< আদিপুস্তক 2 >
1 ১ এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল।
Thus were finished the heavens and the earth and all their host.
2 ২ ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
Thus God finished, on the seventh day his work which he had made, and rested, on the seventh day, from all his work which he had made.
3 ৩ ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
And God blessed the seventh day, and hallowed it, —because therein, rested he from all his work which God, by creating, had made.
4 ৪ এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
These are the geneses of the heavens and the earth when they were created, —in the day when Yahweh God made earth and heavens.
5 ৫ তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল।
Now, no bush of the field, as yet—was in the earth, and, no herb of the field, as yet had sprung up, —because Yahweh God had not sent rain on the earth, and, man, was there none to till the ground;
6 ৬ কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
but, a vapour, went up from the earth, —and watered all the face of the ground.
7 ৭ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
So then Yahweh God formed man of the dust of the ground, and breathed in his nostrils the breath of life—and man became a living soul.
8 ৮ ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
And Yahweh God planted a garden in Eden, on the east, —and put there the man whom he had formed.
9 ৯ সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
And Yahweh God, caused to spring up, out of the ground, every tree pleasant to the sight and good for food, —and the tree of life, in the midst of the garden, and the tree of the knowledge of good and evil.
10 ১০ সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
Now, a river, was coming forth out of Eden, to water the garden, —and, from thence, it parted, and became four heads,
11 ১১ প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
The name of the one, is Pishon, —the same, is that which surroundeth all the land of Havilah, where is gold;
12 ১২ সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
moreover the gold of that land, is good, —there, is the bdellium, and the beryl stone,
13 ১৩ দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
And the name of the second river, is Gihon, —the same, is that which surroundeth all the land of Cush,
14 ১৪ তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।
And, the name of the third river, is Hiddekel, the same, is that which goeth in front of Assyria; and the fourth river, is Euphrates.
15 ১৫ ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
So Yahweh God took the man, —and placed him in the garden of Eden, to till it and to keep it.
16 ১৬ ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
And Yahweh God laid command on the man, saying, —Of every tree of the garden, thou mayest eat;
17 ১৭ কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
but of the tree of the knowledge of good and evil, thou shalt not eat of it, —for in the day thou eatest thereof, thou shalt die.
18 ১৮ তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
And Yahweh God said, It is, not good, that the man should remain alone, —I will make for him a helper as his counterpart.
19 ১৯ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
Now Yahweh God had formed from the ground every living thing of the field and every bird of the heavens, which he brought in unto the man, that he might see what he should call it, —and, whatsoever the man should call it—any living soul, that, should be the name thereof.
20 ২০ মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
So the man gave names to all the tame-beasts, and to the birds of the heavens, and to all the wild-beasts of the field, —but, for man, had there not been found a helper as his counterpart.
21 ২১ সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
So Yahweh God caused a deep sleep to fall on the man, and he slept, —and he took one of his ribs, and closed up flesh instead thereof.
22 ২২ ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
And Yahweh God builded the rib which he had taken from the man, into a woman, and brought her in unto the man.
23 ২৩ তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”
And the man said, This, one, now, is bone of my bones, and flesh of my flesh! This, one shall be called Woman, for, out of a man, hath this one been taken.
24 ২৪ সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
For this cause, will a man leave his father and his mother, and cleave unto his wife, and they shall become one flesh.
25 ২৫ সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল।
And they were both of them naked, the man and his wife, —and put not each other to shame.