< আদিপুস্তক 18 >

1 অব্রাহামে যেতিয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহোৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়াৰ ৰদত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল;
هنگامی که ابراهیم در بلوطستان ممری سکونت داشت، خداوند بار دیگر بر او ظاهر شد. شرح واقعه چنین است: ابراهیم در گرمای روز بر در خیمه خود نشسته بود.
2 তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
ناگهان متوجه شد که سه مرد به طرفش می‌آیند. پس از جا برخاست و به استقبال آنها شتافت. ابراهیم رو به زمین نهاده،
3 তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব।
گفت: «ای سَروَرم، تمنا می‌کنم اندکی توقف کرده،
4 মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
در زیر سایه این درخت استراحت کنید. من می‌روم و برای شستن پاهای شما آب می‌آورم.
5 আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব।” তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।”
لقمه نانی نیز خواهم آورد تا بخورید و قوت بگیرید و بتوانید به سفر خود ادامه دهید. شما میهمان من هستید.» آنها گفتند: «آنچه گفتی بکن.»
6 অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।”
آنگاه ابراهیم با شتاب به خیمه برگشت و به سارا گفت: «عجله کن! چند نان از بهترین آردی که داری بپز.»
7 তাৰ পাছত অব্ৰাহামে লৰি গৈ পশুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁৰ দাসক দিলে; সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে।
سپس خودش به طرف گله دویده، یک گوسالهٔ خوب گرفت و به نوکر خود داد تا هر چه زودتر آن را آماده کند.
8 পাছত অব্রাহামে দৈ, গাখীৰ আৰু দামুৰিৰ ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে; তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া অব্রাহাম তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল।
طولی نکشید که ابراهیم مقداری کره و شیر و کباب برای مهمانان خود آورد و جلوی آنها گذاشت و در حالی که آنها مشغول خوردن بودند، زیر درختی در کنار ایشان ایستاد.
9 তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।”
مهمانان از ابراهیم پرسیدند: «همسرت سارا کجاست؟» جواب داد: «او در خیمه است.»
10 ১০ তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
آنگاه یکی از ایشان گفت: «سال بعد در چنین زمانی نزد تو خواهم آمد و سارا پسری خواهد زایید!» (سارا پشت درِ خیمه ایستاده بود و به سخنان آنها گوش می‌داد.)
11 ১১ অব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ-বৃদ্ধা; বয়সে ভাঁটি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল।
در آن وقت ابراهیم و سارا هر دو بسیار پیر بودند و دیگر از سارا گذشته بود که صاحب فرزندی شود.
12 ১২ সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক’লে, “মোৰ স্বামী এতিয়া বুঢ়া হ’ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ’ব নে?”
پس سارا در دل خود خندید و گفت: «آیا زنی به سن و سال من با چنین شوهر پیری می‌تواند بچه‌دار شود؟»
13 ১৩ যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, “চাৰাই কেলেই এই কথা কৈ হাঁহিলে যে ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম?’
خداوند به ابراهیم گفت: «چرا سارا خندید و گفت:”آیا زنی به سن و سال من می‌تواند بچه‌دار شود؟“
14 ১৪ যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
مگر کاری هست که برای خداوند مشکل باشد؟ همان‌طوری که به تو گفتم سال بعد، در چنین زمانی نزد تو خواهم آمد و سارا پسری خواهد زایید.»
15 ১৫ চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।”
اما سارا چون ترسیده بود، انکار نموده، گفت: «من نخندیدم!» گفت: «چرا خندیدی!»
16 ১৬ তাৰ পাছত সেই লোককেইজন উঠিল আৰু তললৈ চদোমৰ ফালে চালে। অব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ’ল।
آنگاه آن سه مرد برخاستند تا به شهر سدوم بروند و ابراهیم نیز برخاست تا ایشان را بدرقه کند.
17 ১৭ পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?
اما خداوند گفت: «آیا نقشهٔ خود را از ابراهیم پنهان کنم؟
18 ১৮ অৱশ্যেই অব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ’ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
حال آنکه از وی قومی بزرگ و قوی پدید خواهد آمد و همهٔ قومهای جهان از او برکت خواهند یافت.
19 ১৯ মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
من او را برگزیده‌ام تا فرزندان و اهل خانهٔ خود را تعلیم دهد که مرا اطاعت نموده، آنچه را که راست و درست است به جا آورند. اگر چنین کنند من نیز آنچه را که به او وعده داده‌ام، انجام خواهم داد.»
20 ২০ তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে;
پس خداوند به ابراهیم فرمود: «فریاد علیه ظلمِ مردم سدوم و عموره بلند شده است و گناهان ایشان بسیار زیاد گشته است.
21 ২১ সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।”
پس به پایین می‌روم تا به فریادی که به گوش من رسیده است، رسیدگی کنم.»
22 ২২ তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
آنگاه آن دو نفر به جانب شهر سدوم روانه شدند، ولی خداوند نزد ابراهیم ماند.
23 ২৩ অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে?
ابراهیم به او نزدیک شده، گفت: «خداوندا، آیا عادلان را با بدکاران با هم هلاک می‌کنی؟
24 ২৪ সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে?
شاید پنجاه عادل در آن شهر باشند. آیا به خاطر آنها، از نابود کردن آنجا صرفنظر نخواهی کرد؟
25 ২৫ ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
یقین دارم که تو عادلان را با بدکاران هلاک نخواهی نمود. چطور ممکن است با عادلان و بدکاران یکسان رفتار کنی؟ آیا داور تمام جهان از روی عدل و انصاف داوری نخواهد کرد؟»
26 ২৬ তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।”
خداوند در پاسخ ابراهیم فرمود: «اگر پنجاه عادل در شهر سدوم پیدا کنم، به خاطر آنها از نابود کردن آنجا صرفنظر خواهم کرد.»
27 ২৭ অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ;
ابراهیم باز عرض کرد: «به منِ ناچیز و خاکی اجازه بده جسارت کرده، بگویم که
28 ২৮ যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।”
اگر در شهر سدوم فقط چهل و پنج عادل باشند، آیا برای پنج نفر کمتر، شهر را نابود خواهی کرد؟» خداوند فرمود: «اگر چهل و پنج نفر آدم درستکار در آنجا باشند، آن را از بین نخواهم برد.»
29 ২৯ অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।”
ابراهیم باز به سخنان خود ادامه داد و گفت: «شاید چهل نفر باشند!» خداوند فرمود: «اگر چهل نفر هم باشند آنجا را از بین نخواهم برد.»
30 ৩০ তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।”
ابراهیم عرض کرد: «تمنا اینکه غضبناک نشوی و اجازه دهی سخن گویم. شاید در آنجا سی نفر پیدا کنی!» خداوند فرمود: «اگر سی نفر یافت شوند، من آنجا را از بین نخواهم برد.»
31 ৩১ অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।”
ابراهیم عرض کرد: «جسارت مرا ببخش و اجازه بده بپرسم اگر بیست عادل در آنجا یافت شوند، آیا باز هم آنجا را نابود خواهی کرد؟» خداوند فرمود: «اگر بیست نفر هم باشند شهر را نابود نخواهم کرد.»
32 ৩২ অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।”
ابراهیم بار دیگر عرض کرد: «خداوندا، غضبت افروخته نشود! این آخرین سؤال من است. شاید ده نفر عادل در آن شهر یافت شوند!» خداوند فرمود: «اگر چنانچه ده عادل نیز باشند، شهر را نابود نخواهم کرد.»
33 ৩৩ অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।
خداوند پس از پایان گفتگو با ابراهیم، از آنجا رفت و ابراهیم به خیمه‌اش بازگشت.

< আদিপুস্তক 18 >