< আদিপুস্তক 31 >

1 পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।”
postquam autem audivit verba filiorum Laban dicentium tulit Iacob omnia quae fuerunt patris nostri et de illius facultate ditatus factus est inclitus
2 যাকোবেও লক্ষ্য কৰিলে যে তেওঁৰ প্রতি লাবনৰ আগৰ সেই মনোভাৱ সলনি হৈছে।
animadvertit quoque faciem Laban quod non esset erga se sicut heri et nudius tertius
3 তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”
maxime dicente sibi Domino revertere in terram patrum tuorum et ad generationem tuam eroque tecum
4 তেতিয়া যাকোবে মানুহ পঠাই পথাৰত থকা নিজৰ জাকবোৰৰ ওচৰলৈ ৰাহেল আৰু লেয়াক মাতি আনিলে।
misit et vocavit Rahel et Liam in agrum ubi pascebat greges
5 যাকোবে তেওঁলোকক ক’লে, “মই লক্ষ্য কৰিছোঁ মোৰ প্রতি তোমালোকৰ পিতৃৰ মনোভাৱ সলনি হৈছে, কিন্তু মোৰ পিতৃৰ ঈশ্বৰ হ’লে মোৰ সংগে সংগে আছে।
dixitque eis video faciem patris vestri quod non sit erga me sicut heri et nudius tertius Deus autem patris mei fuit mecum
6 তোমালোকেতো জানাই যে মই মোৰ সকলো শক্তিৰে তোমালোকৰ পিতৃৰ সেৱা কার্য কৰিলোঁ।
et ipsae nostis quod totis viribus meis servierim patri vestro
7 তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে।
sed pater vester circumvenit me et mutavit mercedem meam decem vicibus et tamen non dimisit eum Deus ut noceret mihi
8 যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে।
si quando dixit variae erunt mercedes tuae pariebant omnes oves varios fetus quando vero e contrario ait alba quaeque accipies pro mercede omnes greges alba pepererunt
9 এইদৰেই ঈশ্বৰে তোমালোকৰ পিতৃৰ পশুবোৰ নি মোক দিলে।
tulitque Deus substantiam patris vestri et dedit mihi
10 ১০ এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।
postquam enim conceptus ovium tempus advenerat levavi oculos meos et vidi in somnis ascendentes mares super feminas varios et maculosos et diversorum colorum
11 ১১ তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’
dixitque angelus Dei ad me in somnis Iacob et ego respondi adsum
12 ১২ ঈশ্বৰে ক’লে, সৌৱা, চকু তুলি চোৱা, মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেইবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী; কিয়নো লাবনে তোমালৈ যি যি কৰিছে, সেই সকলোকে মই দেখিছোঁ।
qui ait leva oculos tuos et vide universos masculos ascendentes super feminas varios respersos atque maculosos vidi enim omnia quae fecit tibi Laban
13 ১৩ ময়েই বৈৎএলৰ সেই ঈশ্বৰ, যি ঠাইত তুমি স্তম্ভৰ ওপৰত তেল ঢালি মোৰ ওচৰত সঙ্কল্প কৰি প্ৰতিজ্ঞা কৰিছিলা। এতিয়া এই ঠাই এৰি তোমাৰ জন্মস্থানলৈ উলটি যোৱা।”
ego sum Deus Bethel ubi unxisti lapidem et votum vovisti mihi nunc ergo surge et egredere de terra hac revertens in terram nativitatis tuae
14 ১৪ তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে?
responderunt Rahel et Lia numquid habemus residui quicquam in facultatibus et hereditate domus patris nostri
15 ১৫ তেওঁ আমাক বিদেশীনীৰূপে গণ্য হোৱা নাই নে? কিয়নো তেওঁ আমাক বেচিলে আৰু বেচি পোৱা ধনকো তেওঁ গ্ৰাস কৰিলে।
nonne quasi alienas reputavit nos et vendidit comeditque pretium nostrum
16 ১৬ কাৰণ ঈশ্বৰে আমাৰ পিতৃৰ পৰা যি সকলো সম্পত্তি নিলে, সেই সকলোবোৰ এতিয়া নিশ্চয়ে আমাৰ আৰু আমাৰ সন্তান সকলৰ; গতিকে ঈশ্বৰে আপোনাক যি দৰে কৈছে আপুনি এতিয়া সেইদৰেই কৰক।”
sed Deus tulit opes patris nostri et nobis eas tradidit ac filiis nostris unde omnia quae praecepit fac
17 ১৭ তেতিয়া যাকোবে উঠি, তেওঁৰ সন্তান আৰু ভার্য্যা দুগৰাকীক উটত উঠালে।
surrexit itaque Iacob et inpositis liberis et coniugibus suis super camelos abiit
18 ১৮ তেওঁ পদ্দন-অৰামত উপাৰ্জিত নিজৰ পশুধনবোৰকে আদি কৰি সকলো সম্পত্তি লৈ যাত্রা আৰম্ভ কৰিলে। তেওঁ কনান দেশলৈ নিজৰ পিতৃ ইচহাকৰ ওচৰলৈ ৰাওনা হ’ল।
tulitque omnem substantiam et greges et quicquid in Mesopotamiam quaesierat pergens ad Isaac patrem suum in terram Chanaan
19 ১৯ সেই সময়ত লাবনে তেওঁৰ মেৰ-ছাগবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।
eo tempore Laban ierat ad tondendas oves et Rahel furata est idola patris sui
20 ২০ যাকোবেও তেওঁৰ যোৱাৰ কথা অৰামীয়া লাবনক নজনাই তেওঁৰ প্রতি ছলনা কৰিলে।
noluitque Iacob confiteri socero quod fugeret
21 ২১ এইদৰে যাকোবে নিজৰ সকলো বয়-বস্তু লৈ পলাই গ’ল। তেওঁ সোনকালেই নদী পাৰ হৈ গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলৰ ফালে আগবাঢ়ি গ’ল।
cumque abisset tam ipse quam omnia quae iuris eius erant et amne transmisso pergeret contra montem Galaad
22 ২২ পাছত তৃতীয় দিনা লাবনে জানিব পাৰিলে যে যাকোব পলাই গ’ল।
nuntiatum est Laban die tertio quod fugeret Iacob
23 ২৩ তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে।
qui adsumptis fratribus suis persecutus est eum diebus septem et conprehendit in monte Galaad
24 ২৪ কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।”
viditque in somnis dicentem sibi Dominum cave ne quicquam aspere loquaris contra Iacob
25 ২৫ যাকোবৰ তম্বু পাহাৰৰ ওপৰত তৰা আছিল আৰু তাতেই লাবনে গৈ যাকোবক লগ ধৰিলে। লাবন আৰু তেওঁৰ আত্মীয়স্বজনসকলেও গিলিয়দৰ পাহাৰীয়া অঞ্চলত তম্বু তৰিলে।
iamque Iacob extenderat in monte tabernaculum cum ille consecutus eum cum fratribus suis in eodem monte Galaad fixit tentorium
26 ২৬ পাছত লাবনে যাকোবক ক’লে, “তুমি এইয়া কি কৰিলা? কিয় মোক ঠগালা আৰু মোৰ ছোৱালীবোৰক যুদ্ধৰ বন্দীৰ দৰে লৈ আহিলা?
et dixit ad Iacob quare ita egisti ut clam me abigeres filias meas quasi captivas gladio
27 ২৭ কিয় চালাকি কৰি মোক নোকোৱাকৈ মনে মনে পলাই আহিলা? মোক কোৱা হ’লে আনন্দেৰে মই খঞ্জৰী আৰু বীণা-বাদ্যেৰে গান কৰি কৰি তোমালোকক বিদায় দিলোঁহেঁতেন?
cur ignorante me fugere voluisti nec indicare mihi ut prosequerer te cum gaudio et canticis et tympanis et cithara
28 ২৮ তুমি মোক মোৰ ছোৱালী আৰু নাতি-নাতিনীবোৰক বিদায় বেলাত চুমা খাবলৈকো নিদিলা। তুমি অজ্ঞানৰ দৰে কৰ্ম কৰিলা।
non es passus ut oscularer filios meos ac filias stulte operatus es et nunc
29 ২৯ তোমালোকৰ ক্ষতি কৰিবৰ ক্ষমতা মোৰ আছে, কিন্তু যোৱা ৰাতি তোমাৰ পিতৃৰ ঈশ্বৰে মোক এই কথা ক’লে, ‘সাৱধান, যাকোবক তুমি ভাল কি বেয়া একোকে নক’বা।’
valet quidem manus mea reddere tibi malum sed Deus patris vestri heri dixit mihi cave ne loquaris cum Iacob quicquam durius
30 ৩০ এতিয়া তুমি তোমাৰ পিতৃৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰাৰ কাৰণে তুমি ওলাই গৈছা; কিন্তু মোৰ দেৱ-দেৱীবোৰক কিয় চুৰ কৰি আনিলা?”
esto ad tuos ire cupiebas et desiderio tibi erat domus patris tui cur furatus es deos meos
31 ৩১ তাতে যাকোবে উত্তৰত লাবনক ক’লে, “মোৰ ভয় লাগিছিল; কিয়নো মই ভাবিছিলোঁ যে আপুনি আপোনাৰ ছোৱালীক মোৰ পৰা বলেৰে কাঢ়ি ল’ব আৰু সেইবাবে মই গোপনে পলাই আহিলোঁ।
respondit Iacob quod inscio te profectus sum timui ne violenter auferres filias tuas
32 ৩২ কিন্তু আপোনাৰ দেৱ-দেৱীবোৰক যেয়ে চুৰ কৰি আনিছে, সি জীয়াই নেথাকিব; আমাৰ বস্তুবোৰৰ মাজত যদি আপোনাৰ কিবা বস্তু আছে, তেন্তে আমাৰ উভয়ৰ আত্মীয়-স্বজনৰ সন্মুখতে তাক বিচাৰি লওঁক।” কিয়নো সেই দেৱ-দেৱীৰ মূর্তিবোৰ যে ৰাহেলে চুৰ কৰি আনিছিল, তাক যাকোবে জনা নাছিল।
quod autem furti arguis apud quemcumque inveneris deos tuos necetur coram fratribus nostris scrutare quicquid tuorum apud me inveneris et aufer haec dicens ignorabat quod Rahel furata esset idola
33 ৩৩ তেতিয়া লাবনে এটা এটাকৈ যাকোব, লেয়া আৰু দুজনী দাসীৰ তম্বুত সোমাল, কিন্তু তাত তেওঁ সেইবোৰ নাপালে; তেওঁ লেয়াৰ তম্বুৰ পৰা ওলাই ৰাহেলৰ তম্বুত সোমালগৈ।
ingressus itaque Laban tabernaculum Iacob et Liae et utriusque famulae non invenit cumque intrasset tentorium Rahelis
34 ৩৪ কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।
illa festinans abscondit idola subter stramen cameli et sedit desuper scrutantique omne tentorium et nihil invenienti
35 ৩৫ ৰাহেলে বাপেকক ক’লে, “মই আপোনাৰ আগত উঠি থিয় হ’ব নোৱাৰাৰ কাৰণে মোৰ প্ৰভু ক্রোধিত নহব। কিয়নো মোৰ মাহেকীয়া হৈছে।” সেয়ে লাবনে বিচাৰিলতো সেই মূর্তিবোৰ নাপালে।
ait ne irascatur dominus meus quod coram te adsurgere nequeo quia iuxta consuetudinem feminarum nunc accidit mihi sic delusa sollicitudo quaerentis est
36 ৩৬ তেতিয়া যাকোবৰ খং উঠিল আৰু লাবনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে। যাকোবে লাবনক ক’লে, “মোৰ অপৰাধেই বা কি আৰু মইনো কি পাপ কৰিলোঁ যে, আপুনি প্ৰজ্বলিত হৈ মোৰ পাছত খেদি আহিছে?
tumensque Iacob cum iurgio ait quam ob culpam meam et ob quod peccatum sic exarsisti post me
37 ৩৭ মোৰ সকলো বস্তু তন্নতন্নকৈ খেপিয়াই চাই আপোনাৰ ঘৰৰ কি বস্তু পালে? যদিহে পালে, তাক ইয়াত, আমাৰ উভয়ৰ আত্মীয়স্বজনৰ আগত ৰাখক যাতে তেওঁলোকে আমাৰ দুয়ো পক্ষৰে মাজত বিচাৰ কৰিব পাৰে।
et scrutatus es omnem supellectilem meam quid invenisti de cuncta substantia domus tuae pone hic coram fratribus meis et fratribus tuis et iudicent inter me et te
38 ৩৮ মই আপোনাৰ লগত বিশ বছৰ ধৰি আছিলোঁ। এই কালছোৱাত আপোনাৰ কোনো মাইকী মেৰ-ছাগ বা ছাগলীৰ গর্ভফল বিনষ্ট হোৱা নাছিল নাইবা আপোনাৰ জাকৰ কোনো এটা মতা মেৰ-ছাগো মই মাৰি খোৱা নাছিলো।
idcirco viginti annis fui tecum oves tuae et caprae steriles non fuerunt arietes gregis tui non comedi
39 ৩৯ এনেকি বন্য জন্তুৱে মৰা কোনো পশুও মই আপোনাৰ ওচৰলৈ অনা নাছিলো; সেই ক্ষতি মই নিজেই বহন কৰিছিলোঁ; কিন্তু কোনো পশু চুৰ হ’লে - সেইয়া দিনতেই হওঁক বা ৰাতিয়েই হওঁক, আপুনি তাৰ ক্ষতিপূৰণ মোৰ পৰা আদায় কৰিছিল।
nec captum a bestia ostendi tibi ego damnum omne reddebam quicquid furto perierat a me exigebas
40 ৪০ মই দিনৰ গৰমত পুৰিছিলো আৰু ৰাতিৰ ঠাণ্ডাত কঁপিছিলো, মোৰ চকুত টোপনি নাছিল; তাত মোৰ অৱস্থা এয়ে আছিল।
die noctuque aestu urebar et gelu fugiebat somnus ab oculis meis
41 ৪১ এই যি বিশ বছৰ মই আপোনাৰ ঘৰত আছিলোঁ, তাৰ চৌদ্ধ বছৰ মই আপোনাৰ দুজনী ছোৱালীৰ কাৰণে আপোনাৰ সেৱা কৰিছিলোঁ আৰু ছয় বছৰ কটালোঁ আপোনাৰ পশুজাকৰ পাছত। তাৰ মাজতে আপুনি মোৰ বেচ দহবাৰ সলনি কৰিলে।
sic per viginti annos in domo tua servivi tibi quattuordecim pro filiabus et sex pro gregibus tuis inmutasti quoque mercedem meam decem vicibus
42 ৪২ মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
nisi Deus patris mei Abraham et Timor Isaac adfuisset mihi forsitan modo nudum me dimisisses adflictionem meam et laborem manuum mearum respexit Deus et arguit te heri
43 ৪৩ এই কথাত লাবনে যাকোবক উত্তৰ দি ক’লে, “ছোৱালীকেইজনী মোৰেই ছোৱালী, সন্তানবোৰ মোৰ নাতি-নাতিনী আৰু এই পশুৰ জাকবোৰো মোৰ পশুৰ জাক। তুমি যি সকলো দেখিছা, সেই সকলোবোৰ মোৰেই। তথাপিও মই আজি মোৰ এই ছোৱালী বা সিহঁতৰ সন্তানবোৰলৈ কি কৰিব পাৰোঁ?
respondit ei Laban filiae et filii et greges tui et omnia quae cernis mea sunt quid possum facere filiis et nepotibus meis
44 ৪৪ সেয়ে এতিয়া আহাঁ, আমি দুজনে এটি চুক্তি কৰোঁহক যি তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”
veni ergo et ineamus foedus ut sit testimonium inter me et te
45 ৪৫ তেতিয়া যাকোবে এটা শিল আনি তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে।
tulit itaque Iacob lapidem et erexit illum in titulum
46 ৪৬ যাকোবে তেওঁৰ আত্মীয়সকলক ক’লে “আপোনালোকে শিলবোৰ গোটাওক।” তেতিয়া তেওঁলোকে শিলবোৰ আনি এটা স্তূপ বনালে আৰু সকলোৱে সেই স্তূপৰ কাষতে ভোজনপান কৰিলে।
dixitque fratribus suis adferte lapides qui congregantes fecerunt tumulum comederuntque super eum
47 ৪৭ লাবনে সেই স্তূপৰ নাম যিগৰ-চাহদুথা ৰাখিলে; কিন্তু যাকোবে হ’লে, তাৰ নাম গলেদ ৰাখিলে।
quem vocavit Laban tumulus Testis et Iacob acervum Testimonii uterque iuxta proprietatem linguae suae
48 ৪৮ তেতিয়া লাবনে ক’লে, “এই স্তূপেই আজি তোমাৰে মোৰে মাজত সাক্ষী হৈছে।” এই হেতুকে এই স্তূপৰ নাম গলেদ ৰখা হ’ল।
dixitque Laban tumulus iste testis erit inter me et te hodie et idcirco appellatum est nomen eius Galaad id est tumulus Testis
49 ৪৯ তাৰ উপৰি ইয়াৰ নাম মিস্পাও ৰখা হ’ল, কিয়নো লাবনে ক’লে, “আমি ইজনে সিজনে চকুৰ আঁতৰা-আঁতৰি হ’লে, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক।
intueatur Dominus et iudicet inter nos quando recesserimus a nobis
50 ৫০ তুমি যদি মোৰ ছোৱালী দুজনীক বেয়া ব্যৱহাৰ কৰা নাইবা মোৰ ছোৱালীবোৰ থকাতো আন মহিলাক গ্রহণ কৰা, তেতিয়া যদিও আমাৰ ওচৰত কোনো মানুহ নাথাকিব, কিন্তু মনত ৰাখিবা ঈশ্বৰ তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”
si adflixeris filias meas et si introduxeris uxores alias super eas nullus sermonis nostri testis est absque Deo qui praesens respicit
51 ৫১ লাবনে যাকোবক আৰু ক’লে, “এই স্তূপটোলৈ চোৱা আৰু এই যি স্তম্ভটো মই তোমাৰ আৰু মোৰ মাজত স্থাপন কৰিলোঁ, তাৰ ফালেও চোৱা;
dixitque rursus ad Iacob en tumulus hic et lapis quem erexi inter me et te
52 ৫২ এই স্তূপ আৰু স্তম্ভ দুয়োটাই এই কথাৰ সাক্ষী হৈ থাকিল যে, এই স্তূপ পাৰ হৈ মই তোমাৰ অপকাৰ কৰিবলৈ নাযাওঁ আৰু তুমিও এই স্তূপ আৰু স্তম্ভ পাৰ হৈ মোৰ অপকাৰ কৰিবলৈ নাহিবা।
testis erit tumulus inquam iste et lapis sint in testimonio si aut ego transiero illum pergens ad te aut tu praeterieris malum mihi cogitans
53 ৫৩ তেনে কৰিলে অব্ৰাহামৰ ঈশ্বৰ আৰু নাহোৰ ও তেওঁলোকৰ পিতৃৰো ঈশ্বৰে যেন আমাৰ বিচাৰ কৰে।” তেতিয়া যাকোবে তেওঁৰ পিতৃ ইচহাকে ভয় ৰখা ঈশ্বৰৰ নামেৰে শপত খালে।
Deus Abraham et Deus Nahor iudicet inter nos Deus patris eorum iuravit Iacob per Timorem patris sui Isaac
54 ৫৪ তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।
immolatisque victimis in monte vocavit fratres suos ut ederent panem qui cum comedissent manserunt ibi
55 ৫৫ পাছদিনা পুৱাতে উঠি লাবনে তেওঁৰ জীয়েক আৰু নাতি-নাতিনীক চুমা খাই আশীৰ্ব্বাদ কৰিলে। তাৰ পাছত লাবনে প্ৰস্থান কৰি নিজৰ ঘৰলৈ উভটি গ’ল।
Laban vero de nocte consurgens osculatus est filios et filias suas et benedixit illis reversus in locum suum

< আদিপুস্তক 31 >