< আদিপুস্তক 16 >
1 ১ অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিঃসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।
Sarai, moglie di Abram, non gli aveva dato figli. Avendo però una schiava egiziana chiamata Agar,
2 ২ এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
Sarai disse ad Abram: «Ecco, il Signore mi ha impedito di aver prole; unisciti alla mia schiava: forse da lei potrò avere figli». Abram ascoltò la voce di Sarai.
3 ৩ কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
Così, al termine di dieci anni da quando Abram abitava nel paese di Canaan, Sarai, moglie di Abram, prese Agar l'egiziana, sua schiava e la diede in moglie ad Abram, suo marito.
4 ৪ অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে।
Egli si unì ad Agar, che restò incinta. Ma, quando essa si accorse di essere incinta, la sua padrona non contò più nulla per lei.
5 ৫ সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।”
Allora Sarai disse ad Abram: «L'offesa a me fatta ricada su di te! Io ti ho dato in braccio la mia schiava, ma da quando si è accorta d'essere incinta, io non conto più niente per lei. Il Signore sia giudice tra me e te!».
6 ৬ অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল।
Abram disse a Sarai: «Ecco, la tua schiava è in tuo potere: falle ciò che ti pare». Sarai allora la maltrattò tanto che quella si allontanò.
7 ৭ পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
La trovò l'angelo del Signore presso una sorgente d'acqua nel deserto, la sorgente sulla strada di Sur,
8 ৮ যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
e le disse: «Agar, schiava di Sarai, da dove vieni e dove vai?». Rispose: «Vado lontano dalla mia padrona Sarai».
9 ৯ তেতিয়া যিহোৱাৰ দূতে ক’লে, “তুমি তোমাৰ গৰাকীয়ণীৰ ওচৰলৈ উলটি যোৱা আৰু তেওঁৰ অধীনত থাকি বাধ্য হোৱা।”
Le disse l'angelo del Signore: «Ritorna dalla tua padrona e restale sottomessa».
10 ১০ যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
Le disse ancora l'angelo del Signore: «Moltiplicherò la tua discendenza e non si potrà contarla per la sua moltitudine».
11 ১১ পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।
«Ecco, sei incinta: partorirai un figlio e lo chiamarai Ismaele, perché il Signore ha ascoltato la tua afflizione. Soggiunse poi l'angelo del Signore:
12 ১২ মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
Egli sarà come un ònagro; la sua mano sarà contro tutti e la mano di tutti contro di lui e abiterà di fronte a tutti i suoi fratelli».
13 ১৩ এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
Agar chiamò il Signore, che le aveva parlato: «Tu sei il Dio della visione», perché diceva: «Qui dunque sono riuscita ancora a vedere, dopo la mia visione?».
14 ১৪ সেই নাদৰ নাম বেৰ-লহয়-ৰোৱী হ’ল; সেই নাদ কাদেচ আৰু বাৰদৰ মাজত অৱস্থিত
Per questo il pozzo si chiamò Pozzo di Lacai-Roi; è appunto quello che si trova tra Kades e Bered.
15 ১৫ পাছত হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু অব্ৰামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইশ্মায়েল হ’ল।
Agar partorì ad Abram un figlio e Abram chiamò Ismaele il figlio che Agar gli aveva partorito.
16 ১৬ অব্রামৰ ছয়াশী বছৰ বয়সত হাগাৰে অব্ৰামলৈ ইশ্মায়েলক প্ৰসৱ কৰিলে।
Abram aveva ottantasei anni quando Agar gli partorì Ismaele.