< আদিপুস্তক 23 >
1 ১ চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল।
Сара живя сто двадесет и седем години; тия бяха годините на Сариния живот.
2 ২ কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।
И Сара умря в Кириат-арва, (който е Хеврон), в Ханаанската земя; и Авраам дойде да жалее Сара и да я оплаче.
3 ৩ পাছত অব্ৰাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তান সকলক ক’লে,
И като стана Авраам от покойницата си, говори на хетейците, казвайки:
4 ৪ “মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক মৈদাম দিব পাৰোঁ।”
Пришелец и заселник съм аз между вас; дайте ми място за погребване между вас, което да е мое, за да погреба покойницата си пред очите си.
5 ৫ তেতিয়া হেতৰ সন্তান সকলে অব্ৰাহামক উত্তৰ দি ক’লে,
А хетейците в отговор на Авраама му казаха:
6 ৬ “হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।”
Послушай ни, господарю; между нас ти си княз Божий; погреби покойницата си в най-добрата от гробниците ни; никой от нас не ще ти откаже гробницата си, за да погребеш покойницата си.
7 ৭ তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে।
Тогава стана Авраам, поклони се на людете на земята, на хетейците, и говори с тях, казвайки:
8 ৮ তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা।
Ако ви е угодно да погреба покойницата си пред очите си, послушайте ме и станете посредници за мене пред Сааровия син Ефрон,
9 ৯ পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”
за да ми даде пещерата си Махпелах, която е на края на нивата му; с пълна цена нека ми я даде всред вас, като собственост за гробница.
10 ১০ তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে,
А Ефрон седеше всред хетейците; и Ефрон, хетеецът, отговори на Авраама пред хетейците, които слушаха, пред всичките, които влизаха в портата на града му, казвайки:
11 ১১ “নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”
Не, господарю, послушай ме; давам ти нивата, давам ти и пещерата, която е в нея; давам ти я пред тия мъже от людете си; погреби покойницата си.
12 ১২ তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে।
Тогава Авраам се поклони пред людете на земята
13 ১৩ আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”
и говори на Ефрона пред людете на земята, които слушаха, казвайки: Но, ако обичаш, моля, послушай ме: ще дам стойността на нивата; вземи я от мене и ще погреба покойницата си там.
14 ১৪ তেতিয়া ইফ্রোণে অব্ৰাহামক উত্তৰ দি ক’লে,
А в отговор Ефрон каза на Авраама:
15 ১৫ “হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।”
Чуй ме, господарю: земя за четиристотин сребърни сикли, какво е между мене и тебе? Погреби, прочее, покойницата си.
16 ১৬ পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।
И Авраам прие казаното от Ефрона; и Авраам претегли на Ефрона парите, които определи пред хетейците, които слушаха, четиристотин сребърни сикли, каквито вървяха между търговците.
17 ১৭ মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে,
И тъй, Ефроновата нива, която беше в Махпелах, срещу Мамврий, - нивата, пещерата, която бе в нея, и всичките дървета в нивата, в междите около цялата нива,
18 ১৮ হেতৰ সন্তান সকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল।
станаха собственост на Авраама пред очите на синовете на Хета, пред всичките, които влизаха в портата на неговия град.
19 ১৯ পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে।
След това Авраам погреба жена си Сара в пещерата на нивата Махпелах, срещу Мамврий, (който е Хеврон), в Ханаанската земя.
20 ২০ এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।
Така нивата и пещерата в нея се утвърдиха на Авраама от хетейците, като собствено гробище.