< আদিপুস্তক 30 >

1 ৰাহেলে যেতিয়া দেখিলে যে তেওঁ যাকোবলৈ কোনো সন্তান জন্ম দিব পৰা নাই, তেতিয়া বায়েকক হিংসা কৰিবলৈ ধৰিলে। ৰাহেলে যাকোবক ক’লে, “মোক সন্তান দিয়া, নহ’লে মই মৰিম।”
Видевши же Рахиль, яко не роди Иакову, и поревнова Рахиль сестре своей и рече Иакову: даждь ми чада: аще же ни, умру аз.
2 তেতিয়া ৰাহেললৈ যাকোবৰ অতিশয় খং উঠিল। তেওঁ ক’লে, “যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি?”
Разгневався же Иаков на Рахиль, рече ей: еда вместо Бога аз есмь, Иже лиши тя плода утробнаго?
3 ৰাহেলে ক’লে, “চাওঁক, মোৰ দাসী বিলহা আছে; আপুনি তাইৰ সৈতে শয়ন কৰক যাতে তাই মোৰ কোলাত সন্তান দিব পাৰে আৰু মই তাইৰ দ্বাৰাই সন্তান লাভ কৰিম।”
Рече же Рахиль Иакову: се, раба моя Валла: вниди к ней, и да родит на коленах моих, и чадо сотворю и аз от нея.
4 তেতিয়া ৰাহেলে তেওঁৰ দাসী বিলহাৰ লগত যাকোবৰ বিয়া দিলে।
И даде ему Валлу рабу свою ему в жену: и вниде к ней Иаков.
5 তাতে বিলহা গৰ্ভৱতী হৈ যাকোবলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
И зача Валла раба Рахилина и роди Иакову сына.
6 তেতিয়া ৰাহেলে ক’লে, “ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে। তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে।” সেয়ে তেওঁ সেই পুত্রৰ নাম দান ৰাখিলে।
И рече Рахиль: суди ми Бог и послуша гласа моего, и даде ми сына. Сего ради прозва имя ему Дан.
7 ৰাহেলৰ দাসী বিলহা পুনৰ্ব্বাৰ গৰ্ভৱতী হৈ যাকোবলৈ দ্বিতীয় পুত্ৰ প্রসৱ কৰিলে।
И зачат еще Валла раба Рахилина и роди сына втораго Иакову.
8 তেতিয়া ৰাহেলে ক’লে, “মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী থ’লো।” সেয়ে তেওঁ ল’ৰাটিৰ নাম নপ্তালী থলে।
И рече Рахиль: подя мя Бог, и сравнихся с сестрою моею, и возмогох. И прозва имя его Неффалим.
9 পাছত লেয়াই নিজে গর্ভধাৰণ কৰিবলৈ এৰা দেখি, তেৱোঁ নিজৰ দাসী জিল্পাক যাকোবৰ ভার্য্যা কৰি দিলে।
Виде же Лиа, яко преста раждати, и взя Зелфу рабу свою и даде ю Иакову в жену: и вниде к ней.
10 ১০ তাতে লেয়াৰ দাসী জিল্পাই যাকোবলৈ এটি পুত্ৰৰ জন্ম দিলে।
И зачат Зелфа раба Лиина и роди Иакову сына.
11 ১১ লেয়াই ক’লে, “ই কেনে সৌভাগ্য!” এইবুলি তেওঁ ল’ৰাটিৰ নাম গাদ ৰাখিলে।
И рече Лиа: благо мне случися. И нарече имя ему Гад.
12 ১২ তাৰ পাছত লেয়াৰ দাসী জিল্পাই যাকোবলৈ তেওঁৰ দ্বিতীয় পুত্ৰ জন্ম দিলে।
И зачат еще Зелфа раба Лиина и роди Иакову сына втораго.
13 ১৩ তাতে লেয়াই ক’লে, “মই সুখী! কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক’ব।” সেয়ে তেওঁ তাৰ নাম আচেৰ ৰাখিলে।
И рече Лиа: блажена аз, яко ублажат мя жены. И прозва имя ему Асир.
14 ১৪ পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”
Иде же Рувим в день жатвы пшеницы и обрете яблока мандрагорова на поли, и принесе я к Лии матери своей. Рече же Рахиль к Лии сестре своей: даждь ми от мандрагоров сына твоего.
15 ১৫ তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”
Рече же Лиа: не доволно ли тебе, яко взяла еси мужа моего? Еда и мандрагоры сына моего возмеши? Рече же Рахиль: не тако: да будет сея нощи с тобою за мандрагоры сына твоего.
16 ১৬ গধূলিপৰত যাকোব যেতিয়া পথাৰৰ পৰা উলটি আহিল লেয়াই বাহিৰলৈ আহি তেওঁক আগবঢ়ায় আনিবলৈ গ’ল। লেয়াই ক’লে, “তুমি আজি ৰাতি মোৰ লগত শয়ন কৰিব লাগে; কিয়নো মোৰ ল’ৰাই অনা দুদা ফল দি মই আপোনাৰ বেচ দিলোঁ।” তাতে সেই ৰাতি যাকোবে লেয়াৰ সৈতে শয়ন কৰিলে।
Прииде же Иаков с поля в вечер, и изыде Лиа во сретение ему и рече: ко мне внидеши днесь: наяла бо тя есмь за мандрагоры сына моего. И бысть с нею тоя нощи.
17 ১৭ ঈশ্বৰে লেয়াৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ পুনৰ গৰ্ভৱতী হৈ যাকোবলৈ পঞ্চম পুত্ৰ প্রসৱ কৰিলে।
И послуша Бог Лию, и заченши роди Иакову сына пятаго.
18 ১৮ তেতিয়া লেয়াই ক’লে, “মই মোৰ স্বামীক মোৰ দাসীক দিছিলোঁ আৰু সেয়ে, ঈশ্বৰে মোক তাৰ বেচ দিলে।” তাৰ কাৰণে তেওঁ পুত্রৰ নাম ইচাখৰ ৰাখিলে।
И рече Лиа: даде ми Бог мзду мою, зане дах рабу мою мужу моему. И прозва имя ему Иссахар, еже есть мзда.
19 ১৯ পাছত লেয়া আকৌ গৰ্ভৱতী হ’ল আৰু যাকোবলৈ তেওঁ ষষ্ঠ পুত্ৰ প্রসৱ কৰিলে।
И зачат еще Лиа и роди сына шестаго Иакову.
20 ২০ লেয়াই ক’লে, “ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে। এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্রসৱ কৰিলোঁ।” তাতে লেয়াই তেওঁৰ পুত্রৰ নাম জবূলূন ৰাখিলে।
И рече Лиа: дарова ми Бог дар добр в нынешнее время: возлюбит мя муж мой: родих бо ему шесть сынов. И прозва имя ему Завулон.
21 ২১ তাৰ পাছত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে আৰু তাইৰ নাম দীনা ৰাখিলে।
И посем роди дщерь, и прозва имя ей Дина.
22 ২২ পাছত ঈশ্বৰে ৰাহেলক সুঁৱৰিলে। ঈশ্বৰে ৰাহেলৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁকো গৰ্ভধাৰণৰ ক্ষমতা দিলে।
Помяну же Бог Рахиль, и услыша ю Бог, и отверзе утробу ея:
23 ২৩ তাতে ৰাহেল গৰ্ভৱতী হ’ল আৰু তেওঁ এটি পুত্ৰ প্রসৱ কৰিলে। তেতিয়া তেওঁ ক’লে, “ঈশ্বৰে মোৰ অপযশ দূৰ কৰিলে।”
и заченши, роди Иакову сына. И рече Рахиль: отя Бог укоризну мою.
24 ২৪ তেওঁ সন্তানৰ নাম যোচেফ ৰাখি ক’লে যে, “যিহোৱাই মোক আন এটি পুত্ৰ দান কৰিলে।”
И нарече имя ему Иосиф, глаголющи: да придаст ми Бог сына другаго.
25 ২৫ ৰাহেলে যোচেফক প্ৰসৱ কৰাৰ পাছত যাকোবে লাবনক ক’লে, “এতিয়া মোক বিদায় দিয়ক যাতে মই নিজৰ দেশ আৰু নিজৰ ঘৰলৈ যাব পাৰোঁ।
Бысть же яко роди Рахиль Иосифа, рече Иаков Лавану: отпусти мя, да иду на место мое и в землю мою:
26 ২৬ মোৰ ভার্য্যা আৰু সন্তান সকলৰ কাৰণে মই আপোনাৰ সেৱা কৰিলোঁ। এতিয়া তেওঁলোকক লৈ মোক যাবলৈ দিয়ক। কিয়নো আপুনি নিজেই জানে মই কিভাৱে আপোনাৰ সেৱা কৰিলোঁ।”
отдаждь ми жены моя и дети моя, ихже ради работах тебе, да отиду: ты бо веси работу, юже работах ти.
27 ২৭ তেতিয়া লাবনে তেওঁক ক’লে, “যদিহে মই তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে থাকা। কাৰণ যিহোৱাই যে তোমাৰ কাৰণে মোক আশীৰ্ব্বাদ কৰিছে, তাক মই অনুমান কৰি বুজিছোঁ।”
Рече же ему Лаван: аще обретох благодать пред тобою: усмотрих бо, яко благослови мя Бог пришествием твоим:
28 ২৮ তেওঁ আৰু ক’লে, “তোমাৰ বেচ তুমি নিৰূপণ কৰা, মই তাকে তোমাক দিম।”
раздели мзду свою у мене, и дам ти.
29 ২৯ তেতিয়া যাকোবে তেওঁক ক’লে “মই কেনেকৈ আপোনাৰ সেৱা কৰিছোঁ আৰু মোৰ হাতত আপোনাৰ পশুৰ জাকবোৰৰ কি অৱস্থা হৈছে, তাক আপুনি জানে।
Рече же Иаков: ты веси, яже работах тебе, и колико бе скота твоего у мене:
30 ৩০ মই অহাৰ আগেয়ে আপোনাৰ পশুধন অলপ আছিল; কিন্তু এতিয়া সেইবোৰ বাঢ়ি গৈ প্রচুৰ হ’ল; মই যি যি ঠাইতে কাম কৰিলোঁ তাতেই যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰিলে। কিন্তু মোৰ নিজৰ পৰিয়ালৰ কাৰণেনো মই কেতিয়া কাম কৰিম?”
мало бо бе елико твоего у мене и возрасте во множество: и благослови тя Господь пришествием моим: ныне убо когда сотворю и аз себе дом?
31 ৩১ তেতিয়া লাবনে ক’লে, “মই তোমাক কি বেচ দিম?” যাকোবে ক’লে, “আপুনি মোক একোকে দিব নালাগে। আপুনি যদি মোলৈ এই কাম কৰে, তেন্তে মই পুনৰ আপোনাৰ পশুৰ জাক চৰাম আৰু তাৰ যত্ন লম।
И рече к нему Лаван: что ти дам? Рече же ему Иаков: не даси ми ничтоже: аще сотвориши ми глагол сей, паки пасти имам овцы твоя, и сохраню:
32 ৩২ আজি আপোনাৰ আটাইবোৰ পশুৰ জাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ-ছাগৰ গাত ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে আৰু সকলো ক’লা বৰণৰ মেৰ-ছাগ আছে, মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে, সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হব।
оыди вся овцы твоя ныне и разлучи оттуду всякую овцу пелесую во овцах, и всяку беловатую и пеструю в козах, будет ми мзда (и будет мое):
33 ৩৩ তাতে ভৱিষ্যতে যেতিয়া আপুনি মোৰ বেচ চাবলৈ আহিব, তেতিয়া মোৰ ন্যায় কার্যই আপোনাৰ আগত মোৰ পক্ষে সাক্ষ্য দিব; ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ নথকা, এনে কোনো ছাগলী আৰু ক’লা বৰণ নোহোৱা, এনে কোনো মেৰ-ছাগ যদি মোৰ ওচৰত পায়, সেয়ে মই চুৰ কৰা বুলি ধৰা হ’ব।”
и послушает мене правда моя во утрешний день, яко есть мзда моя пред тобою: все еже аще не будет пестро и беловатое в козах, и пелесо во овцах, за украденое будет мною.
34 ৩৪ তেতিয়া লাবনে ক’লে, “বাৰু, তোমাৰ কথাৰ দৰেই হওঁক।”
Рече же ему Лаван: буди по словеси твоему.
35 ৩৫ পাছত লাবনে সেই দিনাই পখৰা-পখৰি আৰু ফুটুকা-ফুটুকি দাগ থকা মতা ছাগলী আৰু পখৰা-পখৰি ও ফুটুকা-ফুটুকী মাইকী ছাগলীবোৰক অৰ্থাৎ যিবোৰৰ গাত বগা বৰণ আছিল সেইবোৰক আৰু ক’লা বৰণৰ মেৰ-ছাগবোৰক বেলেগ কৰি নিজৰ পুতেকসকলৰ হাতত সেইবোৰ গটাই দিলে।
И разлучи в той день козлы пестрыя и беловатыя, и вся козы пестрыя и беловатыя, и все еже бе пелесо во овцах, и все еже бяше белое в них: и даде в руце сыном своим:
36 ৩৬ তাৰ পাছত তেওঁ যাকোবৰ ওচৰৰ পৰা তিনি দিনৰ পথৰ দূৰত্বলৈ আতৰি গ’ল আৰু যাকোবে লাবনৰ অৱশিষ্ট পশুৰ জাকবোৰ চৰাবলৈ ধৰিলে।
и разстави путем трех дний, и между ими и между Иаковом: Иаков же пасяше овцы Лавановы оставшыяся.
37 ৩৭ তাৰ পাছত যাকোবে ঝাও, বাদাম আৰু অম্মোন গছৰ কেঁচা ডাল কাটি আনি সেইবোৰৰ বগা আঁচৰ ছাল গুছালে। তাতে ডালবোৰত থকা ভিতৰৰ বগা কাঠৰ আঁচ দেখা পোৱা গ’ল।
Взя же Иаков себе жезл стиракинов зеленый, и орехов, и яворовый: и острога я Иаков пестрением белым, сострогая кору: являшеся же на жезлах белое, еже острога, пестро.
38 ৩৮ পশুৰ জাকবোৰে যেতিয়া পানী খাবলৈ আহে, তেতিয়া তেওঁ সেই ডালবোৰ লৈ সিহঁতৰ সন্মুখত পানী খোৱা পাত্রবোৰৰ মাজত থিয়কৈ থয়; তাতে পানী খাবলৈ আহোঁতে, সিহঁত গাভিনী হয়।
И положи жезлы, яже острога, в поилных корытех воды: да егда приидут овцы пити, пред жезлы пришедшым им пити, зачнут овцы по жезлом:
39 ৩৯ এইদৰে সেই ডালবোৰৰ সন্মুখত মিলিত হোৱাৰ পাছত জাকবোৰ গাভিনী হয় আৰু সিহঁতে ফুটুকা-ফুটুকী ও পখৰা-পখৰি পোৱালি জগায়।
и зачинаху овцы по жезлом, и раждаху овцы беловатыя и пестрыя и пепеловидныя пестрыя.
40 ৪০ যাকোবে মাইকী মেৰ-ছাগবোৰক বেলেগ কৰে আৰু পোৱালিবোৰক লৈ লাবনৰ আঁচ থকা পশুবোৰ আৰু ক’লা বৰণীয়া সকলো মেৰ-ছাগবোৰৰ মাজত ৰাখে; এইদৰে তেওঁ নিজৰ কাৰণে বেলেগে এক পশুপাল গঢ়ি তোলে আৰু সেইবোৰক তেওঁ লাবণৰ জাকৰ সৈতে মিলিবলৈ নিদিয়ে।
Агницы же разлучи Иаков и постави прямо овцам овна беловатаго и всякое пестрое во агнцах: и разлучи себе стада по себе, и не смеси сих со овцами Лавановыми.
41 ৪১ যেতিয়া জাকত থকা স্বাস্থ্যবান মেৰ-ছাগবোৰ গাভিনী হয়, তেতিয়া যাকোবে সিহঁতৰ পানী খোৱা পাত্রৰ মাজত চকুৰ সম্মুখত সেই ডালবোৰ থয় যাতে সেই ডালবোৰৰ সন্মুখতে সিহঁত গাভিনী হয়।
Бысть же во время, в неже зачинаху овцы во чреве приемлющя, положи Иаков жезлы пред овцами в корытех, еже зачинати им по жезлом:
42 ৪২ কিন্তু দুৰ্ব্বল পশুবোৰৰ আগত হ’লে নথয়; তাতে দুৰ্ব্বলবোৰ লাবনৰ আৰু বলী পশুবোৰ যাকোবৰ হয়।
егда же раждаху овцы, не полагаше: быша же неназнаменаныя Лавановы, а знаменаныя Иаковли.
43 ৪৩ এইদৰে যাকোব অতিশয় ধনী লোক হৈ উঠিল। তেওঁৰ পশুধন, উট, গাধ আৰু দাস দাসীৰ সংখ্যা অধিকৰূপে বৃদ্ধি পালে।
И разбогате человек зело зело: и быша ему скоти мнози, и волове, и раби, и рабыни, и велблюды, и ослы.

< আদিপুস্তক 30 >