< আদিপুস্তক 36 >
1 ১ এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
एसाव (जसलाई एदोम पनि भनिन्थ्यो) का वंशहरू यसप्रकार थिए ।
2 ২ এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
एसावले कनानीहरूबाट आफ्ना पत्नीहरू ल्याए । उनका पत्नीहरू यसप्रकार थिएः हित्ती एलोनकी छोरी आदा; हिव्वी सिबोनकी नातिनी र अनाकी छोरी ओहोलीबामा;
3 ৩ আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
र इश्माएलकी छोरी नबायोतकी बहिनी बासमत ।
4 ৪ এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
आदाले एसावबाट एलीपजलाई जन्माइन्, र बासमतले रूएललाई जन्माइन् ।
5 ৫ অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
ओहोलीबामाले येऊश, यालाम र कोरहलाई जन्माइन् । कनान देशमा जन्मेका एसावका छोराहरू यी नै थिए ।
6 ৬ পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
एसावले आफ्ना पत्नीहरू, छोराछोरीहरू, र आफ्ना घरानाका सबै सदस्यहरू, आफ्ना पाल्तु पशुहरू, अनि कनान देशमा उनले प्राप्त गरेका सबै सम्पत्तिहरू लिएर आफ्नो भाइ याकूबबाट अलग्गै अर्को देशमा गए ।
7 ৭ এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
तिनीहरू सँगै बस्नको निम्ति तिनीहरूका सम्पत्ति ज्यादै धेरै भएकाले उनले यसो गरे । तिनीहरूका पाल्तु पशुहरूका कारण तिनीहरू बसिरहेका ठाउँले तिनीहरूलाई धान्न सकेन ।
8 ৮ সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
यसैकारण एसाव (जसलाई एदोम पनि भनिन्छ) सेइरको पहाडी देशमा बसोबास गरे ।
9 ৯ চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
सेइरको पहाडी देशमा एदोमीहरूका पूर्वज अर्थात् एसावका वंशहरू यसप्रकार थिए ।
10 ১০ এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
एसावका छोराहरूका नाम यिनै थिएः एसावकी पत्नी आदाका छोरा एलीपज; एसावकी पत्नी बासमतका छोरा रूएल ।
11 ১১ ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
एलीपजका छोराहरू तेमान, ओमार, सपो, गाताम, र कनज थिए ।
12 ১২ এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
एसावका छोरा एलीपजकी उपपत्नी तीम्नले अमालेकलाई जन्माइन् । एसावकी पत्नी आदाका नातिहरू यी नै थिए ।
13 ১৩ ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
रूएलका छोराहरू यस प्रकार थिए: नहत, जेरह, शम्मा र मिज्जा । एसावकी पत्नी बासमतका नातिहरू यी नै थिए ।
14 ১৪ চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
एसावकी पत्नी, अनाकी छोरी र सिबोनकी नातिनी ओहोलीबामाका छोराहरू यी नै थिए । तिनले एसावबाट येऊश, यालाम र कोरह जन्माइन् ।
15 ১৫ এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
एसावका वंशहरूमा नजिकका घरानाहरू यिनै थिए: एसावका जेठा छोरा एलीपजका छोराहरूः तेमान, ओमार, सपो, कनज,
16 ১৬ কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
कोरह, गाताम र अमालेक । एदोम देशमा एलीपजबाट जन्मेका नजिकका घरानाहरू यी नै थिए ।
17 ১৭ এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
एसावका छोरा रूएलका नजिकका घरानाहरू यिनै थिएः नहत, जेरह, शम्मा र मिज्जा । एदोम देशमा रूएलबाट जन्मेका नजिकका घरानाहरू यी नै थिए । ती एसावकी पत्नी बासमतका नातिहरू थिए ।
18 ১৮ এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
एसावकी पत्नी ओहोलीबामाबाट जन्मेका नजिकका घरानाहरू यी नै थिएः येऊश, यालाम र कोरह । अनाकी छोरी एसावकी पत्नी ओहोलीबामाबाट जन्मेका नजिकका घरानाहरू यी नै हुन् ।
19 ১৯ এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
एसावका छोराहरू यी नै थिए, र तिनीहरूका नजिकका घरानाहरू यी नै हुन् ।
20 ২০ সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
होरी सेइरका छोराहरू यी नै थिएः लोतान, शोबाल, सिबोन, अना,
21 ২১ দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
दीशोन, एसेर र दीशान जो त्यस देशका बासिन्दाहरू थिए । एदोमको देशमा सेइरबाट जन्मेका बासिन्दा होरीहरूका नजिकका घरानाहरू यी नै थिए ।
22 ২২ লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
लोतानका छोराहरू होरी र हेमान थिए, र तीम्न लोतानकी बहिनी थिइन् ।
23 ২৩ চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
शोबालका छोराहरू यिनै थिएः अल्बान, मानहत, एबाल, शपो र ओनाम ।
24 ২৪ চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে।
सिबोनका छोराहरू यिनै थिएः अय्या र अना । आफ्ना बुबा सिबोनका गधाहरू चराउँदै गर्दा मरुभूमिमा तातो पानीको मूल भेट्टाउने अना यिनी नै हुन् ।
25 ২৫ এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
अनाका छोराछोरीहरू यी थिएः दीशोन र अनाकी छोरी ओहोलीबामा ।
26 ২৬ দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।
दीशोनका छोराहरू यी थिएः हेमदान, एश्बान, यित्रान र करान ।
27 ২৭ এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
एसेरका छोराहरू यी थिएः बिल्हान, जावान र अकान ।
28 ২৮ দীচনৰ পুত্ৰ উচ আৰু অৰান।
दीशानका छोराहरू यी थिएः ऊज र आरान ।
29 ২৯ হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
होरीहरूका नजिकका घरानाहरू यी थिए: लोतान, शोबाल, सिबोन, अना,
30 ৩০ দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
दीशोन, एसेर र दीशान । सेइर देशमा तिनीहरूका नजिकका घरानाहरूको सूचीअनुसारका होरीहरूका नजिकका घरानाहरू यी नै थिए ।
31 ৩১ ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
इस्राएलीहरूमाथि कुनै राजाले शासन गर्नुअगि एदोम देशमा राज्य गर्ने राजाहरू यी नै थिए ।
32 ৩২ বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
बओरका छोरा बेलाले एदोममा राज्य गरे, र उनको सहरको नाम दिन्हावा थियो ।
33 ৩৩ বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
बेलाको मृत्युपछि बोज्रामा बसोबास गर्ने जेरहका छोरा योबाबले उनको स्थानमा राज्य गरे ।
34 ৩৪ যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
योबाबको मृत्युपछि तेमानीहरूको देशमा बसोबास गर्ने हुशामले उनको स्थानमा राज्य गरे ।
35 ৩৫ হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
हुशामको मृत्युपछि बददका छोरा हददले उनको स्थानमा राज्य गरे जसले मोआब देशमा मिद्यानीहरूलाई परास्त गरेका थिए । उनको सहरको नाम अवीत थियो ।
36 ৩৬ যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
हददको मृत्युपछि मस्रेकामा बसोबास गर्ने सम्लाले उनको स्थानमा राज्य गरे ।
37 ৩৭ চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
सम्लाको मृत्युपछि यूफ्रेटिस नदीको किनारमा रहेको रहोबोतमा बसोबास गर्ने शौलले उनको स्थानमा राज्य गरे ।
38 ৩৮ চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
शौलको मृत्युपछि, अक्बोरका छोरा बाल-हानानले उनको स्थानमा राज्य गरे ।
39 ৩৯ অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
अक्बोरका छोरा बाल-हानानको मृत्युपछि हदरले उनको स्थानमा राज्य गरे । उनको सहरको नाम पाऊ थियो । उनकी पत्नीको नाम महेतबेल थियो । तिनी मत्रेदकी छोरी र मे-जाहाबकी नातिनी थिइन् ।
40 ৪০ এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
एसावका वंशहरूबाट तिनीहरूका नजिकका घराना र क्षेत्रहरू, र तिनीहरूका नामहरूअनुसार नजिकका घरानाहरूका मुखियाहरूका नाम यी थिएः तीम्न, अल्वा, यतेत,
41 ৪১ অহলীবামা, এলা, পীনোন,
ओहोलीबामा, एलाह, पीनोन,
43 ৪৩ মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।
मग्दीएल र ईराम । तिनीहरूका देशमा तिनीहरूका बसोबासअनुसारका एदोमका नजिकका घरानाका मुखियाहरू यी नै थिए । एदोमीहरूका पिता एसाव यिनी नै थिए ।