< আদিপুস্তক 13 >
1 ১ তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
१तब अब्राम अपनी पत्नी, और अपनी सारी सम्पत्ति लेकर, लूत को भी संग लिये हुए, मिस्र को छोड़कर कनान के दक्षिण देश में आया।
2 ২ এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
२अब्राम भेड़-बकरी, गाय-बैल, और सोने-चाँदी का बड़ा धनी था।
3 ৩ পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু আছিল।
३फिर वह दक्षिण देश से चलकर, बेतेल के पास उसी स्थान को पहुँचा, जहाँ पहले उसने अपना तम्बू खड़ा किया था, जो बेतेल और आई के बीच में है।
4 ৪ এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
४यह स्थान उस वेदी का है, जिसे उसने पहले बनाया था, और वहाँ अब्राम ने फिर यहोवा से प्रार्थना की।
5 ৫ অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
५लूत के पास भी, जो अब्राम के साथ चलता था, भेड़-बकरी, गाय-बैल, और तम्बू थे।
6 ৬ অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
६इसलिए उस देश में उन दोनों के लिए पर्याप्त स्थान न था कि वे इकट्ठे रहें क्योंकि उनके पास बहुत सम्पत्ति थी इसलिए वे इकट्ठे न रह सके।
7 ৭ তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
७सो अब्राम, और लूत की भेड़-बकरी, और गाय-बैल के चरवाहों में झगड़ा हुआ। उस समय कनानी, और परिज्जी लोग, उस देश में रहते थे।
8 ৮ তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
८तब अब्राम लूत से कहने लगा, “मेरे और तेरे बीच, और मेरे और तेरे चरवाहों के बीच में झगड़ा न होने पाए; क्योंकि हम लोग भाई-बन्धु हैं।
9 ৯ গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
९क्या सारा देश तेरे सामने नहीं? सो मुझसे अलग हो, यदि तू बाईं ओर जाए तो मैं दाहिनी ओर जाऊँगा; और यदि तू दाहिनी ओर जाए तो मैं बाईं ओर जाऊँगा।”
10 ১০ তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
१०तब लूत ने आँख उठाकर, यरदन नदी के पास वाली सारी तराई को देखा कि वह सब सिंची हुई है। जब तक यहोवा ने सदोम और गमोरा को नाश न किया था, तब तक सोअर के मार्ग तक वह तराई यहोवा की वाटिका, और मिस्र देश के समान उपजाऊ थी।
11 ১১ তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।
११सो लूत अपने लिये यरदन की सारी तराई को चुन के पूर्व की ओर चला, और वे एक दूसरे से अलग हो गये।
12 ১২ অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে।
१२अब्राम तो कनान देश में रहा, पर लूत उस तराई के नगरों में रहने लगा; और अपना तम्बू सदोम के निकट खड़ा किया।
13 ১৩ চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
१३सदोम के लोग यहोवा की दृष्टि में बड़े दुष्ट और पापी थे।
14 ১৪ অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
१४जब लूत अब्राम से अलग हो गया तब उसके पश्चात् यहोवा ने अब्राम से कहा, “आँख उठाकर जिस स्थान पर तू है वहाँ से उत्तर-दक्षिण, पूर्व-पश्चिम, चारों ओर दृष्टि कर।
15 ১৫ যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
१५क्योंकि जितनी भूमि तुझे दिखाई देती है, उस सब को मैं तुझे और तेरे वंश को युग-युग के लिये दूँगा।
16 ১৬ মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
१६और मैं तेरे वंश को पृथ्वी की धूल के किनकों के समान बहुत करूँगा, यहाँ तक कि जो कोई पृथ्वी की धूल के किनकों को गिन सकेगा वही तेरा वंश भी गिन सकेगा।
17 ১৭ উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
१७उठ, इस देश की लम्बाई और चौड़ाई में चल फिर; क्योंकि मैं उसे तुझी को दूँगा।”
18 ১৮ তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।
१८इसके पश्चात् अब्राम अपना तम्बू उखाड़कर, मम्रे के बांजवृक्षों के बीच जो हेब्रोन में थे, जाकर रहने लगा, और वहाँ भी यहोवा की एक वेदी बनाई।