< আদিপুস্তক 15 >
1 ১ এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
Po teh stvareh je Gospodova beseda prišla Abramu v videnju, rekoč: »Ne boj se, Abram. Jaz sem tvoj ščit in tvoja silno velika nagrada.«
2 ২ অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
Abram je rekel: »Gospod Bog, kaj mi hočeš dati, glede na to, da odhajam brez otrok in je oskrbnik moje hiše Eliézer iz Damaska?«
3 ৩ অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
Abram je rekel: »Glej, nobenega potomca mi nisi dal in glej, nekdo, rojen v moji hiši, je moj dedič.«
4 ৪ তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
Glej, Gospodova beseda je prišla k njemu, rekoč: »Ta ne bo tvoj dedič, temveč tisti, ki bo izšel iz tvoje lastne notranjosti, bo tvoj dedič.«
5 ৫ তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
Privedel ga je daleč naprej ter rekel: »Poglej zdaj proti nebu in štej zvezde, če jih lahko prešteješ.« Rekel mu je: »Tako bo tvoje seme.«
6 ৬ তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে।
Veroval je v Gospoda in on mu je to štel za pravičnost.
7 ৭ পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
Rekel mu je: »Jaz sem Gospod, ki te je privedel iz Ura Kaldejcev, da ti dam to deželo, da jo podeduješ.«
8 ৮ তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?”
Rekel je: »Gospod Bog, po čem bom spoznal, da jo bom podedoval?«
9 ৯ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
Rekel mu je: »Vzemi mi triletno telico, triletno kozo, triletnega ovna, grlico in mladega goloba.«
10 ১০ অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
Ta je k sebi vzel vse to in jih na sredini razpolovil in vsak kos položil nasproti drugemu, toda ptic ni razpolovil.
11 ১১ পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
Ko je na trupla prišla perjad, jo je Abram odganjal.
12 ১২ পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
In ko je sonce zahajalo, je na Abrama padlo globoko spanje in glej, nanj je padla groza velike teme.
13 ১৩ তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
Abramu je rekel: »Zagotovo vedi, da bo tvoje potomstvo tuje v deželi, ki ni njihova in jim bo služilo, oni pa jih bodo mučili štiristo let
14 ১৪ তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
in prav tako bom sodil ta narod, ki mu bodo služili. Potem pa bodo izšli z velikim imetjem.
15 ১৫ কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।
Ti pa boš v miru odšel k svojim očetom; pokopan boš v dobri visoki starosti.
16 ১৬ তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
Toda v četrtem rodu bodo ponovno prišli sèm, kajti krivičnost Amoréjcev še ni dopolnjena.«
17 ১৭ বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
Pripetilo se je, da ko je sonce zašlo in je bila tema, glej kadečo talilno peč in gorečo svetilko, ki sta šli med temi kosi.
18 ১৮ সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
Na isti dan je Gospod z Abramom sklenil zavezo, rekoč: »Tvojemu semenu sem dal to deželo, od egiptovske reke do vélike reke, reke Evfrata:
19 ১৯ তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া,
Kenéjce, Kenázovce, Kadmonéjce,
20 ২০ হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া,
Hetejce, Perizéjce, Rafájevce,
21 ২১ ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”
Amoréjce, Kánaance, Girgašéjce in Jebusejce.«