< এজরা 7 >
1 ১ এই সকলো হোৱাৰ পাছত, ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ সময়ত ইজ্ৰাৰ বংশধৰসকল, চৰায়া, অজৰিয়া, হিল্কিয়া,
And after these things, in the reign of Artaxerxes king of Persia, Ezra son of Seraiah, son of Azariah, son of Hilkiah,
2 ২ চল্লুম, চাদোক, অহীটুব,
son of Shallum, son of Zadok, son of Ahitub,
3 ৩ অমৰিয়া, অজৰিয়া, মৰায়োৎ,
son of Amariah, son of Azariah, son of Meraioth,
4 ৪ জৰহীয়া, উজ্জী, বুক্কী,
son of Zerahiah, son of Uzzi, son of Bukki,
5 ৫ অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।
son of Abishua, son of Phinehas, son of Eleazar, son of Aaron the head priest;
6 ৬ ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
Ezra himself hath come up from Babylon, and he [is] a scribe ready in the law of Moses, that Jehovah God of Israel gave, and the king giveth to him — according to the hand of Jehovah his God upon him — all his request.
7 ৭ ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।
And there go up of the sons of Israel, and of the priests, and the Levites, and the singers, and the gatekeepers, and the Nethinim, unto Jerusalem, in the seventh year of Artaxerxes the king.
8 ৮ ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে।
And he cometh in to Jerusalem in the fifth month, that [is in] the seventh year of the king,
9 ৯ তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল।
for on the first of the month he hath founded the ascent from Babylon, and on the first of the fifth month he hath come in unto Jerusalem, according to the good hand of his God upon him,
10 ১০ ইজ্ৰা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে।
for Ezra hath prepared his heart to seek the law of Jehovah, and to do, and to teach in Israel statute and judgment.
11 ১১ ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন:
And this [is] a copy of the letter that the king Artaxerxes gave to Ezra the priest, the scribe, a scribe of the words of the commands of Jehovah, and of His statutes on Israel:
12 ১২ “স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ।
'Artaxerxes, king of kings, to Ezra the priest, a perfect scribe of the law of the God of heaven, and at such a time:
13 ১৩ মই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্য ইস্রায়েলৰ পৰা কোনো এজন লোকে, তেওঁলোকৰ পুৰোহিত ও লেবীয়াসকলৰ লগত যি জনে নিজৰ ইচ্ছাৰে যিৰূচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে।
By me hath been made a decree that every one who is willing, in my kingdom, of the people of Israel and of its priests and Levites, to go to Jerusalem with thee, doth go;
14 ১৪ ঈশ্ৱৰৰ বিধান অনুসাৰে যিহূদা আৰু যিৰূচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজি-বিচাৰ ল’বলৈ মই, ৰজাই আৰু মোৰ সাতজন পৰামৰ্শদাতাই আপোনাক পঠালোঁ।
because that from the king and his seven counsellors thou art sent, to inquire concerning Judah and concerning Jerusalem, with the law of God that [is] in thy hand,
15 ১৫ তেওঁলোকে মুক্তভাৱে যিৰূচালেমত থকা ইস্রায়েলৰ ঈশ্ৱৰক, আৰু তেওঁৰ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ,
and to carry silver and gold that the king and his counsellors willingly offered to the God of Israel, whose tabernacle [is] in Jerusalem,
16 ১৬ লগতে লোক সমূহৰ যোগেদি আৰু পুৰোহিত সকলৰ দ্বাৰাই মুক্তভাৱে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব।
and all the silver and gold that thou findest in all the province of Babylon, with the free-will offerings of the people, and of the priests, offering willingly, for the house of their God that [is] in Jerusalem,
17 ১৭ সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
therefore thou dost speedily buy with this money, bullocks, rams, lambs, and their presents, and their libations, and dost bring them near to the altar of the house of your God that [is] in Jerusalem,
18 ১৮ অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব।
and that which to thee and to thy brethren is good to do with the rest of the silver and gold, according to the will of your God ye do.'
19 ১৯ আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব।
'And the vessels that are given to thee, for the service of the house of thy God, make perfect before the God of Jerusalem;
20 ২০ তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব।
and the rest of the needful things of the house of thy God, that it falleth to thee to give, thou dost give from the treasure-house of the king.
21 ২১ মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা।
'And by me — I Artaxerxes the king — is made a decree to all treasurers who [are] beyond the river, that all that Ezra the priest, scribe of the law of the God of heaven, doth ask of you, be done speedily:
22 ২২ এশ কিক্কৰলৈকে ৰূপ, এশ কোৰলৈকে ঘেঁহু, এশ বটললৈকে দ্রাক্ষাৰস, আৰু এশ বটললৈকে তেল, আৰু অপৰিমিতৰূপে লোণ দিব।
Unto silver a hundred talents, and unto wheat a hundred cors, and unto wine a hundred baths, and unto oil a hundred baths, and salt without reckoning;
23 ২৩ স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁৰ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে; কাৰণ তেওঁৰ ক্রোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম?
all that [is] by the decree of the God of heaven, let be done diligently for the house of the God of heaven; for why is there wrath against the kingdom of the king and his sons?
24 ২৪ আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
'And to you we are making known, that upon any of the priests and Levites, singers, gatekeepers, Nethinim, and servants of the house of God, tribute and custom there is no authority to lift up.
25 ২৫ হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
'And thou, Ezra, according to the wisdom of thy God, that [is] in thy hand, appoint magistrates and judges who may be judges to all the people who are beyond the river, to all knowing the law of thy God, and he who hath not known ye cause to know;
26 ২৬ যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
and any who doth not do the law of thy God, and the law of the king, speedily is judgment done upon him, whether to death, or to banishment, or to confiscation of riches, and to bonds.'
27 ২৭ আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
Blessed [is] Jehovah, God of our fathers, who hath given such a thing as this in the heart of the king, to beautify the house of Jehovah that [is] in Jerusalem,
28 ২৮ আৰু তেৱেঁই ৰজাৰ, তেওঁৰ পৰামৰ্শদাতাসকলৰ, আৰু তেওঁৰ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্ৱাসীৰূপে বিস্তৃত কৰিলে। মোৰ ঈশ্বৰ যিহোৱাৰ হাত মোৰ লগত থকা বাবে, মই বলৱান হৈছোঁ, আৰু মোৰ লগত যাবলৈ ইস্ৰায়েলৰ মাজৰ পৰা মূল লোকসকলক গোটালোঁ।
and unto me hath stretched out kindness before the king and his counsellors, and before all the mighty heads of the king: and I have strengthened myself as the hand of Jehovah my God [is] upon me, and I gather out of Israel heads to go up with me.