< আদিপুস্তক 33 >

1 তাৰ পাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তান সকলক ভাগ কৰি দিলে।
Воззрев же Иаков очима своима, виде: и се, Исав брат его идый, и четыриста мужей с ним. И раздели Иаков дети Лии и Рахили и двум рабыням,
2 দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তান সকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তান সকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে।
и постави обе рабыни и сыны их в первых, Лию же и дети ея позади, а Рахиль и Иосифа в последних:
3 তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে।
сам же изыде первее пред ними и поклонися до земли седмижды, дондеже приближися к брату своему.
4 তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।
И притече Исав во сретение ему: и объемь его, припаде на выю его и облобыза его: и плакастася оба.
5 পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তান সকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যাকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।”
И воззрев Исав, виде жены и дети и рече: что сии тебе суть? Он же рече: дети, имиже помилова Бог раба твоего.
6 তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তান সকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে।
И приступиша рабыни и дети их и поклонишася:
7 তাৰ পাছত লেয়াই তেওঁৰ সন্তান সকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে; শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে।
и приступи Лиа и дети ея и поклонишася: посем же приступи Рахиль и Иосиф и поклонистася.
8 এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
И рече: что сия тебе суть, полцы сии вси, яже сретох? Он же рече: да обрящет раб твой благодать пред тобою, господине.
9 তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।”
Рече же Исав: суть мне многа, брате: да будут тебе твоя.
10 ১০ যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
И рече Иаков: аще обретох благодать пред тобою, приими дары от руку моею: сего ради видех лице твое, яко бы аще кто видел лице Божие: и возблаговолиши о мне:
11 ১১ বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
приими благословение мое, еже принесох тебе, яко помилова мя Бог, и суть ми вся. И принуди его, и взя.
12 ১২ পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”
И рече: воставше пойдем прямо.
13 ১৩ যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।
Рече же ему: господин мой весть, яко дети мои юны, овцы же и говяда бременны у мене: аще убо пожену я един день, измрет весь скот:
14 ১৪ তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”
да предидет господин мой пред рабом своим: аз же укреплюся на пути умедлением шествия моего, еже предо мною, и якоже возмогут ити дети, дондеже прииду к господину моему в Сиир.
15 ১৫ এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
И рече Исав: оставлю с тобою от людий сущих со мною. Он же рече: вскую сие? Довлеет, яко обретох благодать пред тобою, господине.
16 ১৬ পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল;
Возвратися же Исав в том дни путем своим в Сиир:
17 ১৭ যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল।
и Иаков пойде в Кущы, и постави себе тамо храмины, и скоту своему сотвори кущы: сего ради нарече имя месту тому Кущы.
18 ১৮ পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
И прииде Иаков в салим град Сикимск, иже есть в земли Ханаанстей, егда прииде от Месопотамии Сирския, и ста пред лицем града:
19 ১৯ পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।
и купи часть села, идеже постави кущу свою тамо, у Еммора отца Сихемля, стома агнцы:
20 ২০ সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে।
и постави тамо жертвенник, и призва Бога Израилева.

< আদিপুস্তক 33 >