın? Hinnalan man zas yuşan he'e.
9 ৯ তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলোঁ;
Ulyoğan helenbışde xərıng'vee cun nyak' yuşan hı'ı eyhen: – Zak'le nik'ek yizde ögee t'ımılena tayang g'avcu.
10 ১০ সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল।
Mane t'ımılene tayangıl xheyible tübəəyiy. T'ur qı'ğə-qı'ğə mançin t'et' g'avhu, t'ımıl aleyli'ı.
11 ১১ ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।”
Yizde xıle fironun k'olaniy vod, zı man ts'ets'ybı fironne k'oleeqa hoç'un, yicid fironusqa q'uvu.
12 ১২ যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়।
Yusufee mang'uk'le eyhen: – Man in eyhen vodun: xheyible tübəə xhebılle yiğ eyhen vodun.
13 ১৩ তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
Xhebne yiğıle fironee ğu zindaneençe qığavhu yisseyne işilqa sak'ala'as. Şenkiyn xhinne mang'us ulyoğan helena ixhes.
14 ১৪ তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;
Hucoon ixhes, gırgın kar yəqqı'lqa gitxhumee, zı yik'el qale'e. Zas sa yugvalla hee'e, fironusne yizın do ağmiş he'e. Zı ine zindaneençe g'attixhan he'e.
15 ১৫ কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।”
Zı cühüt'yaaşine cigeençe qöqüna vor, inyayıd zı zindaneeqa gixhasın vuççud hı'ı deş.
16 ১৬ প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে, অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওঁ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলোঁ;
Gıney qeceng'uk'le Yusufee nyak' yugvalis yuşan ha'a g'acu eyhen: – Zak'leme nik'ek yizde vuk'lel oo xheyible ç'emç'e cagvarane gıneyna g'avcu.
17 ১৭ তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।”
Oğane ç'emç'ee fironusva hı'iyn curayn-curayn gıney ıxha. Mane ç'emç'eеnçis şit'yaaşe k'ufarniy ı'xiyxə.
18 ১৮ তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিৰে তিনি দিন বুজায়;
Yusufee inəxüd eyhe: – Man in eyhen vod: xheyible ç'emç'e, xhebılle yiğ eyhen vod.
19 ১৯ তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।”
Xhebne yiğıle fironee ğu zindaneençe qığavhu, yiğna vuk'ul candakike curav'u, candak yivele qı'xəs. Şit'yaaşed cis k'ufar ı'xəs.
20 ২০ পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসবোৰৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসবোৰতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে।
Xhebne yiğıle fironun yedike ıxhayn yiğ eyxhe. Mang'vee cune insanaaşis otxhun-ulyodğuy hele. Ulyoğan helenayiy gıney qecena zindaneençe qığav'u, cune insanaaşine hiqa qavayle.
21 ২১ তেওঁ প্ৰধান পান-পাত্ৰ ধৰোঁতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে।
Ulyoğan helenbışda xərna şenkiyn xhinne cune işilqa sak'ala'a, mang'veyid ögiylin xhinne k'ola fironne xıleqa qele.
22 ২২ কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল।
Gıney qecenabışda xərnar givayxanna. Gırgın kar Yusufee uvhuyn xhinne eyxhe.
23 ২৩ কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।
Ulyoğan helenbışde xərıng'vee Yusuf yik'el qalya'a deş, yik'el hixanı'ına.