< আদিপুস্তক 39 >
1 ১ যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল।
१जब यूसुफ मिस्र में पहुँचाया गया, तब पोतीपर नामक एक मिस्री ने, जो फ़िरौन का हाकिम, और अंगरक्षकों का प्रधान था, उसको इश्माएलियों के हाथ से जो उसे वहाँ ले गए थे, मोल लिया।
2 ২ যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
२यूसुफ अपने मिस्री स्वामी के घर में रहता था, और यहोवा उसके संग था; इसलिए वह सफल पुरुष हो गया।
3 ৩ যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।
३और यूसुफ के स्वामी ने देखा, कि यहोवा उसके संग रहता है, और जो काम वह करता है उसको यहोवा उसके हाथ से सफल कर देता है।
4 ৪ যোচেফে পোটিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁ তেওঁৰ ব্যক্তিগত পৰিচাৰক হ’ল; তাতে পোটিফৰে যোচেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি যি আছিল, সেই সকলোৰে দেখা-শুনাৰ ভাৰও তেওঁৰ অধীনত দিলে।
४तब उसकी अनुग्रह की दृष्टि उस पर हुई, और वह उसकी सेवा टहल करने के लिये नियुक्त किया गया; फिर उसने उसको अपने घर का अधिकारी बनाकर अपना सब कुछ उसके हाथ में सौंप दिया।
5 ৫ যোচেফক তেওঁ নিজ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পতাৰ পাছৰ পৰাই যোচেফৰ কাৰণে যিহোৱাই সেই মিচৰীয়ৰ ঘৰক আশীৰ্ব্বাদ কৰিলে; তাতে পোটিফৰৰ ঘৰ-বাৰী আৰু খেতি-পথাৰ সকলোৰে ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে।
५जब से उसने उसको अपने घर का और अपनी सारी सम्पत्ति का अधिकारी बनाया, तब से यहोवा यूसुफ के कारण उस मिस्री के घर पर आशीष देने लगा; और क्या घर में, क्या मैदान में, उसका जो कुछ था, सब पर यहोवा की आशीष होने लगी।
6 ৬ সেয়ে পোটিফৰে নিজৰ সৰ্ব্বস্ব যোচেফৰ তত্বাৱধানত শোধাই দিলে। কেৱল নিজৰ খোৱা আহাৰৰ বাহিৰে পোটিফৰে আৰু আন একো চিন্তা নকৰিছিল। গঠণত যোচেফ সুন্দৰ আৰু দেখনীয়া আছিল।
६इसलिए उसने अपना सब कुछ यूसुफ के हाथ में यहाँ तक छोड़ दिया कि अपने खाने की रोटी को छोड़, वह अपनी सम्पत्ति का हाल कुछ न जानता था। यूसुफ सुन्दर और रूपवान था।
7 ৭ কিছুদিনৰ পাছতে, যোচেফৰ ওপৰত তেওঁৰ প্ৰভুৰ ভার্য্যাৰ দৃষ্টি পৰিল। তেওঁ যোচেফক ক’লে, “মোৰ লগত শয়ন কৰাহি।”
७इन बातों के पश्चात् ऐसा हुआ, कि उसके स्वामी की पत्नी ने यूसुफ की ओर आँख लगाई और कहा, “मेरे साथ सो।”
8 ৮ কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে।
८पर उसने अस्वीकार करते हुए अपने स्वामी की पत्नी से कहा, “सुन, जो कुछ इस घर में है मेरे हाथ में है; उसे मेरा स्वामी कुछ नहीं जानता, और उसने अपना सब कुछ मेरे हाथ में सौंप दिया है।
9 ৯ এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”
९इस घर में मुझसे बड़ा कोई नहीं; और उसने तुझे छोड़, जो उसकी पत्नी है; मुझसे कुछ नहीं रख छोड़ा; इसलिए भला, मैं ऐसी बड़ी दुष्टता करके परमेश्वर का अपराधी क्यों बनूँ?”
10 ১০ পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল।
१०और ऐसा हुआ कि वह प्रतिदिन यूसुफ से बातें करती रही, पर उसने उसकी न मानी कि उसके पास लेटे या उसके संग रहे।
11 ১১ এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল।
११एक दिन क्या हुआ कि यूसुफ अपना काम-काज करने के लिये घर में गया, और घर के सेवकों में से कोई भी घर के अन्दर न था।
12 ১২ পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।
१२तब उस स्त्री ने उसका वस्त्र पकड़कर कहा, “मेरे साथ सो,” पर वह अपना वस्त्र उसके हाथ में छोड़कर भागा, और बाहर निकल गया।
13 ১৩ তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি,
१३यह देखकर कि वह अपना वस्त्र मेरे हाथ में छोड़कर बाहर भाग गया,
14 ১৪ তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ;
१४उस स्त्री ने अपने घर के सेवकों को बुलाकर कहा, “देखो, वह एक इब्री मनुष्य को हमारा तिरस्कार करने के लिये हमारे पास ले आया है। वह तो मेरे साथ सोने के मतलब से मेरे पास अन्दर आया था और मैं ऊँचे स्वर से चिल्ला उठी।
15 ১৫ মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”
१५और मेरी बड़ी चिल्लाहट सुनकर वह अपना वस्त्र मेरे पास छोड़कर भागा, और बाहर निकल गया।”
16 ১৬ যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে।
१६और वह उसका वस्त्र उसके स्वामी के घर आने तक अपने पास रखे रही।
17 ১৭ পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল;
१७तब उसने उससे इस प्रकार की बातें कहीं, “वह इब्री दास जिसको तू हमारे पास ले आया है, वह मुझसे हँसी करने के लिये मेरे पास आया था;
18 ১৮ কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”
१८और जब मैं ऊँचे स्वर से चिल्ला उठी, तब वह अपना वस्त्र मेरे पास छोड़कर बाहर भाग गया।”
19 ১৯ যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল।
१९अपनी पत्नी की ये बातें सुनकर कि तेरे दास ने मुझसे ऐसा-ऐसा काम किया, यूसुफ के स्वामी का कोप भड़का।
20 ২০ সেয়ে, তেওঁ যোচেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয়, তেওঁক সেই কাৰাগাৰত আটক কৰি থলে; তাতে তেওঁ কাৰাগাৰতে থাকিল।
२०और यूसुफ के स्वामी ने उसको पकड़कर बन्दीगृह में, जहाँ राजा के कैदी बन्द थे, डलवा दिया; अतः वह उस बन्दीगृह में रहा।
21 ২১ কিন্তু যিহোৱা যোচেফৰ সংগে সংগে আছিল আৰু তেওঁ যোচেফৰ প্রতি অংগীকাৰযুক্ত বিশ্বস্ততা দেখুৱাইছিল। যিহোৱাই তেওঁক কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে।
२१पर यहोवा यूसुफ के संग-संग रहा, और उस पर करुणा की, और बन्दीगृह के दरोगा के अनुग्रह की दृष्टि उस पर हुई।
22 ২২ তাতে অধ্যক্ষই কাৰাগাৰত থকা সকলো বন্দীবোৰক যোচেফৰ তত্বাৱধানত শোধাই দিলে; তেতিয়া সিহঁতে তাত কৰা সকলো কাৰ্য যোচেফৰ পৰিচালনাত হৈছিল।
२२इसलिए बन्दीगृह के दरोगा ने उन सब बन्दियों को, जो कारागार में थे, यूसुफ के हाथ में सौंप दिया; और जो-जो काम वे वहाँ करते थे, वह उसी की आज्ञा से होता था।
23 ২৩ যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষ চিন্তিত নাছিল; কাৰণ যিহোৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কার্যকে যিহোৱাই সফল কৰিছিল।
२३यूसुफ के वश में जो कुछ था उसमें से बन्दीगृह के दरोगा को कोई भी वस्तु देखनी न पड़ती थी; क्योंकि यहोवा यूसुफ के साथ था; और जो कुछ वह करता था, यहोवा उसको उसमें सफलता देता था।