< গালাতীয়া 3 >
1 ১ হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
Yinba Galati yaaba, bi yanluodanba, hme hmiagi yi yama? Yinba yaaba n den gbadi Jesu maama hali ke li naani ke yi den laa ban den joani o li dapoanpoanli po maama leni yi nuni.
2 ২ মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
N bua ki buali yi bonyenla bebe: Naani yi den baa U Tienu Fuoma kelima yi den tuo ki tiendi li balimaama n bili yaala bi? Bi kelima yi den gbadi o laabaalihamo ki daani?
3 ৩ আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে?
Yi luo mi yama cain yo? Yin den cili leni U Tienu Fuoma yeni, naani moala yi baa ki juodi leni yi yaa moandili yo?
4 ৪ আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
Yin den laa ya yema li dandanli nni yeni, naani li den tir fanma fanma po yoo? Laa tie fanma fanma po ka.
5 ৫ গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
U Tienu yua n puuni yi o Fuoma ki tiendi yi siiga mi bancianma yeni, o tiedi la kelima yi tiendi li balimaama n bili yaala bi? Bi kelima yi den gbadi o laabaalihamo ki tuo ki daani?
6 ৬ যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।”
Yin kpaagi mani Abalahama po. O den daani U Tienu, ke U Tienu mo den coadi opo la ke li tie teginma.
7 ৭ তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
Lanwani yin badi mani ke yaaba pia li dandali n tie Abalahama puolihuani moamoani.
8 ৮ ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
I diani nni li den tuodi ki waani ke U Tienu baa saa bi nilanba po i moamoani kelima bi dandanli po. Lani yaapo, o den tuodi ki waani Abalahama yaa laabaalihamo n tie na: I nibuoli kuli baa baa li seli kelima a yaapo.
9 ৯ সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
Yeni yaapo, yaaba n daani U Tienu nani Abalahama yeni n baa taani leni o ki baa li seli.
10 ১০ কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
Yaaba n nua ke bi baa baa li moamoansaali kelima li balimaama kubima po ye ti solindi nni, kelima li diani: Ti solindi n ba yua n naa kubi ki go tiendi laa balimaama n yedi yaala.
11 ১১ এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”
Oba kuli kan baa li moamoansaali U Tienu nintuali kelima li balimaama kubima yaapo. Line doagidi cain, kelima li yedi: O niteginkoa baa ye ki fo kelima o dandanli yaapo.
12 ১২ বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।”
Li balimaama naa taa leni li dandanli, ama li yedi: ya nilo n kubi ki go tiendi likuli baa ye kelima li yaapo.
13 ১৩ খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
Kilisiti den daa ki faabi ti leni li balimaamaa ya solindi, ki den tua ti solindi ti yaapo, Kelima li diani: Ban joani yua ku daagu po kuli tie ti solindi yua.
14 ১৪ খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
Li den tua yeni ke bi nilanba n baa Abalahama sela kelima Kilisiti yaapo, ke tikuli n baa U Tienu n niani ti yaala kelima li dandanli yaapo. Lani n tie o Fuoma.
15 ১৫ ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
N kpiiba, cedi min taa yaala n tiendi bi nisaaliba siiga ki doagidi min bua ki yedi yaala. O nilo ya ha ñoabonli bonlaba po, oba kuli kan bolini la bi ki pugini likani liba mo.
16 ১৬ ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
To, U Tienu n den niani Abalahama leni o puolihuanu i ñoaniani. Laa yedi leni o pulihuani nani ke li tie niba boncianla yeni, ama yedu bebe. Leni a puolihuanu, lani n tie Kilisiti.
17 ১৭ এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।
Diidi min bua ki yedi yaala nne: U Tienu n den bogini ki bili yaala, ki niani ke o baa kubi la yeni, li balimaama yaama n den yuandi ki cua bina kobina n piitaa puoli kan fidi ki lebidi la, ki teni ke u ñoanianu ka kua.
18 ১৮ উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।
Li yaa tie ke U Tienu halimani baadi kelima li balimaama kubima yaapo, laa go tie u ñoanianu po. Ama li tie kelima u ñoanianu yaapo yo ke U Tienu den puni Abalahama o hanbili.
19 ১৯ তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
Lanwani be yaapo ke li balimaama ye? Min den pugini ki baa doagidi bi niba tuonbiadi hali U Tienu n den niani u ñoaninu yua yaapo n baa cua. Malekinba den doagidi ma ke O candanbaalo mo soagini ma.
20 ২০ এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
O candanbaalo kan yaa ye niyendo bebe yaapo. Ama U Tienu wani tie yendo.
21 ২১ তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
Naani li balimaama nia leni U Tienu ñoanianu bi? A-a. Li yaa tie ke li den pia yaa balimaama n baa fidi ki pa li miali, lanwani li balimaama den baa fidi ki cuani li moamoansaali.
22 ২২ কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
Ama i diani doagidi ke bi nisaaliba kuli ye ti tuonbiadi lolima nni. Ama yaaba n daani kuli n baa U Tienu n niani ya ñoanianu kelima li dandanli Jesu Kilisiti nni yaapo.
23 ২৩ খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ।
Hali ke li dandanli maama daa den cua, li balimaama den kubi ti nani li kadidieli yeni, hali U Tienu n baa doagidi laa dandanli.
24 ২৪ এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।
Lanwani li balimaama den tie nani o biyualo yeni ki gobodi ki gedini ti Kilisiti kani ke tin baa li moamoansaali kelima li dandanli yaapo.
25 ২৫ কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ।
Moala ke li dandanli maama cua, laa biyualo naa go die ti.
26 ২৬ কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
Kelima yikuli tua U Tienu bijaba kelima li dandanli Jesu Kilisiti nni yaapo.
27 ২৭ কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
Yinba yaaba n den batisi Kilisiti nni, yilani wani Kilisiti nani li liadili yeni.
28 ২৮ এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
Mi gagidima naa go ye Jufinba leni Bi nilanba siiga, i yonbi leni yaaba n die biyula siiga, bi jaba leni bi puoba siiga kelima yikuli tie yenma Jesu Kilisiti nni.
29 ২৯ আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
Yi ya ti Kilisiti yaaba, yi tie Abalahama puolihuani ki baa baa U Tienu n niani ya halimani.