< গালাতীয়া 2 >

1 চৌদ্ধ বছৰ পাৰ হ’ল। মই বার্ণব্বাৰ সৈতে যিৰূচালেমলৈ পুনৰ গৈছিলোঁ, লগত তীতকো লৈছিলোঁ।
Ἔπειτα διὰ δεκατεσσάρων ἐτῶν πάλιν ἀνέβην εἰς Ἱεροσόλυμα μετὰ Βαρνάβα συνπαραλαβὼν καὶ Τίτον·
2 ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ। যি শুভবার্তা মই অনা-ইহুদী সকলৰ মাজত প্রচাৰ কৰি থাকো, তাকে তেওঁলোকৰ আগত ব্যাখ্যা কৰিলোঁ; কিন্তু সেই ঠাইৰ গণ্য-মান্য নেতা সকলৰ ওচৰত মই সকলোবোৰ গোপনে ক’লো। মই বিচাৰিছিলোঁ, তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে।
ἀνέβην δὲ κατὰ ἀποκάλυψιν· καὶ ἀνεθέμην αὐτοῖς τὸ εὐαγγέλιον ὃ κηρύσσω ἐν τοῖς ἔθνεσιν, κατ’ ἰδίαν δὲ τοῖς δοκοῦσιν, μή πως εἰς κενὸν τρέχω ἢ ἔδραμον.
3 মোৰ সঙ্গী তীতক গ্রীক মানুহ হোৱা সত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য নকৰিলে।
ἀλλ’ οὐδὲ Τίτος ὁ σὺν ἐμοί, Ἕλλην ὤν, ἠναγκάσθη περιτμηθῆναι·
4 গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হ’ল। খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতি-নীতিৰ দাস কৰিব পাৰে।
διὰ δὲ τοὺς παρεισάκτους ψευδαδέλφους, οἵτινες παρεισῆλθον κατασκοπῆσαι τὴν ἐλευθερίαν ἡμῶν ἣν ἔχομεν ἐν Χριστῷ Ἰησοῦ, ἵνα ἡμᾶς καταδουλώσουσιν·
5 কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
οἷς οὐδὲ πρὸς ὥραν εἴξαμεν τῇ ὑποταγῇ, ἵνα ἡ ἀλήθεια τοῦ εὐαγγελίου διαμείνῃ πρὸς ὑμᾶς.
6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে।
ἀπὸ δὲ τῶν δοκούντων εἶναί τι, —ὁποῖοί ποτε ἦσαν οὐδέν μοι διαφέρει· πρόσωπον ὁ Θεὸς ἀνθρώπου οὐ λαμβάνει— ἐμοὶ γὰρ οἱ δοκοῦντες οὐδὲν προσανέθεντο,
7 এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল।
ἀλλὰ τοὐναντίον ἰδόντες ὅτι πεπίστευμαι τὸ εὐαγγέλιον τῆς ἀκροβυστίας καθὼς Πέτρος τῆς περιτομῆς,
8 কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে;
ὁ γὰρ ἐνεργήσας Πέτρῳ εἰς ἀποστολὴν τῆς περιτομῆς ἐνήργησεν καὶ ἐμοὶ εἰς τὰ ἔθνη,
9 যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
καὶ γνόντες τὴν χάριν τὴν δοθεῖσάν μοι, Ἰάκωβος καὶ Κηφᾶς καὶ Ἰωάνης, οἱ δοκοῦντες στῦλοι εἶναι, δεξιὰς ἔδωκαν ἐμοὶ καὶ Βαρνάβα κοινωνίας, ἵνα ἡμεῖς εἰς τὰ ἔθνη, αὐτοὶ δὲ εἰς τὴν περιτομήν·
10 ১০ তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।
μόνον τῶν πτωχῶν ἵνα μνημονεύωμεν, ὃ καὶ ἐσπούδασα αὐτὸ τοῦτο ποιῆσαι.
11 ১১ কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।
Ὅτε δὲ ἦλθεν Κηφᾶς εἰς Ἀντιόχειαν, κατὰ πρόσωπον αὐτῷ ἀντέστην, ὅτι κατεγνωσμένος ἦν.
12 ১২ কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল।
πρὸ τοῦ γὰρ ἐλθεῖν τινας ἀπὸ Ἰακώβου μετὰ τῶν ἐθνῶν συνήσθιεν· ὅτε δὲ ἦλθον, ὑπέστελλεν καὶ ἀφώριζεν ἑαυτόν, φοβούμενος τοὺς ἐκ περιτομῆς.
13 ১৩ অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল।
καὶ συνυπεκρίθησαν αὐτῷ καὶ οἱ λοιποὶ Ἰουδαῖοι, ὥστε καὶ Βαρνάβας συναπήχθη αὐτῶν τῇ ὑποκρίσει.
14 ১৪ কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
ἀλλ’ ὅτε εἶδον ὅτι οὐκ ὀρθοποδοῦσιν πρὸς τὴν ἀλήθειαν τοῦ εὐαγγελίου, εἶπον τῷ Κηφᾷ ἔμπροσθεν πάντων Εἰ σὺ Ἰουδαῖος ὑπάρχων ἐθνικῶς καὶ οὐκ Ἰουδαϊκῶς ζῇς, πῶς τὰ ἔθνη ἀναγκάζεις ἰουδαΐζειν;
15 ১৫ আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী” নহয়।
Ἡμεῖς φύσει Ἰουδαῖοι καὶ οὐκ ἐξ ἐθνῶν ἁμαρτωλοί,
16 ১৬ তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত হয়; সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহ’ব।
εἰδότες δὲ ὅτι οὐ δικαιοῦται ἄνθρωπος ἐξ ἔργων νόμου ἐὰν μὴ διὰ πίστεως Χριστοῦ Ἰησοῦ, καὶ ἡμεῖς εἰς Χριστὸν Ἰησοῦν ἐπιστεύσαμεν, ἵνα δικαιωθῶμεν ἐκ πίστεως Χριστοῦ καὶ οὐκ ἐξ ἔργων νόμου, ὅτι ἐξ ἔργων νόμου οὐ δικαιωθήσεται πᾶσα σάρξ.
17 ১৭ কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো, তেনেহলে তাৰ অর্থ এয়ে নেকি যে, খ্ৰীষ্ট পাপৰ সেৱক? কেতিয়াও নহয়!
εἰ δὲ ζητοῦντες δικαιωθῆναι ἐν Χριστῷ εὑρέθημεν καὶ αὐτοὶ ἁμαρτωλοί, ἆρα Χριστὸς ἁμαρτίας διάκονος; μὴ γένοιτο.
18 ১৮ কিয়নো, মই যিহকে ভাঙিলোঁ, তাকে যদি মই আকৌ সাজোঁ, তেনেহলে মই নিজকে নিজে অপৰাধী বুলি প্রমাণ কৰোঁ।
εἰ γὰρ ἃ κατέλυσα ταῦτα πάλιν οἰκοδομῶ, παραβάτην ἐμαυτὸν συνιστάνω.
19 ১৯ মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ।
ἐγὼ γὰρ διὰ νόμου νόμῳ ἀπέθανον ἵνα Θεῷ ζήσω· Χριστῷ συνεσταύρωμαι·
20 ২০ মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
ζῶ δὲ οὐκέτι ἐγώ, ζῇ δὲ ἐν ἐμοὶ Χριστός· ὃ δὲ νῦν ζῶ ἐν σαρκί, ἐν πίστει ζῶ τῇ τοῦ Υἱοῦ τοῦ Θεοῦ τοῦ ἀγαπήσαντός με καὶ παραδόντος ἑαυτὸν ὑπὲρ ἐμοῦ.
21 ২১ ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ; কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্মিকতা হয়, তেনেহলে খ্ৰীষ্ট অকাৰণে মৰিল।
Οὐκ ἀθετῶ τὴν χάριν τοῦ Θεοῦ· εἰ γὰρ διὰ νόμου δικαιοσύνη, ἄρα Χριστὸς δωρεὰν ἀπέθανεν.

< গালাতীয়া 2 >