< আদিপুস্তক 22 >
1 ১ এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।”
Yeinom nyinaa akyiri, Onyankopɔn sɔɔ Abraham hwɛeɛ. Ɔfrɛɛ Abraham sɛ, “Abraham!” Abraham buaa sɛ, “Me nie!”
2 ২ তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
Onyankopɔn ka kyerɛɛ no sɛ, “Fa wo ba, wo ba korɔ Isak a wodɔ no no kɔ Moria asase so, na fa no kɔbɔ ɔhyeɛ afɔdeɛ wɔ mmepɔ a ɛwɔ hɔ no mu baako a mɛkyerɛ wo no so.”
3 ৩ সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।
Abraham sɔree anɔpatutuutu hyehyɛɛ nʼafunumu. Ɔfaa ne nkoa no mu baanu ne ne ba Isak kaa ne ho. Ɔtwitwaa egya a ɛbɛso ɔhyeɛ afɔdeɛ no bɔ no, ɔsiim kɔɔ baabi a Onyankopɔn kyerɛɛ no sɛ ɔnkɔ no.
4 ৪ তিন দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৈৰ পৰাই সেই ঠাই দেখা পালে।
Ne nnansa so no, Abraham too nʼani hunuu sɛ baabi a ɔrekɔ no wɔ akyirikyiri.
5 ৫ তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ প্রার্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।”
Na Abraham ka kyerɛɛ ne nkoa no sɛ, “Mo ne afunumu no ntwɛn ha, na me ne abarimaa no nkɔ animu kakra, nkɔsom. Sɛ yɛsom wie a, yɛbɛsane aba.”
6 ৬ এইবুলি কৈ অব্ৰাহামে হোমবলিৰ কাঠখিনি তেওঁৰ পুত্ৰ ইচহাকৰ কান্ধত দি অগ্নি আৰু ছুৰীখন নিজৰ হাতত ল’লে। তাৰ পাছত তেওঁলোক দুয়ো একেলগে খোজকাঁঢ়ি যাবলৈ ধৰিলে।
Abraham faa anyina a wɔde rekɔbɔ ɔhyeɛ afɔdeɛ no de soaa ne ba Isak. Ɛnna ɔno nso faa egya ne sekammoa kuraeɛ. Ɛberɛ a wɔrekɔ no,
7 ৭ তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই ইয়াতে আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু কাঠ আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?”
Isak frɛɛ nʼagya Abraham sɛ, “Agya!” Ɛnna Abraham buaa sɛ, “Me ba, asɛm bɛn?” Isak bisaa no sɛ, “Egya ne anyina no nie, na odwammaa a yɛde no rekɔbɔ ɔhyeɛ afɔdeɛ no wɔ he?”
8 ৮ অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল।
Abraham buaa sɛ, “Onyankopɔn no ankasa bɛma yɛn afɔredwan a yɛde rekɔbɔ ɔhyeɛ afɔdeɛ no.” Afei, wɔn baanu no toaa so kɔeɛ.
9 ৯ পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত কাঠ সজাই হ’ল। তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ কাঠৰ ওপৰত হ’ল।
Wɔbɛduruu baabi a Onyankopɔn kyerɛɛ no no, Abraham sii afɔrebukyia wɔ hɔ, hyehyɛɛ anyina no wɔ so. Ɔkyekyeree ne ba Isak, de no too anyina no so wɔ afɔrebukyia no so.
10 ১০ তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ ছুৰীখন হাতত ল’লে।
Abraham twee sekammoa no, pagyaa sɛ ɔde rebɛtwa ne ba no mene akum no.
11 ১১ তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।”
Ɛhɔ ara na Awurade ɔbɔfoɔ frɛɛ no firi soro sɛ, “Abraham! Abraham!” Ɛnna Abraham gyee so sɛ, “Me nie.”
12 ১২ দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
Awurade ɔbɔfoɔ no kaa sɛ, “Mfa wo nsa nka abɔfra no. Ɛnyɛ no bɔne biara. Esiane sɛ woamfa wo dɔ ba, wo ba korɔ no ankame me no enti, mahunu sɛ wosuro Onyankopɔn.”
13 ১৩ তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
Abraham maa nʼani so hunuu sɛ nkyɛkyerɛ bi asɔ odwennini bi mmɛn mu wɔ wira no mu hɔ. Abraham kɔkyeree odwennini no de no bɔɔ ɔhyeɛ afɔdeɛ wɔ afɔrebukyia no so, sii ne ba no ananmu.
14 ১৪ তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
Abraham too beaeɛ no din sɛ Awurade De Bɛma. Ɛbɛsi ɛnnɛ no wɔka sɛ, “wɔde bɛma wɔ Awurade bepɔ no so.”
15 ১৫ পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে।
Awurade ɔbɔfoɔ no frɛɛ Abraham firii soro deɛ ɛtɔ so mmienu kaa sɛ,
16 ১৬ তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে,
“Maka me ho ntam sɛ, ɛsiane sɛ woayɛ yei, na woamfa wo ba, wo ba korɔ no ankame me enti,
17 ১৭ মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।
hyira na mɛhyira wo na mama wʼase adɔre sɛ ɔsoro nsoromma ne mpoano anwea. Na wʼasefoɔ bɛgye wɔn atamfoɔ nkuropɔn adi so.
18 ১৮ তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
Wɔnam wʼasefoɔ so na wɔbɛhyira ewiase amanaman nyinaa, ɛfiri sɛ, woadi mʼasɛm so.”
19 ১৯ পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল।
Afei, Abraham sane kɔɔ nʼasomfoɔ no nkyɛn ne wɔn siim kɔɔ Beer-Seba kɔtenaa hɔ.
20 ২০ এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।”
Yeinom nyinaa akyiri no, wɔka kyerɛɛ Abraham sɛ, “Milka nso yɛ ɔbaatan a wawo mmammarima ama wo nuabarima Nahor. Wɔn din na ɛdidi so yi:
21 ২১ তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম।
Us yɛ abakan, Us nuabarima Bus na ɔtɔ so mmienu. Deɛ ɔdi so ne Kemuel, a ɔyɛ Aram agya.
22 ২২ অন্যান্য সন্তান সকল কেচদ, হজো, পিলদচ, ফিদলফ, আৰু বথোৱেল।
Wɔn a wɔaka no ne Kesed, Haso, Pildas, Yidlaf ne Betuel.”
23 ২৩ এই বথোৱেলৰ ছোৱালীৰ নাম ৰিবেকা আছিল। মিল্কাই অব্ৰাহামৰ ককায়েক নাহোৰলৈ এই আঠজনক প্ৰসৱ কৰিলে।
Saa Betuel yi na ɔwoo Rebeka. Milka ne Abraham nua Nahor na wɔwowoo saa mmammarima baawɔtwe yi.
24 ২৪ নাহোৰৰ এগৰাকী উপপত্নী আছিল। তাইৰ নাম আছিল ৰোমা। তাই টেবহ, গহম, তহচ, আৰু মাখা এইসকলক প্ৰসৱ কৰিলে।
Nahor ne ne mpena Rehuma nso wowoo mma baanan a wɔn din de, Teba, Gaham, Tahas ne Maaka.