< আদিপুস্তক 21 >

1 যিহোৱাই নিজৰ কথাৰ দৰে চাৰালৈ অনুগ্ৰহ কৰিলে আৰু চাৰালৈ যি কৰিব বুলি কৈছিল তেওঁ তাক সিদ্ধ কৰিলে।
و خداوند برحسب وعده خود، ازساره تفقد نمود، و خداوند، آنچه به ساره گفته بود، بجا آورد.۱
2 চাৰা গৰ্ভৱতী হ’ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্রতিজ্ঞা কৰাৰ সময়তে সেই পুত্রৰ জন্ম হ’ল।
و ساره حامله شده، ازابراهیم در‌پیری‌اش، پسری زایید، در وقتی که خدا به وی گفته بود.۲
3 অব্ৰাহামে চাৰাই প্রসৱ কৰা এই পুত্ৰৰ নাম “ইচহাক” ৰাখিলে।
و ابراهیم، پسر مولود خودرا، که ساره از وی زایید، اسحاق نام نهاد.۳
4 ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে।
و ابراهیم پسر خود اسحاق را، چون هشت روزه بود، مختون ساخت، چنانکه خدا او را امر فرموده بود.۴
5 পুত্ৰ ইচহাকৰ জন্মৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল এশ বছৰ।
و ابراهیم، در هنگام ولادت پسرش، اسحاق، صد ساله بود.۵
6 চাৰাই ক’লে, “পূর্বে নিঃসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলোঁ, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে; তেওঁ যি কৰিলে সেই কথা শুনা প্রতিজনেও মোৰে সৈতে হাঁহিব।”
و ساره گفت: «خدا خنده برای من ساخت، و هر‌که بشنود، با من خواهدخندید.»۶
7 তেওঁ পুনৰ ক’লে, “ইয়াৰ আগতে কোনোৱে জানো অব্ৰাহামক ক’ব পাৰিলেহেঁতেন যে মই এদিন সন্তানক পিয়াহ খুৱাম? কিয়নো মই এতিয়া তেওঁৰ বুঢ়া কালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলোঁ।”
و گفت: «که بود که به ابراهیم بگوید، ساره اولاد را شیر خواهد داد؟ زیرا که پسری برای وی، در‌پیری‌اش زاییدم.»۷
8 ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁৰ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে।
و آن پسر نموکرد، تا او را از شیر باز گرفتند. و در روزی که اسحاق را از شیر باز داشتند، ابراهیم ضیافتی عظیم کرد.۸
9 এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।
آنگاه ساره، پسر هاجر مصری را که ازابراهیم زاییده بود، دید که خنده می‌کند.۹
10 ১০ তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! মই নিবিচাৰোঁ যে আমাৰ ইচহাকৰ সৈতে সেই দাসীৰ পুত্র উত্তৰাধিকাৰৰ ভাগী হওঁক।”
پس به ابراهیم گفت: «این کنیز را با پسرش بیرون کن، زیرا که پسر کنیز با پسر من اسحاق، وارث نخواهد بود.»۱۰
11 ১১ পুত্র ইশ্মায়েলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে।
اما این امر، بنظر ابراهیم، درباره پسرش بسیار سخت آمد.۱۱
12 ১২ কিন্তু ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ল’ৰা ইশ্মায়েল কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাৱি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কার্য কৰা; কিয়নো ইচহাকৰ দ্বাৰায়েই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ’ব।
خدا به ابراهیم گفت: «درباره پسر خود و کنیزت، بنظرت سخت نیاید، بلکه هر‌آنچه ساره به تو گفته است، سخن او رابشنو، زیرا که ذریت تو از اسحاق خوانده خواهدشد.۱۲
13 ১৩ সেই দাসীৰ পুত্রৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেৱোঁ তোমাৰেই বংশৰধৰ।”
و از پسر کنیز نیز امتی بوجود آورم، زیراکه او نسل توست.»۱۳
14 ১৪ পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
بامدادان، ابراهیم برخاسته، نان و مشکی از آب گرفته، به هاجر داد، و آنها را بر دوش وی نهاد، و او را با پسر روانه کرد. پس رفت، و در بیابان بئرشبع می‌گشت.۱۴
15 ১৫ যেতিয়া ছালৰ মোনাৰ পানী শেষ হৈ গ’ল, তেতিয়া হাগাৰে ল’ৰাটোক এটা জোপোহাৰ তলত শুৱাই হ’ল।
وچون آب مشک تمام شد، پسر را زیر بوته‌ای گذاشت.۱۵
16 ১৬ তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
و به مسافت تیر پرتابی رفته، در مقابل وی بنشست، زیرا گفت: «موت پسر را نبینم.» و در مقابل او نشسته، آواز خود را بلند کرد وبگریست.۱۶
17 ১৭ ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।
و خدا، آواز پسر را بشنید، و فرشته خدا از آسمان، هاجر را ندا کرده، وی را گفت: «ای هاجر، تو را چه شد؟ ترسان مباش، زیراخدا، آواز پسر را در آنجایی که اوست، شنیده است.۱۷
18 ১৮ তুমি উঠা আৰু ল’ৰাটিক তুলি লৈ শান্ত কৰাত সহায় কৰা; কিয়নো মই তেওঁৰ যোগেদি এক মহাজাতি উৎপন্ন কৰিম।”
برخیز و پسر را برداشته، او را به‌دست خود بگیر، زیرا که از او، امتی عظیم بوجودخواهم آورد.»۱۸
19 ১৯ তাৰ পাছতে ঈশ্বৰে হাগাৰৰ চকু মুকলি কৰাত তেওঁ এটা কুৱাঁ দেখা পালে; তেতিয়া হাগাৰে সেই কুৱাঁৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটোত পানী ভৰাই ল’ৰাক পান কৰালে।
و خدا چشمان او را باز کرد تاچاه آبی دید. پس رفته، مشک را از آب پر کرد، وپسر را نوشانید.۱۹
20 ২০ ঈশ্বৰ সেই ল’ৰাৰ লগত থাকিল আৰু তেওঁ ডাঙৰ হ’বলৈ ধৰিলে। তেওঁ মৰুপ্রান্তৰত বাস কৰিলে আৰু এজন ধনুৰ্দ্ধৰ হ’ল।
و خدا با آن پسر می‌بود. و اونمو کرده، ساکن صحرا شد، و در تیراندازی بزرگ گردید.۲۰
21 ২১ পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
و در صحرای فاران، ساکن شد. ومادرش زنی از زمین مصر برایش گرفت.۲۱
22 ২২ সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
و واقع شد، در آن زمانی که ابی ملک، وفیکول، که سپهسالار او بود، ابراهیم را عرض کرده، گفتند که «خدا در آنچه می‌کنی با توست.۲۲
23 ২৩ সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওঁক যে, মোৰ অথবা মোৰ সন্তান সকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰো লগত আপুনি ছলনাৰ কার্য নকৰিব। মই যেনেকৈ আপোনাৰ প্রতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে, সেই দেশৰ প্রতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব।”
اکنون برای من، در اینجا به خدا سوگند بخور، که با من و نسل من و ذریت من خیانت نخواهی کرد، بلکه برحسب احسانی که با تو کرده‌ام، با من و با زمینی که در آن غربت پذیرفتی، عمل خواهی نمود.»۲۳
24 ২৪ অব্ৰাহামে ক’লে, “হয়, মই শপত খাইছোঁ।”
ابراهیم گفت: «من سوگند می‌خورم.»۲۴
25 ২৫ কিন্তু তেওঁ এটা কুৱাঁৰ বিষয়ে অভিযোগ কৰি অবীমেলকক ক’লে যে অবীমেলকৰ দাসবোৰে সেইটো বলেৰে তেওঁৰ পৰা অধিকাৰ কৰি লৈছে।
و ابراهیم ابی ملک را تنبیه کرد، بسبب چاه آبی که خادمان ابی ملک، از او به زور گرفته بودند.۲۵
26 ২৬ তেতিয়া অবীমেলকে ক’লে, “এই কাম কোনে কৰিলে তাক মই নাজানো; এই কথা আগেয়ে আপুনি মোক জনোৱাও নাই। মই আজিলৈকে এই কথা শুনা নাছিলো, এতিয়াহে শুনিলো।”
ابی ملک گفت: «نمی دانم کیست که این کار راکرده است، و تو نیز مرا خبر ندادی، و من هم تاامروز نشنیده بودم.»۲۶
27 ২৭ তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ-ছাগ আৰু গৰু আনি অবীমেলকক দিলে আৰু দুয়োজনে এক চুক্তি কৰিলে।
و ابراهیم، گوسفندان وگاوان گرفته، به ابی ملک داد، و با یکدیگر عهدبستند.۲۷
28 ২৮ পাছত অব্ৰাহামে নিজৰ মেৰ-ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগ কৰি হ’ল।
و ابراهیم، هفت بره از گله جدا ساخت.۲۸
29 ২৯ তাকে দেখি অবীমেলকে অব্ৰাহামক সুধিলে, “আপুনি এই সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগে যে থৈছে, তাৰ কাৰণটো কি?”
۲۹
30 ৩০ তেওঁ ক’লে, “আপুনি মোৰ হাতৰ পৰা এইবোৰ গ্রহণ কৰিলেহে মোৰ বাবে ই প্রমাণিত হ’ব যে এই কুৱাঁটো মই খান্দিছিলো।”
گفت: «که این هفت بره ماده را از دست من قبول فرمای، تا شهادت باشدکه این چاه را من حفر نمودم.»۳۰
31 ৩১ সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
از این سبب، آن مکان را، بئرشبع نامید، زیرا که در آنجا با یکدیگرقسم خوردند.۳۱
32 ৩২ এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
و چون آن عهد را در بئرشبع بسته بودند، ابی ملک با سپهسالار خود فیکول برخاسته، به زمین فلسطینیان مراجعت کردند.۳۲
33 ৩৩ অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।
و ابراهیم در بئرشبع، شوره کزی غرس نمود، ودر آنجا به نام یهوه، خدای سرمدی، دعا نمود.۳۳
34 ৩৪ অব্ৰাহাম পলেষ্টীয়াসকলৰ দেশত বহুদিন ধৰি বিদেশীৰূপে থাকিল।
پس ابراهیم در زمین فلسطینیان، ایام بسیاری بسر برد.۳۴

< আদিপুস্তক 21 >