< আদিপুস্তক 17 >
1 ১ অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
А кад Авраму би деведесет и девет година, јави му се Господ и рече му: Ја сам Бог Свемогући, по мојој вољи живи, и буди поштен.
2 ২ মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
И учинићу завет између себе и тебе, и врло ћу те умножити.
3 ৩ তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
А Аврам паде ничице. И Господ му још говори и рече:
4 ৪ তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
Од мене ево завет мој с тобом да ћеш бити отац многим народима.
5 ৫ তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
Зато се више нећеш звати Аврам него ће ти име бити Авраам, јер сам те учинио оцем многих народа;
6 ৬ মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
Даћу ти породицу врло велику, и начинићу од тебе народе многе, и цареви ће изаћи од тебе.
7 ৭ এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
А постављам завет свој између себе и тебе и семена твог након тебе од колена до колена, да је завет вечан, да сам Бог теби и семену твом након тебе;
8 ৮ যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
И даћу теби и семену твом након тебе земљу у којој си дошљак, сву земљу хананску у државу вечну, и бићу им Бог.
9 ৯ পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
И рече Бог Авраму: Ти пак држи завет мој, ти и семе твоје након тебе од колена до колена.
10 ১০ তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
А ово је завет мој између мене и вас и семена твог након тебе који ћете држати: да се обрезују између вас све мушкиње.
11 ১১ তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
А обрезиваћете окрајак тела свог, да буде знак завета између мене и вас.
12 ১২ বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
Свако мушко дете кад му буде осам дана да се обрезује од колена до колена, родило се у кући или било купљено за новце од којих год странаца, које не буде од семена твог.
13 ১৩ তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
Да се обрезује које се роди у кући твојој и које се купи за новце твоје; тако ће бити завет мој на телу вашем завет вечан.
14 ১৪ যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
А необрезано мушко, коме се не обреже окрајак тела његовог, да се истреби из народа свог, јер поквари завет мој.
15 ১৫ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
И још рече Бог Авраму: А Сару жену своју не зови је више Сара него нека јој буде име Саара.
16 ১৬ মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
И ја ћу је благословити, и даћу ти сина од ње; благословићу је, и биће мати многим народима, и цареви народима изаћи ће од ње.
17 ১৭ এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
Тада паде Аврам ничице и насмеја се говорећи у срцу свом: Еда ће се човеку од сто година родити син? И Сари? Еда ће жена од деведесет година родити?
18 ১৮ অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
И Аврам рече Богу: Нека жив буде Исмаило пред Тобом!
19 ১৯ ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
И рече Бог: Заиста Сара жена твоја родиће ти сина, и надећеш му име Исак; и поставићу завет свој с њим да буде завет вечан семену његовом након њега.
20 ২০ ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
А и за Исмаила услишио сам те; ево благословио сам га, и даћу му породицу велику, и умножићу га веома; и родиће дванаест кнезова, и начинићу од њега велик народ.
21 ২১ কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
А завет свој учинићу с Исаком кад ти га роди Сара, до године у ово доба.
22 ২২ অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
И Бог изговоривши отиде од Аврама горе.
23 ২৩ তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
И Аврам узе Исмаила сина свог и све који се родише у дому његовом и које год беше купио за своје новце, све мушкиње од домаћих својих; и обреза окрајак тела њиховог у исти дан, као што му каза Бог.
24 ২৪ অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
А беше Авраму деведесет и девет година кад обреза окрајак тела свог.
25 ২৫ তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
А Исмаилу сину његовом беше тринаест година кад му се обреза окрајак тела његовог.
26 ২৬ সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
У један дан обреза се Аврам и син му Исмаило,
27 ২৭ তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।
И сви домашњи његови, рођени у кући и купљени за новце од странаца, бише обрезани с њим.