< আদিপুস্তক 26 >
1 ১ অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
Og der var Hunger i Landet, foruden den forrige Hunger, som var i Abrahams Tid, og Isak drog til Abimelek, Filisternes Konge i Gerar.
2 ২ পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
Da aabenbaredes Herren for ham og sagde: Drag ikke ned til Ægypten, bo i det Land, hvilket jeg siger dig.
3 ৩ তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
Vær en Udlænding i dette Land, og jeg vil være med dig og velsigne dig; thi dig og din Sæd vil jeg give alle disse Lande og stadfæste den Ed, som jeg har svoret Abraham, din Fader.
4 ৪ মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
Og jeg vil gøre din Sæd mangfoldig som Stjernerne paa Himmelen og give din Sæd alle disse Lande, og i din Sæd skulle alle Folk paa Jorden velsignes,
5 ৫ কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
fordi Abraham lød min Røst og bevarede det, jeg vil have bevaret, mine Bud, mine Skikke og mine Love.
6 ৬ সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
Saa boede Isak i Gerar.
7 ৭ সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
Og de Mænd paa samme Sted spurgte om hans Hustru; da sagde han: Hun er min Søster; thi han frygtede at sige: Hun er min Hustru, idet han tænkte, at ikke Mændene paa dette Sted maaske skulle slaa mig ihjel for Rebekkas Skyld, thi hun var dejlig af Anseelse.
8 ৮ পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
Og det skete, der han havde boet der en Tid lang, saa Abimelek, Filisternes Konge, ud igennem Vinduet og saa, og se, Isak legede med Rebekka, sin Hustru.
9 ৯ তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
Da kaldte Abimelek ad Isak og sagde: Visselig, se, hun er din Hustru, og hvorledes har du sagt: hun er min Søster? Og Isak sagde til ham: Thi jeg tænkte: Maaske jeg maatte slaas ihjel for hendes Skyld.
10 ১০ তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
Da sagde Abimelek: Hvi har du gjort os dette? En af Folket kunde snart have ligget hos din Hustru, saa havde du ført Skyld over os.
11 ১১ পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
Saa bød Abimelek alt Folket og sagde: Hvo, som rører ved denne Mand og ved hans Hustru, skal visselig dødes.
12 ১২ সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
Og Isak saaede der i Landet og fik samme Aar hundrede Fold, og Herren velsignede ham.
13 ১৩ আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
Og Manden blev mægtig og gik frem og blev mægtig, indtil han blev saare mægtig.
14 ১৪ আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
Og han ejede Faar og ejede Kvæg og mange Tyende; derfor bare Filisterne Avind mod ham.
15 ১৫ ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
Og alle Brøndene, som hans Faders Tjenere havde gravet i Abrahams, hans Faders Tid, dem tilstoppede Filisterne og fyldte dem med Jord.
16 ১৬ পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
Og Abimelek sagde til Isak: Drag fra os; thi du er bleven os alt for mægtig.
17 ১৭ তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
Saa drog Isak derfra og slog Telt i Dalen Gerar og boede der.
18 ১৮ আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
Og Isak lod igen de Vandbrønde opgrave, som de havde gravet i Abrahams, hans Faders Tid, og som Filisterne havde tilstoppet efter Abrahams Død, og han gav dem Navne efter de Navne, som hans Fader havde kaldet dem.
19 ১৯ আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
Saa grove Isaks Tjenere i Dalen og fandt der en Brønd med levende Vande.
20 ২০ তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
Men Hyrderne af Gerar kivedes med Isaks Hyrder og sagde: Vandet hører os til; saa kaldte han den Brønds Navn Esek, thi de kivedes med ham.
21 ২১ পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” ৰাখিলে।
Saa grove de en anden Brønd, og de kivedes og om den; derfor kaldte de dens Navn Sitna.
22 ২২ আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
Da flyttede han derfra og grov en anden Brønd, og de kivedes ikke om den, og han kaldte dens Navn Rekoboth og sagde: thi nu har Herren gjort Rum for os, og vi ere voksede i Landet.
23 ২৩ তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
Og han drog op derfra til Beersaba.
24 ২৪ সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
Og Herren aabenbaredes for ham i den samme Nat og sagde: Jeg er din Fader Abrahams Gud; frygt ikke, thi jeg er med dig og vil velsigne dig og formere din Sæd for min Tjener Abrahams Skyld.
25 ২৫ পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
Saa byggede han der et Alter og paakaldte Herrens Navn og opslog der sit Telt, og Isaks Tjenere grove der en Brønd.
26 ২৬ তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
Og Abimelek drog til ham fra Gerar med Akusat sin Ven og Pikol sin Stridshøvedsmand.
27 ২৭ তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
Da sagde Isak til dem: Hvi komme I til mig, da I dog have hadet mig og drevet mig fra Eder?
28 ২৮ তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
Og de svarede: Vi se klarligen, at Herren er med dig; derfor sagde vi: Kære, lad være en Ed imellem os, imellem os og dig, og vi ville gøre et Forbund med dig,
29 ২৯ আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
at du ikke skal gøre ondt imod os, ligesom vi ikke have rørt dig, og ligesom vi ikke have gjort dig andet end godt, og vi lode dig fare i Fred; du er nu Herrens velsignede.
30 ৩০ তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
Saa gjorde han dem et Gæstebud, og de aade og drak.
31 ৩১ পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
Og de stode tidlig op om Morgenen og tilsvore hinanden gensidig, og Isak ledsagede dem, og de droge fra ham i Fred.
32 ৩২ আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
Og det skete, paa den samme Dag kom Isaks Tjenere og forkyndte ham angaaende den Brønd, som de havde gravet, og de sagde til ham: Vi have fundet Vand.
33 ৩৩ তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
Og han kaldte den Skibea, deraf er Stadens Navn Beersaba indtil denne Dag.
34 ৩৪ পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
Og Esau var fyrretyve Aar gammel og tog en Hustru, Judith, Beeriden Hethiters Datter, og Basmat, Elon den Hethiters Datter.
35 ৩৫ কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।
Og de vare Aands Bitterhed for Isak og Rebekka.