< আদিপুস্তক 20 >
1 ১ অব্ৰাহামে পূর্বৰ ঠাই এৰি নেগেভ দেশৰ ফালে গ’ল। তাত তেওঁ কাদেচ আৰু চূৰৰ মাজৰ এঠাইত থাকিবলৈ ল’লে; সেই গৰাৰ নগৰত তেওঁ প্ৰবাসী আছিল।
Na ka turia atu e Aperahama i reira ki te whenua i te tonga, a ka noho ki waenganui o Karehe, o Huru, a ka noho ia ki Kerara, he noho manene.
2 ২ তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
Na ko Hara, ko tana wahine, ka kiia e Aperahama, Ko toku tuahine ia: a ka tonoa mai e Apimereke kingi o Kerara, tangohia atu ana a Hara.
3 ৩ কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
Na ka puta moemoea mai te Atua ki a Apimereke i te po, ka mea ki a ia, Nana, ka mate koe mo te wahine i tangohia nei i koe; he wahine hoki ia na te tane.
4 ৪ অবীমেলকে কিন্তু তেতিয়াও চাৰাৰ ওচৰলৈ যোৱা নাছিল; সেয়ে তেওঁ ক’লে, “হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিব নে?
Kahore ano ia a Apimereke kia tata noa ki a ia; a ka mea ia, E te Ariki, ka whakamate ano ranei koe i te iwi tika?
5 ৫ সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
Kahore ranei ia i mea mai ki ahau, Ko toku tuahine ia? me te wahine hoki, i mea mai ano ia, Ko toku tungane ia: he tapatahi toku ngakau, he harakore hoki oku ringa i mea ai ahau i tenei mea.
6 ৬ তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
A ka korero moemoea mai te Atua ki a ia, Ae ra, i mohio tonu ahau he tapatahi tou ngakau i a koe i mea ai i tenei mea; i pupuri hoki ahau i a koe kei hara koe ki ahau; na reira koe te tukua ai e ahau kia pa ki a ia.
7 ৭ গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
Na, whakahokia akuanei te wahine a tena tangata; no te mea hoki he poropiti ia, a mana e inoi mou, a ka ora koe: ki te kore e whakahokia e koe, kia mohio koe, ka tino mate koe, koutou ko nga mea katoa i a koe.
8 ৮ পাছদিনা অবীমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ দাসবোৰক ওচৰলৈ মাতি এই সকলো কথা ক’লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল।
Na i te ata tu ka maranga a Apimereke, karangatia ana ana tangata katoa, a korerotia ana enei mea katoa ki o ratou taringa: a nui atu te wehi o aua tangata.
9 ৯ তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
Na ka karanga a Apimereke ki a Aperahama, ka mea ki a ia, He mahi aha tenei au ki a matou? a he aha toku hara ki a koe, i takina mai ai e koe he hara nui ki ahau, ki toku kingitanga ano hoki? kua meinga e koe etahi mea ki ahau kahore nei i tika k ia mahia.
10 ১০ অবীমেলকে অব্ৰাহামক পুনৰ ক’লে, “আপুনি কি ভাৱি এনে কাৰ্য কৰিলে?”
A ka mea ano a Apimereke ki a Aperahama, I kite koe i te aha i meatia ai tenei mea e koe?
11 ১১ তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
Na ka mea a Aperahama, I mahara hoki ahau, He pono, kahore te wehi o te Atua i tenei wahi; a ka patua ahau e ratou mo taku wahine.
12 ১২ তাৰ বাহিৰেও বাস্তৱিকত তেওঁ মোৰ ভনীও হয়; আমাৰ মাতৃ বেলেগ হ’লেও তেওঁৰ আৰু মোৰ পিতৃ একে। এতেকে তেওঁ মোৰ ভার্য্যা হ’ল।
He pono ano ia he tuahine ia noku, ko te tamahine a toku papa, otiia ehara i te tamahine na toku whaea; a ka noho hei wahine maku:
13 ১৩ ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
A, i ta te Atua meatanga i ahau kia kopiko haere ake i te whare o toku papa, ka mea ahau ki a ia, Ko tou aroha tenei, hei whakaputa mau ki ahau: hei nga wahi katoa e tae ai taua, korero moku, Ko toku tungane ia.
14 ১৪ তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।
Na ka tikina e Apimereke he hipi, he kau, he pononga tane, he pononga wahine, a hoatu ana e ia ki a Aperahama, a whakahokia ana e ia a Hara, tana wahine, ki a ia.
15 ১৫ অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।”
A ka mea a Apimereke, Nana, kei tou aroaro toku whenua: nohoia e koe te wahi e pai ana ki tau titiro.
16 ১৬ তেওঁ চাৰাকো ক’লে, “চোৱা, তোমাৰ ককায়েৰাক মই এক হাজাৰ ৰূপ দিছোঁ; ইয়েই তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে। তোমাৰ কোনো দোষ নাই।”
A ki a Hara i mea ia, Nana, kua hoatu e ahua ki tou tungane kotahi mano nga hiriwa: na, hei uhi tena mo ou kanohi ki nga tangata katoa i a koe; hei tohu hoki mo tou tika i katoa.
17 ১৭ তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।
Katahi ka inoi a Aperahama ki te Atua: na kua ora i te Atua a Apimereke, ratou ko tana wahine, ko ana pononga wahine; a ka whanau tamariki ratou.
18 ১৮ কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।
Kua tutakina rawatia hoki e Ihowa nga kopu katoa o te whare o Apimereke, mo Hara, mo te wahine a Aperahama.