< আদিপুস্তক 27 >
1 ১ ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
When Isaac was old, and his eyes were dim, so that he could not see, he called Esau his elder son, and said to him, “My son?” He said to him, “Here I am.”
2 ২ তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো।
He said, “See now, I am old. I do not know the day of my death.
3 ৩ সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ।
Now therefore, please take your weapons, your quiver and your bow, and go out to the field, and get me venison.
4 ৪ মৃত্যুৰ আগতে মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।”
Make me savory food, such as I love, and bring it to me, that I may eat, and that my soul may bless you before I die.”
5 ৫ তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল।
Rebekah heard when Isaac spoke to Esau his son. Esau went to the field to hunt for venison, and to bring it.
6 ৬ ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ;
Rebekah spoke to Jacob her son, saying, “Behold, I heard your father speak to Esau your brother, saying,
7 ৭ ‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’
‘Bring me venison, and make me savory food, that I may eat, and bless you before the LORD before my death.’
8 ৮ সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা।
Now therefore, my son, obey my voice according to that which I command you.
9 ৯ তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম।
Go now to the flock and get me two good young goats from there. I will make them savory food for your father, such as he loves.
10 ১০ মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।”
You shall bring it to your father, that he may eat, so that he may bless you before his death.”
11 ১১ তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ।
Jacob said to Rebekah his mother, “Behold, Esau my brother is a hairy man, and I am a smooth man.
12 ১২ কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।”
What if my father touches me? I will seem to him as a deceiver, and I would bring a curse on myself, and not a blessing.”
13 ১৩ তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।”
His mother said to him, “Let your curse be on me, my son. Only obey my voice, and go get them for me.”
14 ১৪ তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে।
He went, and got them, and brought them to his mother. His mother made savory food, such as his father loved.
15 ১৫ তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।
Rebekah took the good clothes of Esau, her elder son, which were with her in the house, and put them on Jacob, her younger son.
16 ১৬ যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে
She put the skins of the young goats on his hands, and on the smooth of his neck.
17 ১৭ সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে।
She gave the savory food and the bread, which she had prepared, into the hand of her son Jacob.
18 ১৮ যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?”
He came to his father, and said, “My father?” He said, “Here I am. Who are you, my son?”
19 ১৯ যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।”
Jacob said to his father, “I am Esau your firstborn. I have done what you asked me to do. Please arise, sit and eat of my venison, that your soul may bless me.”
20 ২০ তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।”
Isaac said to his son, “How is it that you have found it so quickly, my son?” He said, “Because the LORD your God gave me success.”
21 ২১ ইচহাকে যাকোবক পুনৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সঁচায়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰোঁ।”
Isaac said to Jacob, “Please come near, that I may feel you, my son, whether you are really my son Esau or not.”
22 ২২ তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।”
Jacob went near to Isaac his father. He felt him, and said, “The voice is Jacob’s voice, but the hands are the hands of Esau.”
23 ২৩ ইচহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে।
He did not recognize him, because his hands were hairy, like his brother Esau’s hands. So he blessed him.
24 ২৪ তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।”
He said, “Are you really my son Esau?” He said, “I am.”
25 ২৫ তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে।
He said, “Bring it near to me, and I will eat of my son’s venison, that my soul may bless you.” He brought it near to him, and he ate. He brought him wine, and he drank.
26 ২৬ তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।”
His father Isaac said to him, “Come near now, and kiss me, my son.”
27 ২৭ যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ।
He came near, and kissed him. He smelled the smell of his clothing, and blessed him, and said, “Behold, the smell of my son is as the smell of a field which the LORD has blessed.
28 ২৮ ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে।
God give you of the dew of the sky, of the fatness of the earth, and plenty of grain and new wine.
29 ২৯ লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”
Let peoples serve you, and nations bow down to you. Be lord over your brothers. Let your mother’s sons bow down to you. Cursed be everyone who curses you. Blessed be everyone who blesses you.”
30 ৩০ ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি।
As soon as Isaac had finished blessing Jacob, and Jacob had just gone out from the presence of Isaac his father, Esau his brother came in from his hunting.
31 ৩১ তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।”
He also made savory food, and brought it to his father. He said to his father, “Let my father arise, and eat of his son’s venison, that your soul may bless me.”
32 ৩২ তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
Isaac his father said to him, “Who are you?” He said, “I am your son, your firstborn, Esau.”
33 ৩৩ এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।”
Isaac trembled violently, and said, “Who, then, is he who has taken venison, and brought it to me, and I have eaten of all before you came, and have blessed him? Yes, he will be blessed.”
34 ৩৪ বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।”
When Esau heard the words of his father, he cried with an exceedingly great and bitter cry, and said to his father, “Bless me, even me also, my father.”
35 ৩৫ তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।”
He said, “Your brother came with deceit, and has taken away your blessing.”
36 ৩৬ তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
He said, “Is not he rightly named Jacob? For he has supplanted me these two times. He took away my birthright. See, now he has taken away my blessing.” He said, “Have not you reserved a blessing for me?”
37 ৩৭ তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?”
Isaac answered Esau, “Behold, I have made him your lord, and all his brothers I have given to him for servants. I have sustained him with grain and new wine. What then will I do for you, my son?”
38 ৩৮ তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে।
Esau said to his father, “Do you have just one blessing, my father? Bless me, even me also, my father.” Esau lifted up his voice, and wept.
39 ৩৯ পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব।
Isaac his father answered him, “Behold, your dwelling will be of the fatness of the earth, and of the dew of the sky from above.
40 ৪০ তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুৱলি জোকাৰি পেলাবা।”
You will live by your sword, and you will serve your brother. It will happen, when you will break loose, that you will shake his yoke from off your neck.”
41 ৪১ পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
Esau hated Jacob because of the blessing with which his father blessed him. Esau said in his heart, “The days of mourning for my father are at hand. Then I will kill my brother Jacob.”
42 ৪২ বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে।
The words of Esau, her elder son, were told to Rebekah. She sent and called Jacob, her younger son, and said to him, “Behold, your brother Esau comforts himself about you by planning to kill you.
43 ৪৩ সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা।
Now therefore, my son, obey my voice. Arise, flee to Laban, my brother, in Haran.
44 ৪৪ তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ।
Stay with him a few days, until your brother’s fury turns away—
45 ৪৫ তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?”
until your brother’s anger turns away from you, and he forgets what you have done to him. Then I will send, and get you from there. Why should I be bereaved of you both in one day?”
46 ৪৬ পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?”
Rebekah said to Isaac, “I am weary of my life because of the daughters of Heth. If Jacob takes a wife of the daughters of Heth, such as these, of the daughters of the land, what good will my life do me?”