< আদিপুস্তক 21 >
1 ১ যিহোৱাই নিজৰ কথাৰ দৰে চাৰালৈ অনুগ্ৰহ কৰিলে আৰু চাৰালৈ যি কৰিব বুলি কৈছিল তেওঁ তাক সিদ্ধ কৰিলে।
A Pan nawiedził Sarę, jako był rzekł: i uczynił Pan Sarze, jako był powiedział.
2 ২ চাৰা গৰ্ভৱতী হ’ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্রতিজ্ঞা কৰাৰ সময়তে সেই পুত্রৰ জন্ম হ’ল।
Bo poczęła i porodziła Sara Abrahamowi syna w starości jego, na tenże czas, który mu był Bóg przepowiedział.
3 ৩ অব্ৰাহামে চাৰাই প্রসৱ কৰা এই পুত্ৰৰ নাম “ইচহাক” ৰাখিলে।
I nazwał Abraham imię syna swego, który mu się urodził, którego mu urodziła Sara, Izaak.
4 ৪ ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে।
I obrzezał Abraham Izaaka, syna swego, gdy był w ośmiu dniach, jako mu był rozkazał Bóg.
5 ৫ পুত্ৰ ইচহাকৰ জন্মৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল এশ বছৰ।
A było Abrahamowi sto lat, gdy mu się urodził Izaak, syn jego.
6 ৬ চাৰাই ক’লে, “পূর্বে নিঃসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলোঁ, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে; তেওঁ যি কৰিলে সেই কথা শুনা প্রতিজনেও মোৰে সৈতে হাঁহিব।”
Tedy rzekła Sara: Śmiech mi uczynił Bóg; ktokolwiek usłyszy, śmiać się będzie ze mną.
7 ৭ তেওঁ পুনৰ ক’লে, “ইয়াৰ আগতে কোনোৱে জানো অব্ৰাহামক ক’ব পাৰিলেহেঁতেন যে মই এদিন সন্তানক পিয়াহ খুৱাম? কিয়নো মই এতিয়া তেওঁৰ বুঢ়া কালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলোঁ।”
I rzekła: Któżby to był rzekł Abrahamowi, że Sara będzie karmiła piersiami syny? gdyżem urodziła syna w starości jego.
8 ৮ ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁৰ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে।
Rosło tedy dziecię, i odstawione jest od piersi; i uczynił Abraham ucztę wielką w dzień odstawienia Izaaka.
9 ৯ এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।
Potem ujrzała Sara syna Hagary, Egipczanki, przeszydzającego, którego urodziła Abrahamowi;
10 ১০ তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! মই নিবিচাৰোঁ যে আমাৰ ইচহাকৰ সৈতে সেই দাসীৰ পুত্র উত্তৰাধিকাৰৰ ভাগী হওঁক।”
I rzekła do Abrahama: Wyrzuć tę służebnicę, i syna jej; albowiem nie będzie dziedziczył syn tej służebnicy z synem mym Izaakiem.
11 ১১ পুত্র ইশ্মায়েলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে।
Ale się to bardzo nie podobało w oczach Abrahamowych, dla syna jego.
12 ১২ কিন্তু ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ল’ৰা ইশ্মায়েল কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাৱি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কার্য কৰা; কিয়নো ইচহাকৰ দ্বাৰায়েই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ’ব।
Tedy rzekł Bóg do Abrahama: Niech to przykro nie będzie w oczach twoich z strony dziecięcia, i z strony służebnicy twojej; coćkolwiek rzecze Sara, usłuchaj głosu jej; boć w Izaaku nazwane będzie nasienie.
13 ১৩ সেই দাসীৰ পুত্রৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেৱোঁ তোমাৰেই বংশৰধৰ।”
Wszakże i syna służebnicy rozmnożę w naród, przeto iż nasieniem twojem jest.
14 ১৪ পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
Wstał tedy Abraham bardzo rano, a wziąwszy chleb i łagiew wody, dał Hagarze; i włożywszy to na ramię jej, i z dziecięciem, odprawił ją; która poszedłszy błąkała się po puszczy Beerseba.
15 ১৫ যেতিয়া ছালৰ মোনাৰ পানী শেষ হৈ গ’ল, তেতিয়া হাগাৰে ল’ৰাটোক এটা জোপোহাৰ তলত শুৱাই হ’ল।
A gdy nie stało wody w łagwi, porzuciła dziecię pod jednem drzewem;
16 ১৬ তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
I odszedłszy usiadła przeciw niemu, tak daleko, jako na strzeleniu z łuku; bo mówiła: Nie będę patrzyła na śmierć dziecięcia; a siedząc przeciw niemu, podniosła głos swój, i płakała.
17 ১৭ ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।
Tedy usłyszał Bóg głos dziecięcy, i zawołał Anioł Boży na Hagarę z nieba, i rzekł jej: Cóżci Hagaro? nie bój się, boć usłyszał Bóg głos dziecięcy z miejsca, na którem jest.
18 ১৮ তুমি উঠা আৰু ল’ৰাটিক তুলি লৈ শান্ত কৰাত সহায় কৰা; কিয়নো মই তেওঁৰ যোগেদি এক মহাজাতি উৎপন্ন কৰিম।”
Wstań, weźmij dziecię, a ujmij je ręką swoją: bo w naród wielki rozmnożę je.
19 ১৯ তাৰ পাছতে ঈশ্বৰে হাগাৰৰ চকু মুকলি কৰাত তেওঁ এটা কুৱাঁ দেখা পালে; তেতিয়া হাগাৰে সেই কুৱাঁৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটোত পানী ভৰাই ল’ৰাক পান কৰালে।
Otworzył tedy Bóg oczy jej, że ujrzała źródło wody; a szedłszy napełniła łagiew wodą, i dała pić dziecięciu.
20 ২০ ঈশ্বৰ সেই ল’ৰাৰ লগত থাকিল আৰু তেওঁ ডাঙৰ হ’বলৈ ধৰিলে। তেওঁ মৰুপ্রান্তৰত বাস কৰিলে আৰু এজন ধনুৰ্দ্ধৰ হ’ল।
I był Bóg z onem dziecięciem, Które urosło, i mieszkało na puszczy, był z niego strzelec dobry z łuku.
21 ২১ পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
A mieszkał na puszczy Faran; i wzięła mu matka jego żonę z ziemi Egipskiej.
22 ২২ সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
I stało się onegoż czasu, że rzekł Abimelech, i Fikol, hetman wojska jego, do Abrahama mówiąc: Bóg z tobą we wszystkiem, co ty czynisz.
23 ২৩ সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওঁক যে, মোৰ অথবা মোৰ সন্তান সকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰো লগত আপুনি ছলনাৰ কার্য নকৰিব। মই যেনেকৈ আপোনাৰ প্রতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে, সেই দেশৰ প্রতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব।”
A tak teraz, przysiąż mi przez Boga, że mię w niczem podchodzić nie będziesz, ani syna mego, ani wnuka mego; ale według miłosierdzia, którem uczynił z tobą, uczynisz ze mną, i z ziemią, w którejś był przychodniem.
24 ২৪ অব্ৰাহামে ক’লে, “হয়, মই শপত খাইছোঁ।”
Tedy odpowiedział Abraham: Ja przysięgnę.
25 ২৫ কিন্তু তেওঁ এটা কুৱাঁৰ বিষয়ে অভিযোগ কৰি অবীমেলকক ক’লে যে অবীমেলকৰ দাসবোৰে সেইটো বলেৰে তেওঁৰ পৰা অধিকাৰ কৰি লৈছে।
I przymawiał Abraham Abimelechowi o studnią wody, którą mu byli gwałtem odjęli słudzy Abimelechowi.
26 ২৬ তেতিয়া অবীমেলকে ক’লে, “এই কাম কোনে কৰিলে তাক মই নাজানো; এই কথা আগেয়ে আপুনি মোক জনোৱাও নাই। মই আজিলৈকে এই কথা শুনা নাছিলো, এতিয়াহে শুনিলো।”
I rzekł Abimelech: Nie wiem kto by to uczynił, nawet i tyś mi nie oznajmił, i jam nie słyszał o tem dopiero dziś.
27 ২৭ তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ-ছাগ আৰু গৰু আনি অবীমেলকক দিলে আৰু দুয়োজনে এক চুক্তি কৰিলে।
Nabrał tedy Abraham owiec i wołów, i dał Abimelechowi, i uczynili oba przymierze.
28 ২৮ পাছত অব্ৰাহামে নিজৰ মেৰ-ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগ কৰি হ’ল।
I postawił Abraham siedmioro owiec z stada osobno.
29 ২৯ তাকে দেখি অবীমেলকে অব্ৰাহামক সুধিলে, “আপুনি এই সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগে যে থৈছে, তাৰ কাৰণটো কি?”
Tedy Abimelech rzekł do Abrahama: Na cóż to siedmioro owiec, któreś postawił osobno?
30 ৩০ তেওঁ ক’লে, “আপুনি মোৰ হাতৰ পৰা এইবোৰ গ্রহণ কৰিলেহে মোৰ বাবে ই প্রমাণিত হ’ব যে এই কুৱাঁটো মই খান্দিছিলো।”
A on odpowiedział: Iż te siedem owiec weźmiesz z rąk moich, aby mi były na świadectwo, żem wykopał tę studnię.
31 ৩১ সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
Dlatego nazwano miejsce ono Beerseba; albowiem tam obaj przysięgli.
32 ৩২ এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
A tak zawarli przymierze w Beerseba. Potem wstawszy Abimelech, i Fikol, hetman wojska jego, wrócili się do ziemi Filistyńskiej.
33 ৩৩ অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।
I nasadził Abraham drzewa w Beerseba, i wzywał tam imienia Pana Boga wiecznego.
34 ৩৪ অব্ৰাহাম পলেষ্টীয়াসকলৰ দেশত বহুদিন ধৰি বিদেশীৰূপে থাকিল।
I mieszkał Abraham w ziemi Filistyńskiej przez wiele dni.