< গালাতীয়া 4 >
1 ১ কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
Dico autem: Quanto tempore heres parvulus est, nihil differt a servo, cum sit dominus omnium:
2 ২ কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।
sed sub tutoribus, et actoribus est usque ad præfinitum tempus a patre:
3 ৩ এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;
ita et nos cum essemus parvuli, sub elementis mundi eramus servientes.
4 ৪ কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,
At ubi venit plenitudo temporis, misit Deus Filium suum factum ex muliere, factum sub lege,
5 ৫ তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
ut eos, qui sub lege erant, redimeret, ut adoptionem filiorum reciperemus.
6 ৬ কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
Quoniam autem estis filii, misit Deus Spiritum Filii sui in corda vestra clamantem: Abba, Pater.
7 ৭ এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে; যিহেতু পুত্ৰ হৈছে, সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷
Itaque iam non est servus, sed filius: Quod si filius: et heres per Deum.
8 ৮ পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ সেৱাকৰ্ম কৰিছিল।
Sed tunc quidem ignorantes Deum, iis, qui natura non sunt dii, serviebatis.
9 ৯ কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
Nunc autem cum cognoveritis Deum, immo cogniti sitis a Deo: quomodo convertimini iterum ad infirma, et egena elementa, quibus denuo servire vultis?
10 ১০ আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে।
Dies observatis, et menses, et tempora, et annos.
11 ১১ আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
Timeo vos, ne forte sine causa laboraverim in vobis.
12 ১২ হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল।
Estote sicut ego, quia et ego sicut vos: fratres obsecro vos. Nihil me læsistis.
13 ১৩ মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
Scitis autem quia per infirmitatem carnis evangelizavi vobis iampridem: et tentationem vestram in carne mea
14 ১৪ মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
non sprevistis, neque respuistis: sed sicut Angelum Dei excepistis me, sicut Christum Iesum.
15 ১৫ এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন।
Ubi est ergo beatitudo vestra? Testimonium enim perhibeo vobis, quia, si fieri posset, oculos vestros eruissetis, et dedissetis mihi.
16 ১৬ এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
Ergo inimicus vobis factus sum, verum dicens vobis?
17 ১৭ সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
Æmulantur vos non bene: sed excludere vos volunt, ut illos æmulemini.
18 ১৮ অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
Bonum autem æmulamini in bono semper: et non tantum cum præsens sum apud vos.
19 ১৯ হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
Filioli mei, quos iterum parturio, donec formetur Christus in vobis.
20 ২০ এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ।
Vellem autem esse apud vos modo, et mutare vocem meam: quoniam confundor in vobis.
21 ২১ হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
Dicite mihi qui sub lege vultis esse: legem non legistis?
22 ২২ কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
Scriptum est enim: Quoniam Abraham duos filios habuit: unum de ancilla, et unum de libera.
23 ২৩ কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
Sed qui de ancilla, secundum carnem natus est: qui autem de libera, per repromissionem:
24 ২৪ এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
quæ sunt per allegoriam dicta. Hæc enim sunt duo testamenta. Unum quidem in monte Sina, in servitutem generans: quæ est Agar:
25 ২৫ কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
Sina enim mons est in Arabia, qui coniunctus est ei, quæ nunc est Ierusalem, et servit cum filiis suis.
26 ২৬ কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
Illa autem, quæ sursum est Ierusalem, libera est, quæ est mater nostra.
27 ২৭ কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
Scriptum est enim: Lætare sterilis, quæ non paris: erumpe, et clama, quæ non parturis: quia multi filii desertæ, magis quam eius, quæ habet virum.
28 ২৮ এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
Nos autem fratres secundum Isaac promissionis filii sumus.
29 ২৯ কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
Sed quomodo tunc is, qui secundum carnem natus fuerat, persequebatur eum, qui secundum spiritum: ita et nunc.
30 ৩০ কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
Sed quid dicit Scriptura? Eiice ancillam, et filium eius: non enim heres erit filius ancillæ cum filio liberæ.
31 ৩১ এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।
Itaque, fratres, non sumus ancillæ filii, sed liberæ: qua libertate Christus nos liberavit.