< গালাতীয়া 6 >
1 ১ হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
αδελφοι εαν και προλημφθη ανθρωπος εν τινι παραπτωματι υμεις οι πνευματικοι καταρτιζετε τον τοιουτον εν πνευματι πραυτητος σκοπων σεαυτον μη και συ πειρασθης
2 ২ আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
αλληλων τα βαρη βασταζετε και ουτως {VAR1: αναπληρωσατε } {VAR2: αναπληρωσετε } τον νομον του χριστου
3 ৩ কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
ει γαρ δοκει τις ειναι τι μηδεν ων φρεναπατα εαυτον
4 ৪ প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
το δε εργον εαυτου δοκιμαζετω {VAR1: [εκαστος] } {VAR2: εκαστος } και τοτε εις εαυτον μονον το καυχημα εξει και ουκ εις τον ετερον
5 ৫ কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
εκαστος γαρ το ιδιον φορτιον βαστασει
6 ৬ যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
κοινωνειτω δε ο κατηχουμενος τον λογον τω κατηχουντι εν πασιν αγαθοις
7 ৭ আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
μη πλανασθε θεος ου μυκτηριζεται ο γαρ εαν σπειρη ανθρωπος τουτο και θερισει
8 ৮ কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios )
οτι ο σπειρων εις την σαρκα εαυτου εκ της σαρκος θερισει φθοραν ο δε σπειρων εις το πνευμα εκ του πνευματος θερισει ζωην αιωνιον (aiōnios )
9 ৯ আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
το δε καλον ποιουντες μη εγκακωμεν καιρω γαρ ιδιω θερισομεν μη εκλυομενοι
10 ১০ এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
αρα ουν ως καιρον {VAR1: εχωμεν } {VAR2: εχομεν } εργαζωμεθα το αγαθον προς παντας μαλιστα δε προς τους οικειους της πιστεως
11 ১১ চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
ιδετε πηλικοις υμιν γραμμασιν εγραψα τη εμη χειρι
12 ১২ যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
οσοι θελουσιν ευπροσωπησαι εν σαρκι ουτοι αναγκαζουσιν υμας περιτεμνεσθαι μονον ινα τω σταυρω του χριστου {VAR1: [ιησου] } μη διωκωνται
13 ১৩ কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
ουδε γαρ οι περιτεμνομενοι αυτοι νομον φυλασσουσιν αλλα θελουσιν υμας περιτεμνεσθαι ινα εν τη υμετερα σαρκι καυχησωνται
14 ১৪ কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
εμοι δε μη γενοιτο καυχασθαι ει μη εν τω σταυρω του κυριου ημων ιησου χριστου δι ου εμοι κοσμος εσταυρωται καγω κοσμω
15 ১৫ কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
ουτε γαρ περιτομη τι εστιν ουτε ακροβυστια αλλα καινη κτισις
16 ১৬ যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
και οσοι τω κανονι τουτω στοιχησουσιν ειρηνη επ αυτους και ελεος και επι τον ισραηλ του θεου
17 ১৭ এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
του λοιπου κοπους μοι μηδεις παρεχετω εγω γαρ τα στιγματα του ιησου εν τω σωματι μου βασταζω
18 ১৮ ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।
η χαρις του κυριου {VAR1: [ημων] } {VAR2: ημων } ιησου χριστου μετα του πνευματος υμων αδελφοι αμην