< গালাতীয়া 1 >
1 ১ মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
Pál, apostol (nem emberektől, sem nem ember által, hanem Jézus Krisztus által és az Atya Isten által, aki feltámasztotta őt a halálból);
2 ২ মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ মণ্ডলীবোৰৰ সমীপলৈ।
és a velem levő összes atyafiak, Galácia gyülekezeteinek:
3 ৩ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;
Kegyelem néktek és békesség az Atya Istentől és a mi Urunk Jézus Krisztustól,
4 ৪ যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। (aiōn )
aki adta önmagát a mi bűneinkért, hogy kiszabadítson minket e jelenvaló gonosz világból, az Istennek és a mi Atyánknak akarata szerint, (aiōn )
5 ৫ সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। (aiōn )
akinek dicsőség örökkön-örökké! Ámen. (aiōn )
6 ৬ খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
Csodálkozom, hogy attól, aki titeket Krisztus kegyelme által elhívott, ily hamar más evangéliumra hajlotok.
7 ৭ আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
Holott nincs más; de némelyek zavarnak titeket, és el akarják ferdíteni a Krisztus evangéliumát.
8 ৮ কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
De ha akár mi avagy mennyből való angyal hirdetne is néktek valamit azon kívül, amit néktek hirdettünk, legyen átok.
9 ৯ আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
Amint előbb mondottuk, most is ismét mondom: Ha valaki néktek hirdet valamit azon kívül, amit elfogadtatok, átok legyen.
10 ১০ মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
Mert most embereknek engedek-e avagy az Istennek? Vagy embereknek igyekezem-e tetszeni? Bizonyára, ha még embereknek igyekeznék tetszeni, nem volnék Krisztus szolgája.
11 ১১ ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।
Tudtotokra adom pedig, atyámfiai, hogy az az evangélium, melyet én hirdettem, nem ember szerint való,
12 ১২ কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
mert én sem embertől vettem azt, sem nem tanítottak arra, hanem a Jézus Krisztus kijelentése által.
13 ১৩ আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
Mert hallottátok, mint forgolódtam én egykor a zsidóságban, hogy én igen nagyon háborgattam az Isten anyaszentegyházát, és pusztítottam azt.
14 ১৪ ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।
És felülmúltam a zsidóságban nemzetembeli sok kortársamat, szerfelett rajongva atyai hagyományaimért.
15 ১৫ কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
De mikor az Istennek tetszett, ki elválasztott engem az én anyám méhétől fogva, és elhívott az ő kegyelme által,
16 ১৬ মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
hogy kijelentse az ő Fiát énbennem, hogy hirdessem őt a pogányok között: azonnal nem tanácskoztam testtel és vérrel,
17 ১৭ এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ।
sem nem mentem Jeruzsálembe az előttem való apostolokhoz, hanem elmentem Arábiába, és ismét visszatértem Damaszkuszba.
18 ১৮ ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
Azután három esztendő múlva fölmentem Jeruzsálembe, hogy Pétert meglátogassam, és nála maradtam tizenöt napig.
19 ১৯ তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।
Az apostolok közül pedig mást nem láttam, hanem csak Jakabot, az Úr testvérét.
20 ২০ চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
Amiket pedig néktek írok, ím Isten előtt mondom, hogy nem hazudom.
21 ২১ তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;
Azután mentem Szíriának és Ciliciának tartományaiba.
22 ২২ তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল
Személyesen pedig ismeretlen voltam a Júdeában levő keresztyén gyülekezetek előtt,
23 ২৩ কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল।”
hanem csak hallották, hogy aki minket üldözött egykor, most hirdeti azt a hitet, amelyet egykor pusztított.
24 ২৪ আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
És dicsőítették bennem az Istent.