< আদিপুস্তক 11 >
1 ১ সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল।
А беше на целој земљи један језик и једнаке речи.
2 ২ পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
А кад отидоше од истока, нађоше равницу у земљи сенарској, и населише се онде.
3 ৩ তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
Па рекоше међу собом: Хајде да правимо плоче и да их у ватри печемо. И беху им опеке место камена и смола земљана место креча.
4 ৪ তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
После рекоше: Хајде да сазидамо град и кулу, којој ће врх бити до неба, да стечемо себи име, да се не бисмо расејали по земљи.
5 ৫ আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
А Господ сиђе да види град и кулу, што зидаху синови човечији.
6 ৬ যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব।
И рече Господ: Гле, народ један, и један језик у свих, и то почеше радити, и неће им сметати ништа да не ураде шта су наумили.
7 ৭ গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
Хајде да сиђемо, и да им пометемо језик, да не разумеју један другог шта говоре.
8 ৮ এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে।
Тако их Господ расу оданде по свој земљи, те не сазидаше града.
9 ৯ এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
Зато се прозва Вавилон, јер онде помете Господ језик целе земље, и оданде их расу Господ по свој земљи.
10 ১০ চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
Ово је племе Симово: беше Симу сто година, кад роди Арфаксада, друге године после потопа.
11 ১১ অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
А родив Арфаксада поживе Сим пет стотина година, рађајући синове и кћери.
12 ১২ অৰ্ফকচদৰ পঁয়ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চেলহ জন্মিল;
А Арфаксад поживе тридесет и пет година, и роди Салу;
13 ১৩ চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
А родив Салу поживе Арфаксад четири стотине и три године, рађајући синове и кћери.
14 ১৪ চেলহৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র এবৰ জন্মিল;
А Сала поживе тридесет година, и роди Евера;
15 ১৫ এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
А родив Евера поживе Сала четири стотине и три године, рађајући синове и кћери.
16 ১৬ এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
А Евер поживе тридесет и четири године, и роди Фалека;
17 ১৭ পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
А родив Фалека поживе Евер четири стотине и тридесет година, рађајући синове и кћери.
18 ১৮ পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল।
А Фалек поживе тридесет година, и роди Рагава;
19 ১৯ ৰিয়ুৰ জন্মৰ পাছত পেলগ পুনৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
А родив Рагава поживе Фалек двеста и девет година, рађајући синове и кћери.
20 ২০ ৰিয়ুৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চৰূগ জন্মিল।
А Рагав поживе тридесет и две године, и роди Серуха;
21 ২১ চৰূগৰ জন্মৰ পাছত ৰিয়ু পুনৰ দুশ সাত বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
А родив Серуха поживе Рагав двеста и седам година, рађајући синове и кћери.
22 ২২ চৰূগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র নাহোৰ জন্মিল;
А Серух поживе тридесет година, и роди Нахора;
23 ২৩ নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
А родив Нахора поживе Серух двеста година, рађајући синове и кћери.
24 ২৪ নাহোৰৰ উনত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র তেৰহ জন্মিল;
А Нахор поживе двадесет и девет година, и роди Тару;
25 ২৫ তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
А родив Тару поживе Нахор сто и деветнаест година, рађајући синове и кћери.
26 ২৬ তেৰহৰ সত্তৰ বছৰ বয়সৰ পাছত তেওঁৰ পুত্র অব্ৰাম, নাহোৰ আৰু হাৰণ জন্মিল।
А Тара поживе седамдесет година, и роди Аврама, Нахора и Арана.
27 ২৭ তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
А ово је племе Тарино: Тара роди Аврама, Нахора и Арана; а Аран роди Лота.
28 ২৮ পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।
И умре Аран пре Таре оца свог на постојбини својој, у Уру халдејском.
29 ২৯ অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
И ожени се Аврам и Нахор, и жени Аврамовој беше име Сара а жени Нахоровој име Мелха, кћи Арама оца Мелхе и Јесхе.
30 ৩০ কিন্তু চাৰী বন্ধ্যা আছিল; তেওঁৰ কোনো সন্তান নাছিল।
А Сара беше нероткиња, и не имаше порода.
31 ৩১ তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
И узе Тара сина свог Аврама и Лота сина Ароновог, унука свог, и Сару снаху своју, жену Аврама сина свог; и пођоше заједно из Ура халдејског да иду у земљу хананску, и дођоше до Харана, и онде се настанише.
32 ৩২ দুশ পাঁচ বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ’ল।
И поживе Тара свега двеста и пет година; и умре Тара у Харану.