< আদিপুস্তক 34 >
1 ১ লেয়াৰ গৰ্ভত দীনা নামেৰে যাকোবৰ যিগৰাকী ছোৱালীৰ জন্ম হৈছিল, তাই এদিন সেই ঠাইৰ ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল।
Basi Dina, Binti wa Lea aliyemzalia Yakobo, akaenda kuwaona wasichana wa nchi.
2 ২ তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
Shekemu mwana wa Hamori Mhivi, mwana mfalme wa nchi, akamwona na akamkamata kwa nguvu na kulala naye.
3 ৩ চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল।
Akavutiwa na Dina, binti Yakobo. Akampenda msichana na kuongea naye kwa upole.
4 ৪ চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক।”
Shekemu akamwambia Hamori baba yeke, kusema, “Nipe msichana huyu kuwa mke wangu.”
5 ৫ জীয়েক দীনাক যে সেই ল’ৰাজনে বেয়া ব্যৱহাৰ কৰিলে, যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল।
Basi Yakobo akasikia kwamba alikuwa amemchafua Dina binti yake. Wanawe walikuwa pamoja na wanyama uwandani, hivyo Yakaobo akawangoja hata walipokuja.
6 ৬ চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল।
Hamori baba wa Shekemu akaenda kuongea na Yakobo.
7 ৭ এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।
Wana wa Yakobo waliposikia neno hili wakaja kutoka uwandani. Watu hawa walichukizwa sana. Walikasirika sana kwa sababu alikuwa amemwaibisha Israeli kwa kumlazimisha binti wa Yakobo, kwa maana jambo kama hilo halikupasa kutendeka.
8 ৮ হমোৰে তেওঁলোক সকলোকে ক’লে, “মোৰ পুত্র চিখিমে আপোনালোকৰ ছোৱালীক ভাল পায়। অনুগ্রহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক।
Hamori akaongea nao, akisema, “Shekemu mwanangu anampenda binti yenu. Tafadhari mpeni kuwa mke wake.
9 ৯ ইয়াৰ দ্বাৰা আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ’ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব।
Mwoane nasi, tupeni binti zenu, na mjichukulie binti zetu kwa ajili yenu wenyewe.
10 ১০ আপোনালোকে আমাৰ মাজতে বাস কৰক। আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে; ইয়াতেই থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্য্যৱন্ত হওঁক।”
Mtaishi nasi, na nchi itakuwa wazi kwa ajili yenu kufanya biashara humo, na kupata mali.”
11 ১১ চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম।
Shekemu akamwambia baba yake na ndugu zake, “Na nione kibari machoni penu, na chochote mtakachoniambia nitatoa.
12 ১২ বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।”
Niambieni kiasi kikubwa chochote cha mahari na zawadi kama mtakavyo, nami nitatoa chochote msemacho, lakini mnipe msichana kuwa mke wangu.”
13 ১৩ যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।
Wana wa Yakobo wakamjibu Shekemu na Hamori baba yake kwa hila, kwa sababu Shekemu alikuwa amemnajisi Dina dada yao.
14 ১৪ তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়।
Wakawambia, “Hatuwezi kufanya jambo hili, kumpa dada yetu mtu yeyote ambaye hajatailiwa; kwani hiyo ni aibu kwetu.
15 ১৫ কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব।
Kwa sharti hili peke yake tutakubaliana nanyi: iwapo mtatailiwa kama sisi, ikiwa kila mtu mme miongoni mwenu atatailiwa.
16 ১৬ তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম।
Ndipo tutakapowapa binti zetu, nasi tutachukua binti zenu kwetu sisi wenyewe, na tutaishi nanyi na kuwa wamoja.
17 ১৭ কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।”
Lakini kama hamtusikilizi na kutailiwa, ndipo tutakapomchukua dada yetu na kuondoka.
18 ১৮ তেওঁলোকৰ কথাত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে সন্তোষ পালে।
Maneno yao yakawafurahisha Hamori na Shekemu mwanaye.
19 ১৯ পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।
Kijana hakukawia kufanya walichokisema, kwa maana alipendezwa na binti Yakobo, na kwa sababu alikuwa mtu aliyeheshimiwa sana katika nyumba ya babaye.
20 ২০ পাছত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোক সকলৰ সৈতে কথোপকথন কৰিলে।
Hamori na Shekemu mwanaye wakaenda katika lango la mji wao na kuongea na watu wa mji, kusema,
21 ২১ তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম।
“Watu hawa wanaamani nasi, hivyo na waishi katika nchi na kufanya biashara humo kwa maana, kweli, nchi ni kubwa ya kuwatosha. Haya na tuwachukue binti zao kuwa wake, nasi tuwape binti zetu.
22 ২২ কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব।
Kwa shariti hili pekee watu hawa wanakubali kuishi nasi na kuwa wamoja: ikiwa kila mwanamme miongoni mwetu atatailiwa, kama wao.
23 ২৩ তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”
Je wanyama wao na vitu vyao - wanyama wao wote kuwa wetu? Haya na tukubaliane nao, nao wataishi kati yetu.”
24 ২৪ তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল।
Watu wote wa mji wakamsikiliza Hamori na Shekemu, mwanaye. Kila mwanamme akatailiwa.
25 ২৫ তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।
Katika siku ya tatu, walipokuwa katika maumivu bado, wawili wa wana wa Yakobo (Simoni na Lawi, kaka zake Dina), wakachukua kila mmoja upanga wake na kuushambulia mji ambao ulikuwa na uhakika wa ulinzi wake, nao wakauwa wanamme wote.
26 ২৬ তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে।
Wakamwua Hamori na Shekemu kwa makali ya upanga. Wakamchukua Dina kutoka nyumba ya Shekemu na kuondoka.
27 ২৭ ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।
Wale wana wengine wa Yakobo wakaja kwa maiti na kuuteka nyara mji, kwa sababu watu wale walikuwa wamemnajisi dada yao.
28 ২৮ নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰ-ছাগ, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল।
Wakachukua makundi yao ya kondoo, mbuzi, punda, na kila kitu ndani ya mji na viunga vyake
29 ২৯ তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে।
utajiri wote. Watoto na wake zao wote, wakawachukua. Hata wakachukua kila kitu kilichokua katika nyumba.
30 ৩০ যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
Yakobo akawambia Simoni na Lawi, “Mmeleta shida juu yangu, kunifanya ninuke kwa wenyeji wa nchi, Wakanaani na Waperizi. Mimi nina watu wachache. Ikiwa watajikusanya pamoja kinyume changu na kunishambulia.”
31 ৩১ তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”
Lakini Simoni na Lawi wakasema, “Je Shekemu alipaswa kumtendea dada yetu kama kahaba?”