< আদিপুস্তক 32 >
1 ১ পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
Jakọbu sì ń bá ọ̀nà tirẹ̀ lọ, àwọn angẹli Ọlọ́run sì pàdé rẹ̀.
2 ২ তেওঁলোকক দেখি যাকোবে ক’লে, “এইয়া ঈশ্বৰৰ শিবিৰ।” সেই কাৰণে তেওঁ সেই ঠাইৰ নাম মহনয়িম ৰাখিলে।
Nígbà tí Jakọbu rí wọn, ó wí pé, “Àgọ́ Ọlọ́run ni èyí!” Ó sì pe orúkọ ibẹ̀ ni Mahanaimu.
3 ৩ যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
Jakọbu sì rán àwọn oníṣẹ́ ṣáájú ara rẹ̀ sí Esau arákùnrin rẹ̀ ni ilẹ̀ Seiri ní orílẹ̀-èdè Edomu.
4 ৪ তেওঁ তেওঁলোকক এই বুলি আজ্ঞা দিলে, “তোমালোকে মোৰ মালিক এচৌক জনাবা যে তেওঁৰ দাস যাকোবে এই দৰে কৈ পঠাইছে, মই আজিলৈকে লাবনৰ সৈতে আছিলোঁ।।
Ó pàṣẹ fún wọn pé, “Èyí ni ẹ̀yin yóò wí fún Esau olúwa mi, Jakọbu ìránṣẹ́ rẹ̀ wí pé, ‘Mo ti ṣe àtìpó lọ́dọ̀ Labani títí ó fi di àsìkò yìí.
5 ৫ মোৰ গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী আদি পশু আৰু দাস-দাসী সকলো আছে। সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছো মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।”
Mo ní màlúù, kẹ́tẹ́kẹ́tẹ́, àgùntàn àti ewúrẹ́. Mo tún ni àwọn ìránṣẹ́kùnrin àti ìránṣẹ́bìnrin. Mo ń ránṣẹ́ yìí sí olúwa mi kí èmi le è rí ojúrere rẹ.’”
6 ৬ বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
Nígbà tí àwọn ìránṣẹ́ náà padà tọ Jakọbu wà, wọ́n wí pé “Esau arákùnrin rẹ ti múra láti wá pàdé rẹ pẹ̀lú irinwó ọkùnrin.”
7 ৭ তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁ তেওঁৰ লগত থকা লোকসকলক, গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী, উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে।
Pẹ̀lú ìbẹ̀rù àti ìbànújẹ́ ni Jakọbu fi pín àwọn ènìyàn tí ó wà lọ́dọ̀ rẹ̀ sí ìpín méjì, ó sì pín àwọn ẹran ọ̀sìn, agbo ẹran àti ìbákasẹ bẹ́ẹ̀ pẹ̀lú.
8 ৮ তেওঁ ক’লে, “এচৌৱে যদি আহি এটা দলক আক্রমণ কৰে, তেন্তে আনটো দলে পলাব পাৰিব।”
Nítorí ó rò ó nínú rẹ̀ pé, “Bí Esau bá kọjú ogun sí ìpín kan, ìpín kejì yóò sá àsálà.”
9 ৯ যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম।
Nígbà náà ni Jakọbu gbàdúrà pe, “Ọlọ́run Abrahamu baba mi, àti Ọlọ́run Isaaki baba mi, Olúwa tí ó wí fún mi pé, ‘Padà sí orílẹ̀-èdè rẹ àti sọ́dọ̀ àwọn ìbátan rẹ, èmi yóò sì ṣe ọ́ ní rere,’
10 ১০ আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল।
èmi kò tilẹ̀ yẹ fún àánú àti òtítọ́ tí o ń fihàn fún ìránṣẹ́ rẹ. Nítorí pé, kìkì ọ̀pá mi ni mo mu kúrò ni ilé kọjá Jordani yìí, ṣùgbọ́n nísinsin yìí, èmi ti di ẹgbẹ́ méjì.
11 ১১ মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব।
Jọ̀wọ́ Olúwa gbà mí lọ́wọ́ Esau arákùnrin mi, nítorí ẹ̀rù ń bà mí pé yóò wá dojú ìjà kọ mí àti àwọn ìyàwó pẹ̀lú àwọn ọmọ mi.
12 ১২ কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’”
Ṣùgbọ́n ìwọ ti ṣèlérí pé, ‘Èmi yóò mú ọ gbilẹ̀, èmi yóò sì mú kí àwọn ìran rẹ dà bì í yanrìn òkun tí ẹnikẹ́ni kò le è kà.’”
13 ১৩ যাকোবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁৰ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এচৌৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে।
Ó sì lo òru ọjọ́ náà níbẹ̀. Ó mú ẹ̀bùn fún Esau arákùnrin rẹ̀ nínú ohun ìní rẹ̀.
14 ১৪ দুশ মাইকী ছাগলী আৰু বিশটা মতা ছাগলী, দুশ মাইকী মেৰ-ছাগ আৰু বিশটা মতা মেৰ-ছাগ,
Igba ewúrẹ́, ogún òbúkọ, igba àgùntàn, ogún àgbò,
15 ১৫ পোৱালিয়ে সৈতে ত্ৰিশ জনী খিৰতী উট, চল্লিশ জনী গাই গৰু আৰু দহোটা ভতৰা গৰু, বিশ জনী গাধী আৰু দহোটা গাধ এই সকলোকে ৰাখিলে।
ọgbọ̀n abo ìbákasẹ pẹ̀lú ọmọ wọn, ogójì abo màlúù àti akọ màlúù mẹ́wàá, ogún abo kẹ́tẹ́kẹ́tẹ́ àti akọ kẹ́tẹ́kẹ́tẹ́ mẹ́wàá.
16 ১৬ সেইবোৰক জাক জাক কৰি দাসবোৰৰ হাতত শোধাই দি এই আজ্ঞা দিলে, “তোমালোক মোৰ আগেয়ে যোৱা আৰু প্রত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা।”
Ó sì fi wọ́n lé àwọn ìránṣẹ́ rẹ̀ lọ́wọ́ ní ọ̀wọ̀ọ̀wọ́, ó sì wí fún wọn pé, “Ẹ lọ ṣáájú mi, kí ẹ sì jẹ́ kí àlàfo wà láàrín ọ̀wọ́ agbo ẹran kọ̀ọ̀kan sí èkejì.”
17 ১৭ তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’
Ó pàṣẹ fún èyí tí ó ṣáájú pé, “Nígbà tí arákùnrin mi Esau bá pàdé rẹ tí ó sì béèrè ẹni tí ìwọ í ṣe àti ibi tí ìwọ ń lọ àti ẹni tí ó ni agbo ẹran tí ó wà lọ́dọ̀ rẹ,
18 ১৮ তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’”
nígbà náà ni ìwọ yóò wí pé, ‘Ti ìránṣẹ́ rẹ Jakọbu ni wọ́n. Ẹ̀bùn ni ó sì fi wọ́n ṣe fún Esau olúwa mi, òun pàápàá ń bọ̀ lẹ́yìn wa.’”
19 ১৯ এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা।
Jakọbu sì pàṣẹ bẹ́ẹ̀ gẹ́gẹ́ fún ọ̀wọ́ kejì àti ẹ̀kẹta àti àwọn tókù tí ó tẹ̀lé agbo ẹran pé, “Ohun kan ṣoṣo yìí náà ni kí ẹ sọ fún Esau nígbà tí ẹ bá pàdé rẹ̀.
20 ২০ তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”
Kí ẹ rí i dájú wí pé, ẹ sọ fún un pé, ‘Jakọbu ìránṣẹ́ rẹ̀ ń bọ̀ lẹ́yìn wa.’” Èrò Jakọbu ni láti fi àwọn ẹ̀bùn wọ̀nyí tu Esau lójú pé bóyá inú Esau yóò dùn sí òun nígbà tí àwọn bá pàdé.
21 ২১ এইদৰে তেওঁৰ আগে আগে উপহাৰবোৰ গ’ল; কিন্তু তেওঁ নিজে সেই ৰাতি তেওঁৰ ছাউনিতে থাকিল।
Nítorí náà ẹ̀bùn Jakọbu ṣáájú rẹ̀ lọ, Jakọbu pàápàá sì lo òru ọjọ́ náà nínú àgọ́.
22 ২২ সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে।
Ó sì dìde ní òru ọjọ́ náà, ó mú àwọn aya rẹ̀ méjèèjì, àwọn ìránṣẹ́bìnrin rẹ̀ méjèèjì, àti àwọn ọmọkùnrin rẹ̀ mọ́kọ̀ọ̀kànlá, wọ́n sì kọjá ní ìwọdò Jabbok.
23 ২৩ এইদৰে তেওঁৰ যি যি আছিল সেই সকলো বস্তুও তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে।
Lẹ́yìn ìgbà tí ó ti rán wọn kọjá odò tán sí òkè odò, ó sì rán àwọn ohun ìní rẹ̀ kọjá pẹ̀lú.
24 ২৪ তাতে যাকোব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পর্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে।
Ó sì ku Jakọbu nìkan, ọkùnrin kan sì bá a ja ìjàkadì títí ó fi di àfẹ̀mọ́júmọ́.
25 ২৫ সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ যাকোবক পৰাজয় কৰিব পৰা নাই, তেতিয়া তেওঁ যাকোবৰ কৰঙনৰ জোৰাত আঘাত কৰিলে; তাতে তেওঁৰ কৰঙনৰ হাড়ৰ জোৰা লৰিল।
Ṣùgbọ́n nígbà tí ọkùnrin náà rí i pé òun kò le borí Jakọbu, ó fọwọ́ kàn án ní ọ̀ọ́kán ibi tí eegun itan ti bẹ̀rẹ̀, egungun náà sì yẹ̀ kúrò lórí ike, bí ó ti ń ja ìjàkadì.
26 ২৬ পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”
Nígbà náà ni ọkùnrin náà wí fún un pé, “Jẹ́ kí ń máa lọ, nítorí ojúmọ́ ti mọ́.” Ṣùgbọ́n Jakọbu dá a lóhùn pé, “Èmi kò ní jẹ́ kí o lọ, àyàfi bí o bá súre fún mi.”
27 ২৭ পুৰুষজনে তেওঁক ক’লে, “তোমাৰ নাম কি?” তেওঁ ক’লে, “যাকোব।”
Ọkùnrin náà béèrè orúkọ rẹ̀. Ó sì wí fún un pé, “Jakọbu ni òun ń jẹ́.”
28 ২৮ পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়ে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল বুলিহে মতা হ’ব।”
Nígbà náà ni ọkùnrin náà wí pé, “Orúkọ rẹ kì yóò jẹ́ Jakọbu mọ́ bí kò ṣe Israẹli, nítorí pé ìwọ ti bá Ọlọ́run àti ènìyàn jà, o sì borí.”
29 ২৯ যাকোবে তেওঁক সুধিলে, “আপোনাৰ নামটোনো কি অনুগ্রহ কৰি মোক কওঁক।” তাতে তেওঁ ক’লে, “তুমি মোৰ নাম কিয় সুধিছা?” এই কথা কৈয়ে তেওঁ যাকোবক সেই ঠাইতে আশীৰ্ব্বাদ কৰিলে।
Jakọbu sì bẹ ọkùnrin náà pé, “Sọ orúkọ rẹ fún mi.” Ṣùgbọ́n ọkùnrin náà sá à dáhùn pé, “Èéṣe tí o ń béèrè orúkọ mi?” Lẹ́yìn náà ó súre fún Jakọbu níbẹ̀.
30 ৩০ তেতিয়া যাকোবে সেই ঠাইৰ নাম পনীয়েল ৰাখিলে। তেওঁ ক’লে, “মই ঈশ্বৰক সন্মুখা-সন্মুখিকৈ দেখা পালতো, মই জীয়াই আছোঁ।”
Jakọbu sì pe orúkọ ibẹ̀ ní Penieli pé, “Mo rí Ọlọ́run ní ojúkojú, síbẹ̀ a dá ẹ̀mí mi sí.”
31 ৩১ যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে।
Bí ó sì ti ń kọjá Penieli, oòrùn ràn bá a, ó sì ń tiro nítorí itan rẹ̀.
32 ৩২ সেই কাৰণে ইস্ৰায়েলৰ লোকসকলে আজিও কৰঙনৰ জোৰাৰ পেশীৰ মাংস নাখায়, কাৰণ সেই পুৰুষে যাকোবৰ কৰঙনৰ জোৰা লৰাই পেশীবোৰ আঘাত কৰিছিল।
Ìdí nìyí tí àwọn ọmọ Israẹli kì í fi í jẹ iṣan tí ó wà ní ọ̀ọ́kán ibi tí eegun itan ti bẹ̀rẹ̀ títí di òní olónìí, nítorí níbi iṣan náà ni a ti fọwọ́ kan ibi tí egungun itan Jakọbu ti bẹ̀rẹ̀.