< আদিপুস্তক 33 >
1 ১ তাৰ পাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তান সকলক ভাগ কৰি দিলে।
Jacob alzó los ojos y miró, y he aquí que Esaú venía, y con él cuatrocientos hombres. Repartió los niños entre Lea, Raquel y los dos criadas.
2 ২ দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তান সকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তান সকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে।
Puso a los siervos y a sus hijos al frente, a Lea y a sus hijos después, y a Raquel y a José en la retaguardia.
3 ৩ তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে।
Él mismo pasó delante de ellos y se inclinó hasta el suelo siete veces, hasta llegar cerca de su hermano.
4 ৪ তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।
Esaú corrió a su encuentro, lo abrazó, se echó a su cuello y lo besó, y lloraron.
5 ৫ পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তান সকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যাকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।”
Levantó los ojos y vio a las mujeres y a los niños, y dijo: “¿Quiénes son estos que están contigo?” Dijo: “Los hijos que Dios ha dado a tu siervo”.
6 ৬ তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তান সকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে।
Entonces las siervas se acercaron con sus hijos y se inclinaron.
7 ৭ তাৰ পাছত লেয়াই তেওঁৰ সন্তান সকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে; শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে।
También Lía y sus hijos se acercaron y se inclinaron. Después de ellos, José se acercó con Raquel, y se inclinaron.
8 ৮ এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
Esaú dijo: “¿Qué quieres decir con toda esta compañía que he conocido?” Jacob dijo: “Para encontrar el favor a los ojos de mi señor”.
9 ৯ তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।”
Esaú dijo: “Tengo suficiente, hermano mío; que lo que tienes sea tuyo”.
10 ১০ যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
Jacob dijo: “Por favor, no, si ahora he encontrado gracia ante tus ojos, recibe mi regalo de mi mano, porque he visto tu rostro, como se ve el rostro de Dios, y te has complacido en mí.
11 ১১ বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
Toma, por favor, el regalo que te he traído, porque Dios ha sido benévolo conmigo, y porque tengo bastante”. Le instó, y lo tomó.
12 ১২ পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”
Esaú dijo: “Emprendamos nuestro viaje y vayamos, y yo iré delante de ti”.
13 ১৩ যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।
Jacob le dijo: “Mi señor sabe que los niños son tiernos, y que los rebaños y las manadas que están conmigo tienen sus crías, y si un día se exceden, todos los rebaños morirán.
14 ১৪ তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”
Por favor, deja que mi señor pase delante de su siervo, y yo seguiré con suavidad, según el paso del ganado que va delante de mí y según el paso de los niños, hasta que llegue a mi señor a Seir.”
15 ১৫ এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
Esaú dijo: “Déjame ahora dejar contigo a algunos de los que están conmigo”. Dijo: “¿Por qué? Déjeme encontrar el favor a los ojos de mi señor”.
16 ১৬ পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল;
Así que Esaú regresó aquel día de camino a Seir.
17 ১৭ যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল।
Jacob viajó a Sucot, se construyó una casa e hizo refugios para su ganado. Por eso el nombre del lugar se llama Sucot.
18 ১৮ পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
Jacob llegó en paz a la ciudad de Siquem, que está en la tierra de Canaán, cuando venía de Padán Aram; y acampó ante la ciudad.
19 ১৯ পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।
Compró la parcela donde había tendido su tienda, de mano de los hijos de Hamor, padre de Siquem, por cien monedas.
20 ২০ সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে।
Levantó allí un altar y lo llamó El Elohe Israel.