< আদিপুস্তক 35 >
1 ১ তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”
Und Gott sprach zu Jakob: Mache dich auf, ziehe hinauf nach Bethel und wohne daselbst, und mache daselbst einen Altar dem Gott, der dir erschienen ist, als du vor deinem Bruder Esau flohest.
2 ২ তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।
Da sprach Jakob zu seinem Hause und zu allen, die bei ihm waren: Tut die fremden Götter hinweg, die in eurer Mitte sind, und reiniget euch und wechselt eure Kleider;
3 ৩ তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।”
und wir wollen uns aufmachen und nach Bethel hinaufziehen, und ich werde daselbst einen Altar machen dem Gott, der mir geantwortet hat am Tage meiner Drangsal und mit mir gewesen ist auf dem Wege, den ich gewandelt bin.
4 ৪ তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
Und sie gaben Jakob alle fremden Götter, die in ihrer Hand, und die Ringe, die in ihren Ohren waren, und Jakob vergrub sie unter der Terebinthe, die bei Sichem ist.
5 ৫ পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।
Und sie brachen auf. Und der Schrecken Gottes kam über die Städte, die rings um sie her waren, so daß sie den Söhnen Jakobs nicht nachjagten.
6 ৬ এইদৰে যাকোব আৰু তেওঁৰ লগত থকা আনসকলো কনান দেশৰ লুজ নগৰ অৰ্থাৎ বৈৎএল গৈ পালে।
Und Jakob kam nach Lus, welches im Lande Kanaan liegt, das ist Bethel, er und alles Volk, das bei ihm war.
7 ৭ তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।
Und er baute daselbst einen Altar und nannte den Ort El-Bethel: denn Gott hatte sich ihm daselbst geoffenbart, als er vor seinem Bruder floh.
8 ৮ ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।
Und Debora, die Amme Rebekkas, starb, und sie wurde begraben unterhalb Bethel unter der Eiche; und man gab ihr den Namen Allon Bakuth.
9 ৯ পদ্দন-অৰামৰ পৰা যাকোব উভটি অহাৰ পাছত, ঈশ্বৰে তেওঁক পুনৰায় দৰ্শন দি আশীৰ্ব্বাদ কৰিলে।
Und Gott erschien dem Jakob wiederum, als er aus Paddan-Aram kam, und segnete ihn.
10 ১০ ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।
Und Gott sprach zu ihm: Dein Name ist Jakob; dein Name soll hinfort nicht Jakob heißen, sondern Israel soll dein Name sein. Und er gab ihm den Namen Israel.
11 ১১ ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতি সমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব।
Und Gott sprach zu ihm: Ich bin Gott, der Allmächtige, sei fruchtbar und mehre dich; eine Nation und ein Haufe von Nationen soll aus dir werden, und Könige sollen aus deinen Lenden hervorkommen.
12 ১২ মই অব্ৰাহাম আৰু ইচহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবী-বংশকো দিম।”
Und das Land, das ich Abraham und Isaak gegeben habe, dir will ich es geben, und deinem Samen nach dir will ich das Land geben.
13 ১৩ ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ’ল।
Und Gott fuhr von ihm auf an dem Orte, wo er mit ihm geredet hatte.
14 ১৪ যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে।
Und Jakob richtete ein Denkmal auf an dem Orte, wo er mit ihm geredet hatte, ein Denkmal von Stein, und spendete darauf ein Trankopfer und goß Öl darauf.
15 ১৫ ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম যাকোবে বৈৎএল ৰাখিলে।
Und Jakob gab dem Orte, woselbst Gott mit ihm geredet hatte, den Namen Bethel.
16 ১৬ তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে।
Und sie brachen auf von Bethel. Und es war noch eine Strecke Landes, um nach Ephrath zu kommen, da gebar Rahel, und es wurde ihr schwer bei ihrem Gebären.
17 ১৭ প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।”
Und es geschah, als es ihr schwer wurde bei ihrem Gebären, da sprach die Hebamme zu ihr: Fürchte dich nicht, denn auch dieser ist dir ein Sohn!
18 ১৮ কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে।
Und es geschah, als ihre Seele ausging (denn sie starb), da gab sie ihm den Namen Benoni; sein Vater aber nannte ihn Benjamin.
19 ১৯ ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।
Und Rahel starb und wurde begraben an dem Wege nach Ephrath, das ist Bethlehem.
20 ২০ যাকোবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাবে সেই ঠাইত আছে।
Und Jakob richtete über ihrem Grabe ein Denkmal auf, das ist das Grabmal Rahels bis auf diesen Tag.
21 ২১ তাৰ পাছত ইস্ৰায়েলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে।
Und Israel brach auf und schlug sein Zelt auf jenseit von Migdal-Heder.
22 ২২ ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।
Und es geschah, als Israel in jenem Lande wohnte, da ging Ruben hin und lag bei Bilha, dem Kebsweibe seines Vaters. Und Israel hörte es. Und der Söhne Jakobs waren zwölf.
23 ২৩ লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
Die Söhne Leas: Ruben, der Erstgeborene Jakobs, und Simeon und Levi und Juda und Issaschar und Sebulon.
24 ২৪ ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন।
Die Söhne Rahels: Joseph und Benjamin.
25 ২৫ ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী।
Die Söhne Bilhas, der Magd Rahels: Dan und Naphtali.
26 ২৬ লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
Und die Söhne Silpas, der Magd Leas: Gad und Aser. Das sind die Söhne Jakobs, welche ihm in Paddan-Aram geboren wurden.
27 ২৭ শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।
Und Jakob kam zu seinem Vater Isaak nach Mamre, nach Kirjath-Arba, das ist Hebron, woselbst Abraham und Isaak als Fremdlinge geweilt hatten.
28 ২৮ ইচহাক এশ আশী বছৰ জীয়াই আছিল।
Und die Tage Isaaks waren hundertachtzig Jahre.
29 ২৯ ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।
Und Isaak verschied und starb und wurde versammelt zu seinen Völkern, alt und der Tage satt. Und Esau und Jakob, seine Söhne, begruben ihn.