< আদিপুস্তক 25 >
1 ১ পাছত অব্ৰাহামে কটুৰা নামৰ আন এগৰাকীক বিয়া কৰিলে।
Ibrahim ya auro wata mace, mai suna Ketura.
2 ২ তেওঁৰ ঔৰসত জিম্ৰণ, যক্সন, মদান, মিদিয়ন, যস্বক আৰু চুহৰ জন্ম হ’ল।
Ta haifa masa Zimran, Yokshan, Medan, Midiyan, Ishbak da Shuwa.
3 ৩ যক্সনৰ সন্তান চিবা আৰু দদান। অচুৰীয়া, লটুচীয়া, লিয়ুম্মীয়া, এইকেইজন দদানৰ সন্তান।
Yokshan shi ne mahaifin Sheba da Dedan. Zuriyar Dedan su ne mutanen Ashur, da mutanen Letush, da kuma mutanen Lewummin.
4 ৪ মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
’Ya’yan Midiyan maza su ne, Efa, Efer, Hanok, Abida, da kuma Elda’a. Dukan waɗannan zuriyar Ketura ce.
5 ৫ অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে।
Ibrahim ya bar wa Ishaku kome da ya mallaka.
6 ৬ কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।
Amma yayinda Ibrahim yake da rai, ya ba wa’ya’yan ƙwarƙwaransa maza kyautai, ya kuma sallame su daga ɗansa Ishaku zuwa ƙasashen gabas.
7 ৭ অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
Duka-duka, Ibrahim ya yi shekara ɗari da saba’in da biyar.
8 ৮ অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।
Sa’an nan Ibrahim ya ja numfashinsa na ƙarshe, ya kuma mutu da kyakkyawar tsufa, tsoho da kuma shekaru masu yawa; aka kuma tara shi ga mutanensa.
9 ৯ মম্ৰি চহৰৰ পূব ফালে হিত্তীয়া চোহৰৰ পুত্র ইফ্রোণৰ পথাৰত মকপেলাৰ গুহাত পুত্ৰ ইচহাক আৰু ইশ্মায়েলে একেলগে অব্রাহামক মৈদাম দিলে।
’Ya’yansa maza kuwa Ishaku da Ishmayel suka binne shi cikin kogon Makfela, kusa da Mamre, a cikin filin Efron ɗan Zohar mutumin Hitti,
10 ১০ সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানসকলৰ পৰা কিনিছিল; তাতেই অব্ৰাহামে চাৰাক মৈদাম দিছিল আৰু তাতে অব্ৰাহামকো মৈদাম দিয়া হ’ল।
filin da Ibrahim ya saya daga Hittiyawa. A nan aka binne Ibrahim tare da matarsa Saratu.
11 ১১ অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইচহাকক আশীৰ্ব্বাদ কৰিলে; আৰু ইচহাকে বেৰ-লহয়-ৰোৱীৰ ওচৰত বসবাস কৰিবলৈ ধৰিলে।
Bayan rasuwar Ibrahim, Allah ya albarkaci ɗansa Ishaku wanda a lokacin yana zama kusa da Beyer-Lahai-Royi.
12 ১২ চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।
Waɗannan su ne zuriyar Ishmayel ɗan Ibrahim, wanda Hagar mutuniyar Masar, baranyar Saratu, ta haifa wa Ibrahim.
13 ১৩ জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
Ga jerin sunayen’ya’yan Ishmayel maza bisa ga haihuwarsu, Nebayiwot ɗan farin Ishmayel, Kedar, Adbeyel, Mibsam,
14 ১৪ মিস্মা, দুমা, মচ্ছা
Mishma, Duma, Massa,
15 ১৫ হদদ, তেমা, যটূৰ, নাফীচ আৰু কেদ্মা;
Hadad, Tema, Yetur, Nafish da Kedema.
16 ১৬ ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
Waɗannan su ne’ya’yan Ishmayel maza, waɗanda kuma suke sunayen kabilu goma sha biyu masu mulki bisa ga wuraren zamansu da sansaninsu.
17 ১৭ ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
Duka-duka Ishmayel ya yi shekara ɗari da talatin da bakwai; sai ya ja numfashinsa na ƙarshe, ya kuma mutu, aka kuma tara shi ga mutanensa.
18 ১৮ হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
Zuriyarsa sun zauna tsakanin Hawila ne da Shur, wanda yake kusa da gabashin iyakar Masar wajen Asshur. Sun yi zaman rikici da dukan sauran’yan’uwansu.
19 ১৯ অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বিৱৰণ এই। অব্ৰাহামৰ পুত্রৰ নাম ইচহাক।
Waɗannan su ne zuriyar Ishaku ɗan Ibrahim. Ibrahim ya haifi Ishaku,
20 ২০ ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
Ishaku yana da shekara arba’in sa’ad da ya auri Rebeka’yar Betuwel, mutumin Aram, daga Faddan Aram,’yar’uwar Laban mutumin Aram.
21 ২১ ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
Ishaku ya yi addu’a ga Ubangiji a madadin matarsa, saboda ba ta haihuwa. Ubangiji ya amsa addu’arsa, matarsa Rebeka kuwa ta yi ciki.
22 ২২ তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।
Jariran suka kama kokawa da juna a cikinta, sai ta ce, “Me ya sa wannan yake faruwa da ni?” Saboda haka ta tafi don ta nemi nufin Ubangiji.
23 ২৩ যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
Ubangiji ya ce mata, “Al’ummai biyu suna a cikin mahaifarki mutum biyu da za ki haifa, za su rabu da juna, ɗayan zai fi ɗayan ƙarfi, babban kuma zai bauta wa ƙaramin.”
24 ২৪ যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ’ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যঁজা সন্তান আছিল।
Da lokaci ya yi da za tă haihu, sai ga’yan biyu maza a mahaifarta.
25 ২৫ তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
Wanda ya fara fita ja ne, dukan jikinsa kuwa kamar riga mai gashi. Don haka aka sa masa suna Isuwa.
26 ২৬ তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
Bayan wannan, ɗan’uwansa ya fito, da hannunsa yana riƙe da ɗiɗɗigen Isuwa; don haka aka sa masa suna Yaƙub. Ishaku yana da shekara sittin, lokacin da Rebeka ta haife su.
27 ২৭ এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
Yaran suka yi girma, Isuwa kuwa ya zama riƙaƙƙen maharbi, mutumin jeji, yayinda Yaƙub, shiru-shiru ne mai son zama a tentuna.
28 ২৮ চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
Ishaku, mai son ci naman jeji, ya ƙaunaci Isuwa, amma Rebeka ta ƙaunaci Yaƙub.
29 ২৯ এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
Wata rana sa’ad da Yaƙub yana dafa fate. Isuwa ya shigo daga jeji, da yunwa sosai.
30 ৩০ তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
Ya ce wa Yaƙub, “Ina roƙonka, ka ɗan ɗiba mini faten nan! Ina fama da yunwa!” (Shi ya sa aka kira shi Edom.)
31 ৩১ তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”
Yaƙub ya amsa ya ce, “Ka fara sayar mini da matsayinka na ɗan fari tukuna.”
32 ৩২ তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
Isuwa ya ce, “Duba, ina gab da mutuwa, me matsayina na ɗan fari zai yi mini?”
33 ৩৩ যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
Amma Yaƙub ya ce, “Ka rantse mini tukuna.” Don haka ya rantse masa, ya sayar da matsayinsa na ɗan fari ga Yaƙub.
34 ৩৪ তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।
Sa’an nan Yaƙub ya ba wa Isuwa burodi da ɗan miyan lansir. Ya ci, ya sha, sa’an nan ya tashi ya tafi. Ta haka Isuwa ya yi banza da matsayinsa na ɗan fari.