< আদিপুস্তক 28 >
1 ১ ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।
Tedy wezwał Izaak Jakóba, i błogosławił mu, a rozkazał mu, mówiąc: Nie pojmuj żony z córek Chananejskich.
2 ২ তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
Ale wstawszy idź do krainy Syryjskiej, do domu Batuela, ojca matki twojej, a weźmij sobie stamtąd żonę, z córek Labana, brata matki twojej.
3 ৩ সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
A Bóg Wszechmogący niech ci błogosławi, a niech cię rozrodzi i rozmnoży, abyś był w mnóstwo ludu;
4 ৪ যি আশীৰ্ব্বাদ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই আশীর্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে অব্রাহামক দিছিল আৰু য’ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক।”
I niech ci da błogosławieństwo Abrahamowe, tobie i nasieniu twemu z tobą, abyś odziedziczył ziemię pielgrzymstwa twojego, którą dał Bóg Abrahamowi.
5 ৫ এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
I tak wysłał Izaak Jakóba, który szedł do krainy Syryjskiej, do Labana, syna Batuelowego, Syryjczyka, brata Rebeki, matki Jakóbowej i Ezawowej.
6 ৬ পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
A widząc Ezaw, iż błogosławił Izaak Jakóbowi, i posłał go do krainy Syryjskiej, aby sobie pojął stamtąd żonę, a iż błogosławiąc mu, przykazał, mówiąc: Nie weźmiesz żony z córek Chananejskich;
7 ৭ এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
I Jakób posłuszny był ojcu swemu i matce swojej, i poszedł do krainy Syryjskiej;
8 ৮ তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
Widząc też Ezaw, że się nie podobają córki Chananejskie w oczach Izaaka, ojca jego:
9 ৯ সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
Tedy szedł Ezaw do Ismaela, i pojął mimo inne żony swoje, Mahalatę córkę Ismaela, syna Abrahamowego, siostrę Nebajotowę, sobie za żonę.
10 ১০ আনফালে যাকোবে বেৰ-চেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে।
A Jakób wyszedłszy z Beerseba, szedł do Haranu.
11 ১১ এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।
I przyszedł na jedno miejsce, i nocował tam (albowiem już było zaszło słońce) a wziąwszy jeden z kamieni miejsca onego, podłożył pod głowę swoję, i spał na temże miejscu.
12 ১২ তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
I śniło mu się, a ono drabina stała na ziemi, a wierzch jej dosięgał nieba; a oto, Aniołowie Boży wstępowali i zstępowali po niej.
13 ১৩ যিহোৱাই খটখটিৰ ওপৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
A Pan stał nad nią i rzekł; Jam jest Pan, Bóg Abrahama, ojca twego, i Bóg Izaaka, ziemię tę, na której ty śpisz, tobie dam i nasieniu twojemu.
14 ১৪ তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
A będzie nasienie twoje jako proch ziemi, i rozmnożysz się na zachód, i na wschód, i na północy, i na południe; a będą ubłogosławione w tobie wszystkie narody ziemi i w nasieniu twojem.
15 ১৫ চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
A oto, Ja jestem z tobą i strzec cię będę gdziekolwiek pójdziesz, i przywrócę cię do tej ziemi; bo nie opuszczę cię, aż uczynię com ci rzekł.
16 ১৬ যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
Tedy gdy się ocknął Jakób ze snu swego, rzekł: Zaprawdę Pan jest na tem miejscu, a jam nie wiedział.
17 ১৭ তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
I zlęknąwszy się, rzekł: O jako to straszne miejsce! nic tu nie jest innego jedno dom Boży, a tu brama niebieska.
18 ১৮ পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে।
I wstał Jakób bardzo rano, a wziąwszy kamień, który był podłożył pod głowę swoję, postawił go na znak, i nalał oliwy na wierzch jego.
19 ১৯ তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
I nazwał imię miejsca onego Betel; bo było przedtem imię miasta onego Luz.
20 ২০ যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে,
Tedy uczynił Jakób ślub, mówiąc: Jeźliż będzie Bóg ze mną, a strzec mię będzie na tej drodze, którą ja idę, i da mi chleb ku jedzeniu, i odzienie ku obłóczeniu,
21 ২১ যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
A wrócę się w pokoju do domu ojca mego: tedy będzie mi Pan za Boga.
22 ২২ তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
A kamień ten, którym wystawił na znak, będzie domem Bożym, a ze wszystkiego, co mi dasz, dziesięcinę pewną oddawać ci będę.