< আদিপুস্তক 25 >
1 ১ পাছত অব্ৰাহামে কটুৰা নামৰ আন এগৰাকীক বিয়া কৰিলে।
Abraham vero aliam duxit uxorem nomine Ceturam:
2 ২ তেওঁৰ ঔৰসত জিম্ৰণ, যক্সন, মদান, মিদিয়ন, যস্বক আৰু চুহৰ জন্ম হ’ল।
quae peperit ei Zamran et Iecsan, et Madan, et Madian, et Iesboc, et Sue.
3 ৩ যক্সনৰ সন্তান চিবা আৰু দদান। অচুৰীয়া, লটুচীয়া, লিয়ুম্মীয়া, এইকেইজন দদানৰ সন্তান।
Iecsan quoque genuit Saba, et Dadan. Filii Dadan fuerunt Assurim, et Latusim, et Loomin.
4 ৪ মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
At vero ex Madian ortus est Epha, et Opher, et Henoch, et Abida, et Eldaa: omnes hi filii Ceturae.
5 ৫ অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে।
Deditque Abraham cuncta quae possederat, Isaac:
6 ৬ কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।
filiis autem concubinarum largitus est munera, et separavit eos ab Isaac filio suo, dum adhuc ipse viveret, ad plagam orientalem.
7 ৭ অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
Fuerunt autem dies vitae Abrahae, centum septuaginta quinque anni.
8 ৮ অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।
Et deficiens mortuus est in senectute bona, provectaeque aetatis, et plenus dierum: congregatusque est ad populum suum.
9 ৯ মম্ৰি চহৰৰ পূব ফালে হিত্তীয়া চোহৰৰ পুত্র ইফ্রোণৰ পথাৰত মকপেলাৰ গুহাত পুত্ৰ ইচহাক আৰু ইশ্মায়েলে একেলগে অব্রাহামক মৈদাম দিলে।
Et sepelierunt eum Isaac et Ismael filii sui in spelunca duplici, quae sita est in agro Ephron filii Seor Hethaei, e regione Mambre,
10 ১০ সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানসকলৰ পৰা কিনিছিল; তাতেই অব্ৰাহামে চাৰাক মৈদাম দিছিল আৰু তাতে অব্ৰাহামকো মৈদাম দিয়া হ’ল।
quam emerat a filiis Heth: ibi sepultus est ipse, et Sara uxor eius.
11 ১১ অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইচহাকক আশীৰ্ব্বাদ কৰিলে; আৰু ইচহাকে বেৰ-লহয়-ৰোৱীৰ ওচৰত বসবাস কৰিবলৈ ধৰিলে।
Et post obitum illius benedixit Deus Isaac filio eius, qui habitabat iuxta puteum nomine Viventis et videntis.
12 ১২ চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।
Hae sunt generationes Ismael filii Abrahae, quem peperit ei Agar Aegyptia, famula Sarae: et
13 ১৩ জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
haec nomina filiorum eius in vocabulis et generationibus suis. Primogenitus Ismaelis Nabaioth, deinde Cedar, et Adbeel, et Mabsam,
14 ১৪ মিস্মা, দুমা, মচ্ছা
Masma quoque, et Duma, et Massa,
15 ১৫ হদদ, তেমা, যটূৰ, নাফীচ আৰু কেদ্মা;
Hadar, et Thema, et Itur, et Naphis, et Cedma.
16 ১৬ ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
Isti sunt filii Ismaelis: et haec nomina per castella et oppida eorum, duodecim principes tribuum suarum.
17 ১৭ ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
Et facti sunt anni vitae Ismaelis centum triginta septem, deficiensque mortuus est, et appositus ad populum suum.
18 ১৮ হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
Habitavit autem ab Hevila usque Sur, quae respicit Aegyptum introeuntibus Assyrios. coram cunctis fratribus suis obiit.
19 ১৯ অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বিৱৰণ এই। অব্ৰাহামৰ পুত্রৰ নাম ইচহাক।
Hae quoque sunt generationes Isaac filii Abraham: Abraham genuit Isaac:
20 ২০ ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
qui cum quadraginta esset annorum, duxit uxorem Rebeccam filiam Bathuelis Syri de Mesopotamia, sororem Laban.
21 ২১ ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
Deprecatusque est Isaac Dominum pro uxore sua, eo quod esset sterilis: qui exaudivit eum, et dedit conceptum Rebeccae.
22 ২২ তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।
Sed collidebantur in utero eius parvuli; quae ait: Si sic mihi futurum erat, quid necesse fuit concipere? Perrexitque ut consuleret Dominum.
23 ২৩ যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
Qui respondens, ait: Duae gentes sunt in utero tuo, et duo populi ex ventre tuo dividentur, populusque populum superabit, et maior serviet minori.
24 ২৪ যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ’ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যঁজা সন্তান আছিল।
Iam tempus pariendi advenerat, et ecce gemini in utero eius reperti sunt.
25 ২৫ তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
Qui prior egressus est, rufus erat, et totus in morem pellis hispidus: vocatumque est nomen eius Esau. Protinus alter egrediens, plantam fratris tenebat manu: et idcirco appellavit eum Iacob.
26 ২৬ তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
Sexagenarius erat Isaac quando nati sunt ei parvuli.
27 ২৭ এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
Quibus adultis, factus est Esau vir gnarus venandi, et homo agricola: Iacob autem vir simplex habitabat in tabernaculis.
28 ২৮ চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
Isaac amabat Esau, eo quod de venationibus illius vesceretur: et Rebecca diligebat Iacob.
29 ২৯ এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
Coxit autem Iacob pulmentum: ad quem cum venisset Esau de agro lassus,
30 ৩০ তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
ait: Da mihi de coctione hac rufa, quia oppido lassus sum. Quam ob causam vocatum est nomen eius Edom.
31 ৩১ তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”
Cui dixit Iacob: Vende mihi primogenita tua.
32 ৩২ তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
Ille respondit: En morior, quid mihi proderunt primogenita?
33 ৩৩ যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
Ait Iacob: Iura ergo mihi. Iuravit ei Esau, et vendidit primogenita.
34 ৩৪ তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।
Et sic accepto pane et lentis edulio, comedit, et bibit, et abiit; parvipendens quod primogenita vendidisset.