< গালাতীয়া 6 >

1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Ulukololo anibatehe humbivi umwe yelueli mtahiwa uhukilivula ulukololo hunumbula eya vupole uhuyelewa yumwe msite uhugeliwa.
2 আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
Mgegelanile emichigo mkamelesiwe indagelo cha Klisite.
3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
Inave umunu yoyoni ihevona nonu wakati sinonu iheswova vuvule.
4 প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
Hela munu apime imbombo ya mwene avene henu yuywa mwene uhwevona bila uhwelula yoywa.
5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
Uhuva hela munu ayigega uchigo gwa mwene.
6 যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
Umunu uvamanyile elimenyu ambole amanonu goni umwalimu va mwene.
7 আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
Msite uhudetela. U Nguluve sidohiwa umunu uviivyala alabena.
8 কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios g166)
Yoywa iviala imbeyu ya hatale iya tavango alabena uvuvivi lakini uve iviala embayu katika u mepo avabene uwomi va sihu choni uhuhuma hu Mepo. (aiōnios g166)
9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
Tusite uhugatala uhuvomba amanonu maana usehe tulabene tuna site uhukata etamaa.
10 ১০ এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
Ululeno umda ugu tu pwatwiva nenafa tuvombe amanonu hela yumo tuvombe inono sana huvavo vale gati mludiho.
11 ১১ চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
Lola uvuvaha uwa kalata yeyo nivandikhile hu mavoho gango yune.
12 ১২ যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
Vavo vinogwa uhu vomba amanonu umvilolela umbili vuvene vinogwa mkehetiwe vivomba evo ili vasite uhwingila hutabu ya hedamilinga ni ihwa Klisite.
13 ১৩ কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
Maana hata vava vakehetiwe vavo savibite ululagilo vinogwa umwe mkehetiwe iliviginihechage imivele ginyo.
14 ১৪ কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
Yesite uhuhumela ne hegina isipokhuva huhedamilinga nia ihia Yesu Klisite. Uhugendela mwene ehelonga hetesihe na yune nilimhelonga.
15 ১৫ কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
Uhuva sio lasima uhukehetiwa kabula ya uhuhotiwa uhupia hu lasima.
16 ১৬ যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
Huvanu voni avavitama hundagelo ichi eamanine hulumachive hukianya hwa Nguluve.
17 ১৭ এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
Uhwanja leno umunu asite uhuneswa, maana negegile unguli gwa Yesu umbile gwango.
18 ১৮ ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।
Uluhungu lwa kuludeva uYesu Klisite yeve nu mepo gienyo lokolo. Amina.

< গালাতীয়া 6 >