< আদিপুস্তক 14 >

1 যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,
و واقع شد در ایام امرافل، ملک شنعار، و اریوک، ملک الاسار، و کدرلاعمر، ملک عیلام، و تدعال، ملک امت‌ها،۱
2 সেইসময়ত এই কেইজন ৰজাই মিলি চদোমৰ বিৰা ৰজা, ঘমোৰাৰ বিৰ্চা ৰজা, অদ্মাৰ চিনাব ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
که ایشان بابارع، ملک سدوم، و برشاع ملک عموره، وشناب، ملک ادمه، و شمئیبر، ملک صبوئیم، وملک بالع که صوغر باشد، جنگ کردند.۲
3 পাছৰ এই পাঁচজন ৰজা চিদ্দিম উপত্যকাত একত্রিত হ’ল। এই ঠাইখিনিক লোণসমুদ্ৰ বোলা হ’য়।
این همه در وادی سدیم که بحرالملح باشد، با هم پیوستند.۳
4 এই ৰজাসকল বাৰ বছৰলৈকে ৰজা কদৰ্লায়োমৰ অধীনত আছিল, কিন্তু তেৰ বছৰত তেওঁলোকে বিদ্ৰোহ কৰিলে।
دوازده سال، کدرلاعمر را بندگی کردند، و در سال سیزدهم، بر وی شوریدند.۴
5 তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
ودر سال چهاردهم، کدرلاعمر با ملوکی که با وی بودند، آمده، رفائیان را در عشتروت قرنین، وزوزیان را در هام، و ایمیان را در شاوه قریتین، شکست دادند.۵
6 হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
و حوریان را در کوه ایشان، سعیر، تا ایل فاران که متصل به صحراست.۶
7 তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
پس برگشته، به عین مشفاط که قادش باشد، آمدند، وتمام مرز و بوم عمالقه و اموریان را نیز که درحصون تامار ساکن بودند، شکست دادند.۷
8 এই সকলো ঘটনাৰ পাছত চদোমৰ ৰজা, ঘমোৰাৰ ৰজা, অদ্মাৰ ৰজা, চবোয়ীমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চোৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ’ল।
آنگاه ملک سدوم و ملک عموره و ملک ادمه و ملک صبوئیم و ملک بالع که صوغر باشد، بیرون آمده، با ایشان در وادی سدیم، صف آرایی نمودند.۸
9 তেওঁলোকে এলমৰ ৰজা কদৰ্লায়োমৰ, গোয়ীমৰ ৰজা তিদিয়ল, চিনাৰ দেশৰ ৰজা অম্ৰাফল, ইল্লাচৰৰ ৰজা অৰিয়োকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। এই যুদ্ধ পাঁচ জন ৰজাৰ বিৰুদ্ধে চাৰিজন ৰজাৰ মাজত হৈছিল।
باکدرلاعمر ملک عیلام و تدعال، ملک امت‌ها وامرافل، ملک شنعار و اریوک ملک الاسار، چهارملک با پنج.۹
10 ১০ চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
و وادی سدیم پر از چاههای قیربود. پس ملوک سدوم و عموره گریخته، در آنجاافتادند و باقیان به کوه فرار کردند.۱۰
11 ১১ শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
و جمیع اموال سدوم و عموره را با تمامی ماکولات آنهاگرفته، برفتند.۱۱
12 ১২ তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল।
و لوط، برادرزاده ابرام را که درسدوم ساکن بود، با آنچه داشت برداشته، رفتند.۱۲
13 ১৩ তেতিয়া পলাই আহি ৰক্ষা পোৱা এজন পলাতকে ইব্ৰীয়া অব্ৰামক সেই খবৰ দিলে; সেই সময়ত অব্রাম ইষ্কোল আৰু আনেৰৰ ভায়েক ইমোৰীয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল আৰু তেওঁলোক অব্ৰামৰ মিত্ৰ আছিল।
و یکی که نجات یافته بود آمده، ابرام عبرانی را خبر داد. و او در بلوطستان ممری آموری که برادر اشکول و عانر بود، ساکن بود. وایشان با ابرام هم عهد بودند.۱۳
14 ১৪ অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।
چون ابرام ازاسیری برادر خود آگاهی یافت، سیصد و هجده تن از خانه زادان کارآزموده خود را بیرون آورده، در عقب ایشان تا دان بتاخت.۱۴
15 ১৫ পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।
شبانگاه، او وملازمانش، بر ایشان فرقه فرقه شده، ایشان راشکست داده، تا به حوبه که به شمال دمشق واقع است، تعاقب نمودند.۱۵
16 ১৬ তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
و همه اموال را بازگرفت، و برادر خود، لوط و اموال او را نیز با زنان و مردان باز آورد.۱۶
17 ১৭ কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।
و بعد از مراجعت وی از شکست دادن کدرلاعمر و ملوکی که با وی بودند، ملک سدوم تابه وادی شاوه، که وادی الملک باشد، به استقبال وی بیرون آمد.۱۷
18 ১৮ চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।
و ملکیصدق، ملک سالیم، نان و شراب بیرون آورد. و او کاهن خدای تعالی بود،۱۸
19 ১৯ তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;
و او را مبارک خوانده، گفت: «مبارک باد ابرام ازجانب خدای تعالی، مالک آسمان و زمین.۱۹
20 ২০ যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
و متبارک باد خدای تعالی، که دشمنانت را به‌دستت تسلیم کرد.» و او را از هر چیز، ده‌یک داد.۲۰
21 ২১ পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”
و ملک سدوم به ابرام گفت: «مردم را به من واگذار و اموال را برای خود نگاه دار.»۲۱
22 ২২ অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,
ابرام به ملک سدوم گفت: «دست خود را به یهوه خدای تعالی، مالک آسمان و زمین، برافراشتم،۲۲
23 ২৩ আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি।
که ازاموال تو رشته‌ای یا دوال نعلینی بر نگیرم، مباداگویی “من ابرام را دولتمند ساختم”.۲۳
24 ২৪ কেৱল মোৰ যুবকসকলে ইতিমধ্যে যি খালে, তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও; কিন্তু আনেৰ, ইষ্কোল আৰু মম্ৰি মোৰ লগত গৈছিল; তেওঁলোকক নিজৰ ভাগ ল’ব দিয়ক।”
مگر فقطآنچه جوانان خوردند و بهره عانر و اشکول وممری که همراه من رفتند، ایشان بهره خود رابردارند.»۲۴

< আদিপুস্তক 14 >