< আদিপুস্তক 3 >
1 ১ ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?”
Kale nno omusota gwali mukalabakalaba okukira ensolo zonna ez’omu nsiko, Mukama Katonda ze yatonda. Ne gugamba omukazi nti, “Kazzi Katonda yagamba nti, ‘Temulyanga ku muti gwonna ogw’omu nnimiro!’”
2 ২ নাৰীয়ে সৰ্পক ক’লে, “বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ;
Omukazi n’addamu omusota nti, “Tulya ku buli muti ogw’omu nnimiro,
3 ৩ কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।”
kyokka Katonda yatulagira nti, ‘Temulyanga ku kibala ky’omuti oguli wakati mu nnimiro, wadde okugukwatako, muleme okufa.’”
4 ৪ তেতিয়া সৰ্পই নাৰীক ক’লে, “দৰাচলতে তোমালোকৰ মৃত্যু নহয়।
Naye omusota ne gugamba omukazi nti, “Temugenda kufa.
5 ৫ কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।”
Kubanga Katonda amanyi nga lwe muligulyako amaaso gammwe lwe galizibuka, era mulifaanana nga ye, okumanyanga ekirungi n’ekibi.”
6 ৬ নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।
Awo omukazi bwe yalaba ng’omuti mulungi nga gusanyusa okutunulako era gwegombebwa okuleeta amagezi, n’anoga ekibala kyagwo n’alya; n’awaako ne bba naye n’alya.
7 ৭ তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ’ল। তেওঁলোক যে বিবস্ত্ৰ অৱস্থাত আছে, এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল’লে।
Awo amaaso gaabwe bombi ne gazibuka, ne bategeera nga baali bwereere; ne baluka amalagala g’emiti ne beekolera ebyokwambala.
8 ৮ পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
Awo ne bawulira eddoboozi lya Mukama Katonda ng’atambula mu nnimiro, mu budde obuweeweevu. Omusajja n’omukazi ne beekweka mu miti Mukama Katonda aleme okubalaba.
9 ৯ ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, “তুমি ক’ত আছা?”
Naye Mukama Katonda n’ayita omusajja nti, “Oli ludda wa?”
10 ১০ মানুহে ক’লে, “মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ।”
N’addamu nti, “Mpulidde eddoboozi lyo mu nnimiro, ne ntya, kubanga mbadde bwereere; ne nneekweka.”
11 ১১ ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?”
N’amubuuza nti, “Ani akubuulidde nti oli bwereere? Olidde ku muti gwe nakulagira obutagulyangako?”
12 ১২ তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।”
Omusajja n’addamu nti, “Omukazi gwe wampa okubeeranga nange y’ampadde ekibala ne ndya.”
13 ১৩ তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।”
Mukama Katonda kwe kubuuza omukazi nti, “Kiki kino ky’okoze?” Omukazi n’addamu nti, “Omusota gwe gunsenzesenze ne ndya.”
14 ১৪ ঈশ্বৰ যিহোৱাই সৰ্পক ক’লে, “তোৰ এই কার্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্রাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ’ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধুলি খাবি।
Mukama Katonda n’agamba omusota nti, Kubanga okoze kino okolimiddwa okukira ensolo zonna ez’awaka n’ez’omu nsiko, oneekululiranga ku lubuto lwo era onoolyanga nfuufu ennaku zonna ez’obulamu bwo.
15 ১৫ মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
Nteeka obulabe wakati wo n’omukazi, ne wakati w’ezzadde lyo n’ezzadde ly’omukazi; ezzadde lye linaakubetentanga omutwe, naawe onoolibojjanga ekisinziiro.
16 ১৬ তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।”
N’agamba omukazi nti, “Nnaayongeranga nnyo ku bulumi bwo ng’oli lubuto, onoozaaliranga mu bulumi; musajja wo anaakukoleranga bye weetaaga kyokka anaakufuganga.”
17 ১৭ তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা।
N’agamba Adamu nti, “Kubanga owulidde eddoboozi lya mukazi wo, n’olya ku muti gwe nakulagira obutagulyangako, “ensi ekolimiddwa ku lulwo; mu ntuuyo zo mw’onoofuniranga ekyokulya ennaku zonna ez’obulamu bwo.
18 ১৮ ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা।
Ensi eneekumerezanga amaggwa n’amatovu, onoolyanga ebibala eby’omu nnimiro.
19 ১৯ মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
Mu ntuuyo zo mw’onoggyanga ekyokulya, okutuusa lw’olidda mu ttaka mwe wava, kubanga oli nfuufu ne mu nfuufu mw’olidda.”
20 ২০ পাছত মানুহে নিজৰ ভার্য্যাৰ নাম হৱা ৰাখিলে; কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ।
Omusajja n’atuuma omukazi erinnya Kaawa, oyo ye nnyina w’abalamu bonna.
21 ২১ ঈশ্বৰ যিহোৱাই আদম আৰু তেওঁৰ ভাৰ্যাৰ কাৰণে ছালৰ বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকক পিন্ধাই দিলে।
Mukama Katonda n’akolera Adamu ne mukazi we ebyambalo eby’amaliba n’abambaza.
22 ২২ তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
Awo Mukama Katonda n’agamba nti, “Laba omuntu afuuse ng’omu ku ffe okumanyanga ekirungi n’ekibi; kale kaakano talwa kugolola mukono gwe n’anoga ku muti ogw’obulamu n’alya, n’awangaala emirembe gyonna.”
23 ২৩ এইবুলি কৈ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা নির্ম্মাণ কৰা মানুহক মাটিত খেতি কৰিবৰ বাবে এদন বাৰীৰ পৰা বাহিৰ কৰি দিলে।
Bw’atyo Mukama Katonda n’agoba omuntu mu nnimiro Adeni agende alimenga ettaka mwe yaggyibwa.
24 ২৪ এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।
Bwe yamala okugobamu omuntu, n’ateekamu Bakerubi n’ekitala ekimyansa eky’obwogi ku buli ludda okukuuma ekkubo erigenda ku muti ogw’obulamu.