< আদিপুস্তক 4 >
1 ১ মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”
Afei, Adam de ne ho kaa ne yere Hawa ma ɔnyinsɛne woo abarimaa a wɔfrɛ no Kain. Na ɔkaa sɛ, Awurade adaworoma, mawo ɔbabarima.
2 ২ পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।
Akyire no, ɔsane woo nʼakyiri ɔbabarima too no edin Habel. Na Habel bɛyɛɛ odwanhwɛfoɔ, ɛnna Kain nso bɛyɛɛ okuafoɔ.
3 ৩ পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
Nna bi akyiri, Kain de nʼafuom nnɔbaeɛ bi kɔbɔɔ Awurade afɔdeɛ.
4 ৪ হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
Habel nso de ne nyɛmmoa no mu mmakan a wɔadɔre sradeɛ kɔbɔɔ Onyankopɔn afɔdeɛ. Awurade ani sɔɔ Habel afɔrebɔdeɛ no.
5 ৫ কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
Nanso Kain afɔrebɔdeɛ no deɛ, nʼani ansɔ. Asɛm no anyɛ Kain dɛ, na ne bo fuiɛ.
6 ৬ তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
Awurade bisaa Kain sɛ, “Adɛn enti na wo bo afuo? Adɛn enti na woamuna saa?
7 ৭ তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
Sɛ woyɛ ade pa a, wɔbɛgye wo atom. Sɛ wonyɛ ade pa deɛ a, ɛnneɛ, hwɛ yie. Ɛfiri sɛ, bɔne retwɛn ako atia wo, asɛe wo, nanso ɛsɛ sɛ wodi ne so.”
8 ৮ তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
Ɛda bi Kain ka kyerɛɛ ne nua Habel sɛ, “Ma yɛnkɔ afuom.” Ɛberɛ a wɔwɔ afuom hɔ no, Kain to hyɛɛ ne nua Habel so, kumm no.
9 ৯ তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
Awurade bisaa Kain sɛ, “Wo nua Habel wɔ he?” Kain buaa sɛ, “Mennim. Mɛyɛ dɛn mahunu? Me na mehwɛ me nua no so anaa?”
10 ১০ তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
Awurade bisaa Kain sɛ, “Ɛdeɛn na woayɛ yi? Tie! Wo nua mogya su firi asase so frɛ me.
11 ১১ সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা।
Seesei, wɔadome wo, apamo wo afiri asase a ɛbuee nʼano gyee wo nua mogya firii wo nsam no so.
12 ১২ এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
Sɛ woyɛ asase no so adwuma sɛ ɛdeɛn ara a, worennya nnɔbaeɛ biara mfiri so. Wobɛyɛ ɔkobɔfoɔ, akyinkyin asase so.”
13 ১৩ তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
Kain kaa sɛ, “Awurade mʼasotweɛ boro me so.
14 ১৪ আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
Ɛnnɛ, woapam me afiri asase so ne wʼanim. Mɛyɛ ɔkobɔfoɔ akyinkyin asase so na obiara a ɔbɛnya me no bɛkum me.”
15 ১৫ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
Nanso, Awurade ka kyerɛɛ no sɛ, “Ɛnte saa koraa! Obiara a ɔbɛkum Kain no bɛnya Kain asotwe no mprɛnson.” Afei, Awurade hyɛɛ Kain agyiraeɛ bi sɛdeɛ ɛbɛyɛ a, obiara a ɔbɛhyia no no renkum no.
16 ১৬ তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।
Enti, Kain dwane firii Awurade anim, kɔtenaa Nod asase so wɔ Eden apueeɛ fam.
17 ১৭ কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে।
Kain de ne ho kaa ne yere na ɔnyinsɛnee, woo ɔbabarima, too no edin Henok. Saa ɛberɛ no, Kain kyekyeree kuro bi de too ne ba Henok.
18 ১৮ হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক।
Henok woo Irad. Irad woo Mehuyael. Mehuyael woo Metusael. Metusael woo Lamek.
19 ১৯ লেমকৰ দুগৰাকী ভার্য্যা আছিল। এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা।
Lamek waree mmaa baanu a wɔn din de Ada ne Sila.
20 ২০ আদাৰ গর্ভত যাবলৰ জন্ম হ’ল; তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল।
Ada woo Yabal a nʼasefoɔ yɛ wɔn a wɔte ntomadan mu yɛn mmoa.
21 ২১ তেওঁৰ ভায়েকৰ নাম আছিল যুবল; তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল।
Na Yabal nuabarima din de Yubal a nʼasefoɔ yɛ mmɛnhyɛnfoɔ ne asankubɔfoɔ.
22 ২২ চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
Sila woo ɔbabarima a wɔfrɛ no Tubal-Kain. Na ɔyɛ kɔbere dwumfoɔ ne nnadeɛ ahodoɔ nyinaa atomfoɔ agya. Na Tubal-Kain wɔ nuabaa bi a ne din de Naama.
23 ২৩ লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ।
Ɛda bi Lamek ka kyerɛɛ ne yerenom Ada ne Sila sɛ, “Montie me, me yerenom makum aberanteɛ bi a, ɔto hyɛɛ me so, piraa me.
24 ২৪ কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।”
Sɛ Kain so aweretɔ bɛyɛ mprɛnson a, ɛnneɛ, me Lamek, deɛ ɔbɛkum me no, nʼasotwe bɛyɛ mpɛn aduɔson nson.”
25 ২৫ পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।”
Akyire yi, Adam de ne ho kaa ne yere Hawa. Na ɔwoo ɔbabarima bio. Na wɔtoo no edin Set kaa sɛ, “Onyankopɔn ama me ɔba foforɔ asi Habel a Kain kumm no no ananmu.”
26 ২৬ পাছত চেথৰো এটি পুত্ৰ জন্মিল। তেওঁ তেওঁৰ নাম ইনোচ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে।
Set nso woo ɔbabarima na ɔtoo no edin Enos. Saa ɛberɛ no mu na nnipa hyɛɛ aseɛ bɔɔ Awurade edin.