< আদিপুস্তক 40 >

1 এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰীয়ে তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে।
Bayan ɗan lokaci, sai mai riƙon kwaf da mai tuyan sarkin Masar suka yi wa maigidansu, sarkin Masar laifi.
2 ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল।
Fir’auna ya yi fushi da hafsoshin nan nasa guda biyu, shugaban masu shayarwa da shugaban masu tuya,
3 তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে।
ya kuma sa su a kurkuku a cikin gidan shugaban masu tsaro, a wannan kurkukun da aka sa Yusuf.
4 প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল।
Sai shugaban masu tsaro ya danƙa su a hannun Yusuf, ya kuwa yi musu hidima. Bayan sun jima cikin kurkuku,
5 এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল।
sai kowanne a cikin mutum biyun nan, mai riƙon kwaf da mai tuya na sarkin Masar, waɗanda aka sa a kurkuku, suka yi mafarki a dare ɗaya, kuma kowane mafarki ya kasance da fassara irin tasa.
6 ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে।
Sa’ad da Yusuf ya zo wurinsu kashegari, sai ya ga duk sun damu.
7 তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?”
Saboda haka ya tambayi hafsoshin Fir’auna, waɗanda suke a kurkuku tare da shi, a gidan maigidansa ya ce, “Me ya sa fuskokinku suke a ɓace haka?”
8 তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”
Sai suka amsa, “Mu biyu, mun yi mafarki, amma babu wani da zai fassara mana su.” Sa’an nan Yusuf ya ce musu, “Fassara ba daga Allah take zuwa ba? Ku faɗa mini mafarkanku.”
9 তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলোঁ;
Sai shugaban masu shayarwa ya faɗa wa Yusuf mafarkinsa. Ya ce masa, “A cikin mafarkina, na ga kuringa a gabana,
10 ১০ সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল।
kuma a kuringar, akwai rassa uku. Nan da nan kuringar ta yi toho, ta huda, ta kuma yi nonna har suka nuna, suka zama inabi.
11 ১১ ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।”
Kwaf Fir’auna kuwa yana a hannuna, na kuma ɗiba inabin na matse su cikin kwaf Fir’auna, na kuma sa kwaf ɗin a hannunsa.”
12 ১২ যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়।
Yusuf ya ce masa, “Ga abin da mafarkin yake nufi, ‘Rassan nan uku, kwana uku ne.
13 ১৩ তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
Cikin kwana uku, Fir’auna zai fitar da kai, yă maido da kai a matsayinka, za ka kuwa sa kwaf Fir’auna cikin hannunsa, kamar yadda ka saba yi sa’ad da kake mai riƙon kwaf nasa.
14 ১৪ তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;
Amma fa, sa’ad da kome ya zama maka da kyau, ka tuna da ni, ka kuma yi mini alheri, ka ambace ni wa Fir’auna, ka fid da ni daga wannan kurkuku.
15 ১৫ কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।”
Gama da ƙarfi ne aka ɗauke ni daga ƙasar Ibraniyawa, ko a nan ma ban yi wani abin da ya cancanci a sa ni cikin kurkuku ba.’”
16 ১৬ প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে, অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওঁ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলোঁ;
Sa’ad da shugaban masu tuya ya ga cewa Yusuf ya ba da fassara mai gamsarwa, sai ya ce, wa Yusuf, “Ni ma na yi mafarki. A kaina, akwai kwanduna uku na burodi.
17 ১৭ তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।”
A kwandon na bisa, akwai kayan iri-iri da aka toya, masu kyau domin Fir’auna, amma tsuntsaye suka ci su a kwandon da yake kaina.”
18 ১৮ তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিৰে তিনি দিন বুজায়;
Yusuf ya ce, “Ga abin da mafarkin yake nufi, ‘Kwanduna uku, kwanaki uku ne.
19 ১৯ তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।”
Cikin kwana uku, Fir’auna zai fid da kai, yă rataye ka a kan itace. Tsuntsaye kuwa za su ci naman jikinka.’”
20 ২০ পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসবোৰৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসবোৰতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে।
To, a rana ta uku ne, ranar tunawa da haihuwar Fir’auna, ya kuwa yi biki wa dukan hafsoshinsa. Ya fid da shugaban masu shayarwa da kuma shugaban masu tuya a gaban hafsoshinsa.
21 ২১ তেওঁ প্ৰধান পান-পাত্ৰ ধৰোঁতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে।
Ya mai da shugaban masu shayarwa a matsayinsa, saboda haka shugaban masu shayarwa ya sāke sa kwaf a hannun Fir’auna,
22 ২২ কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল।
amma ya rataye shugaban masu tuya, kamar dai yadda Yusuf ya faɗa musu a fassarar mafarkan da suka yi.
23 ২৩ কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।
Shugaban masu shayarwa fa, bai tuna da Yusuf ba; ya mance da shi.

< আদিপুস্তক 40 >