< আদিপুস্তক 38 >
1 ১ পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।
१उन्हीं दिनों में ऐसा हुआ कि यहूदा अपने भाइयों के पास से चला गया, और हीरा नामक एक अदुल्लामवासी पुरुष के पास डेरा किया।
2 ২ সেই ঠাইত যিহূদাই চুৱা নামৰ কোনো এজন কনানীয়া মানুহৰ ছোৱালীক দেখা পাই তেওঁ সেই ছোৱালীজনীক বিয়া কৰিলে আৰু তাইৰ সৈতে শয়ন কৰিলে।
२वहाँ यहूदा ने शूआ नामक एक कनानी पुरुष की बेटी को देखा; और उससे विवाह करके उसके पास गया।
3 ৩ পাছত তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু ল’ৰাটিৰ নাম এৰ ৰাখিলে।
३वह गर्भवती हुई, और उसके एक पुत्र उत्पन्न हुआ; और यहूदा ने उसका नाम एर रखा।
4 ৪ পুনৰায় তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ওনন ৰাখিলে।
४और वह फिर गर्भवती हुई, और उसके एक पुत्र और उत्पन्न हुआ; और उसका नाम ओनान रखा गया।
5 ৫ তাই পুনৰ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তাৰ নাম চেলা ৰাখিলে; তাই এই পুত্র কজীবত থকাৰ সময়ত প্ৰসৱ কৰিলে।
५फिर उसके एक पुत्र और उत्पन्न हुआ, और उसका नाम शेला रखा गया; और जिस समय इसका जन्म हुआ उस समय यहूदा कजीब में रहता था।
6 ৬ পাছত যিহূদাই তেওঁৰ জেষ্ঠ্য পুত্ৰ এৰৰ লগত তামাৰ নামেৰে এজনী ছোৱালীক বিয়া কৰাই দিলে।
६और यहूदा ने तामार नामक एक स्त्री से अपने जेठे एर का विवाह कर दिया।
7 ৭ কিন্তু যিহূদাৰ জ্যেষ্ঠ পুত্ৰ এৰ যিহোৱাৰ দৃষ্টিত দুষ্ট হোৱাত যিহোৱাই তাক বিনষ্ট কৰিলে।
७परन्तु यहूदा का वह जेठा एर यहोवा के लेखे में दुष्ट था, इसलिए यहोवा ने उसको मार डाला।
8 ৮ তেতিয়া যিহূদাই ওননক ক’লে, “তুমি তোমাৰ ককায়েৰাৰ ভার্য্যাক বিয়া কৰোঁৱা। দেওৰেক হিচাবে তুমি তাইলৈ কৰিবলগীয়া কর্তব্য কৰা আৰু তোমাৰ ককায়েৰাৰ বংশ বৃদ্ধি কৰা।”
८तब यहूदा ने ओनान से कहा, “अपनी भौजाई के पास जा, और उसके साथ देवर का धर्म पूरा करके अपने भाई के लिये सन्तान उत्पन्न कर।”
9 ৯ কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে।
९ओनान तो जानता था कि सन्तान मेरी न ठहरेगी; इसलिए ऐसा हुआ कि जब वह अपनी भौजाई के पास गया, तब उसने भूमि पर वीर्य गिराकर नाश किया, जिससे ऐसा न हो कि उसके भाई के नाम से वंश चले।
10 ১০ তেওঁ কৰা কার্য্য যিহোৱাৰ দৃষ্টিত দুষ্টতা আছিল। সেয়ে যিহোৱাই তেওঁকো বিনষ্ট কৰিলে।
१०यह काम जो उसने किया उससे यहोवा अप्रसन्न हुआ और उसने उसको भी मार डाला।
11 ১১ তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
११तब यहूदा ने इस डर के मारे कि कहीं ऐसा न हो कि अपने भाइयों के समान शेला भी मरे, अपनी बहू तामार से कहा, “जब तक मेरा पुत्र शेला सयाना न हो जाए तब तक अपने पिता के घर में विधवा ही बैठी रह।” इसलिए तामार अपने पिता के घर में जाकर रहने लगी।
12 ১২ পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ মেৰ-ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল।
१२बहुत समय के बीतने पर यहूदा की पत्नी जो शूआ की बेटी थी, वह मर गई; फिर यहूदा शोक के दिन बीतने पर अपने मित्र हीरा अदुल्लामवासी समेत अपनी भेड़-बकरियों का ऊन कतरनेवालों के पास तिम्नाह को गया।
13 ১৩ তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।”
१३और तामार को यह समाचार मिला, “तेरा ससुर अपनी भेड़-बकरियों का ऊन कतराने के लिये तिम्नाह को जा रहा है।”
14 ১৪ তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰমুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।
१४तब उसने यह सोचकर कि शेला सयाना तो हो गया पर मैं उसकी स्त्री नहीं होने पाई; अपना विधवापन का पहरावा उतारा और घूँघट डालकर अपने को ढाँप लिया, और एनैम नगर के फाटक के पास, जो तिम्नाह के मार्ग में है, जा बैठी।
15 ১৫ তেতিয়া যিহূদাই তাইক দেখি বেশ্যা বুলি জানিলে; কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল।
१५जब यहूदा ने उसको देखा, उसने उसको वेश्या समझा; क्योंकि वह अपना मुँह ढाँपे हुए थी।
16 ১৬ তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?”
१६वह मार्ग से उसकी ओर फिरा, और उससे कहने लगा, “मुझे अपने पास आने दे,” (क्योंकि उसे यह मालूम न था कि वह उसकी बहू है।) और वह कहने लगी, “यदि मैं तुझे अपने पास आने दूँ, तो तू मुझे क्या देगा?”
17 ১৭ তেওঁ ক’লে, “মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম।” তাতে তাই ক’লে, “তাক পঠাই নিদিয়েমানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে?”
१७उसने कहा, “मैं अपनी बकरियों में से बकरी का एक बच्चा तेरे पास भेज दूँगा।” तब उसने कहा, “भला उसके भेजने तक क्या तू हमारे पास कुछ रेहन रख जाएगा?”
18 ১৮ যিহূদাই ক’লে, “কি বন্ধক ৰাখিম?” তাই ক’লে, “জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক।” তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে; তাৰফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ’ল।
१८उसने पूछा, “मैं तेरे पास क्या रेहन रख जाऊँ?” उसने कहा, “अपनी मुहर, और बाजूबन्द, और अपने हाथ की छड़ी।” तब उसने उसको वे वस्तुएँ दे दीं, और उसके पास गया, और वह उससे गर्भवती हुई।
19 ১৯ পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে।
१९तब वह उठकर चली गई, और अपना घूँघट उतारकर अपना विधवापन का पहरावा फिर पहन लिया।
20 ২০ যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।
२०तब यहूदा ने बकरी का बच्चा अपने मित्र उस अदुल्लामवासी के हाथ भेज दिया कि वह रेहन रखी हुई वस्तुएँ उस स्त्री के हाथ से छुड़ा ले आए; पर वह स्त्री उसको न मिली।
21 ২১ তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”
२१तब उसने वहाँ के लोगों से पूछा, “वह देवदासी जो एनैम में मार्ग की एक ओर बैठी थी, कहाँ है?” उन्होंने कहा, “यहाँ तो कोई देवदासी न थी।”
22 ২২ তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।”
२२इसलिए उसने यहूदा के पास लौटकर कहा, “मुझे वह नहीं मिली; और उस स्थान के लोगों ने कहा, ‘यहाँ तो कोई देवदासी न थी।’”
23 ২৩ যিহূদাই ক’লে, “তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতে থাকক, নহলে আমাক লাজত পেলাব; মইতো ছাগলী পোৱালি পঠায়েই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা।”
२३तब यहूदा ने कहा, “अच्छा, वह बन्धक उसी के पास रहने दे, नहीं तो हम लोग तुच्छ गिने जाएँगे; देख, मैंने बकरी का यह बच्चा भेज दिया था, पर वह तुझे नहीं मिली।”
24 ২৪ ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
२४लगभग तीन महीने के बाद यहूदा को यह समाचार मिला, “तेरी बहू तामार ने व्यभिचार किया है; वरन् वह व्यभिचार से गर्भवती भी हो गई है।” तब यहूदा ने कहा, “उसको बाहर ले आओ कि वह जलाई जाए।”
25 ২৫ পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।”
२५जब उसे बाहर निकाला जा रहा था, तब उसने, अपने ससुर के पास यह कहला भेजा, “जिस पुरुष की ये वस्तुएँ हैं, उसी से मैं गर्भवती हूँ,” फिर उसने यह भी कहलाया, “पहचान तो सही कि यह मुहर, और बाजूबन्द, और छड़ी किसकी हैं।”
26 ২৬ তেতিয়া যিহূদাই সেইবোৰ চিনি পাই ক’লে, “তাই মোৰ তুলনাত অধিক ধাৰ্মিক; কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ।” তাৰ পিছত যিহূদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে।
२६यहूदा ने उन्हें पहचानकर कहा, “वह तो मुझसे कम दोषी है; क्योंकि मैंने उसका अपने पुत्र शेला से विवाह न किया।” और उसने उससे फिर कभी प्रसंग न किया।
27 ২৭ পাছত তাইৰ প্ৰসৱৰ কাল ওচৰ হোৱাত দেখা গ’ল তামাৰৰ গৰ্ভত এহাল যঁজা ল’ৰা আছে।
२७जब उसके जनने का समय आया, तब यह जान पड़ा कि उसके गर्भ में जुड़वे बच्चे हैं।
28 ২৮ জন্ম হওঁতে, এটা সন্তানে তাৰ হাতখন বাহিৰ কৰিলে; তেতিয়া ধাত্ৰীয়ে এডাল ৰঙা সূতা লৈ তাৰ সেই হাতত বান্ধি ক’লে, “এইটোৰ জন্ম প্ৰথমে হৈছে।”
२८और जब वह जनने लगी तब एक बालक का हाथ बाहर आया, और दाई ने लाल सूत लेकर उसके हाथ में यह कहते हुए बाँध दिया, “पहले यही उत्पन्न हुआ।”
29 ২৯ কিন্তু সি যেতিয়া নিজৰ হাতখন ভিতৰলৈ সুমুৱাই নিলে, তেতিয়াই তাৰ ভায়েক প্রথমে বাহিৰ ওলাই আহিল; তাতে ধাত্ৰীয়ে ক’লে, “তুমি কেনেকৈ ভেদ ভাঙি ওলাই আহিলা!” এই কাৰণে তেওঁৰ নাম পেৰচ ৰখা হ’ল।
२९जब उसने हाथ समेट लिया, तब उसका भाई उत्पन्न हो गया। तब उस दाई ने कहा, “तू क्यों बरबस निकल आया है?” इसलिए उसका नाम पेरेस रखा गया।
30 ৩০ পাছত হাতত ৰঙা সূতা বন্ধা তাৰ ভায়েক বাহিৰ হ’ল আৰু তাৰ নাম জেৰহ ৰাখিলে।
३०पीछे उसका भाई जिसके हाथ में लाल सूत बन्धा था उत्पन्न हुआ, और उसका नाम जेरह रखा गया।