< আদিপুস্তক 15 >
1 ১ এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
Lẹ́yìn èyí, ọ̀rọ̀ Olúwa tọ Abramu wá lójú ìran pé, “Abramu má ṣe bẹ̀rù. Èmi ni ààbò rẹ, Èmi sì ni èrè ńlá rẹ.”
2 ২ অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
Ṣùgbọ́n Abramu wí pé, “Olúwa Olódùmarè, kí ni ìwọ yóò fi fún mi níwọ̀n ìgbà tí èmi kò bímọ, Elieseri ará Damasku ni yóò sì jogún mi,”
3 ৩ অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
Abramu sì tún tẹ̀síwájú pé, “Ìwọ kò fún mi ní ọmọ, nítorí náà ẹrú nínú ilé mi sì ni yóò jẹ́ àrólé mi.”
4 ৪ তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
Ọ̀rọ̀ Olúwa sì tún tọ̀ ọ́ wá pé, “Ọkùnrin yìí kọ́ ni yóò jẹ́ àrólé rẹ bí kò ṣe ọmọ tí ìwọ bí fúnra rẹ̀ ni yóò jẹ́ àrólé rẹ.”
5 ৫ তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
Olúwa sì mú Abramu jáde sí ìta ó sì wí fún un pé, “Gbé ojú sókè sí ọ̀run kí o sì ka àwọn ìràwọ̀ bí ó bá ṣe pé ìwọ le è kà wọ́n.” Ó sì wí fun un pé, “Nítorí náà, báyìí ni irú-ọmọ rẹ yóò rí.”
6 ৬ তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে।
Abramu gba Olúwa gbọ́, a sì kà á sí òdodo fún un.
7 ৭ পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
Ó sì tún wí fún un pé, “Èmi ni Olúwa tí ó mú ọ jáde láti Uri ti Kaldea láti fún ọ ní ilẹ̀ yìí láti jogún.”
8 ৮ তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?”
Ṣùgbọ́n Abramu wí pé, “Olúwa Olódùmarè, báwo ni mo ṣe lè mọ̀ pé ilẹ̀ náà yóò jẹ́ ohun ìní mi?”
9 ৯ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
Nítorí náà, Olúwa wí fún un pé, “Mú abo màlúù, ewúrẹ́ àti àgbò ọlọ́dún mẹ́ta mẹ́ta wá, àti àdàbà kan àti ọmọ ẹyẹlé kan.”
10 ১০ অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
Abramu sì mú gbogbo nǹkan wọ̀nyí wá, ó sì là wọ́n sí méjì méjì, ó sì fi ẹ̀là èkínní kọjú sí èkejì, ṣùgbọ́n kò la àwọn ẹyẹ ní tiwọn.
11 ১১ পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
Àwọn ẹyẹ igún sì ń wá sórí òkú ẹran náà, Abramu sì ń lé wọn.
12 ১২ পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
Bí oòrùn ti ń wọ̀, Abramu sùn lọ fọnfọn, òkùnkùn biribiri tí ó kún fún ẹ̀rù sì bò ó.
13 ১৩ তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
Nígbà náà ni Olúwa wí fún Abramu pé, “Mọ èyí dájú pé, irú-ọmọ rẹ yóò ṣe àtìpó ní ilẹ̀ àjèjì, wọn ó sì sọ wọn di ẹrú, wọn ó sì pọ́n wọn lójú fún irinwó ọdún.
14 ১৪ তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
Ṣùgbọ́n orílẹ̀-èdè náà tí wọn yóò máa sìn, ni èmi ó dá lẹ́jọ́, lẹ́yìn náà ni wọn ó sì jáde pẹ̀lú ọrọ̀ púpọ̀.
15 ১৫ কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।
Ṣùgbọ́n ìwọ yóò tọ àwọn baba rẹ lọ ni àlàáfíà, bẹ́ẹ̀ ni ìwọ yóò sì di arúgbó kí a tó gbé ọ sin.
16 ১৬ তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
Ní ìran kẹrin àwọn ìran rẹ yóò padà wá sí ibi. Nítorí ẹ̀ṣẹ̀ àwọn ará Amori kò ì tí ì kún òsùwọ̀n.”
17 ১৭ বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
Nígbà tí oòrùn wọ̀ tí ilẹ̀ sì ṣú, ìkòkò iná tí ń ṣèéfín àti ọwọ́ iná sì ń kọjá láàrín ẹ̀là ẹran náà.
18 ১৮ সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
Ní ọjọ́ náà gan an ni Olúwa dá májẹ̀mú pẹ̀lú Abramu, ó sì wí pé, “Àwọn ìran rẹ ni èmi yóò fi ilẹ̀ yìí fún, láti odò Ejibiti dé odò ńlá Eufurate:
19 ১৯ তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া,
ilẹ̀ àwọn ará Keni, àti ti ará Kenissiti, àti ará Kadmoni,
20 ২০ হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া,
àti ti ará Hiti, àti ti ará Peresi, àti ti ará Refaimu.
21 ২১ ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”
Àti ti ará Amori, àti ti ará Kenaani, àti ti ará Girgaṣi àti ti ará Jebusi.”