< এজরা 5 >

1 তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে।
آنگاه دو نبی به اسامی حَجَّی و زکریا (پسر عِدّو) شروع کردند به دادن پیغام خدای اسرائیل به یهودیان اورشلیم و یهودا.
2 চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰিলে।
وقتی زروبابِل و یهوشع پیغام آنها را شنیدند، به بازسازی خانهٔ خدا در اورشلیم مشغول شدند و این دو نبی نیز به آنان کمک کردند.
3 নদীৰ সিপাৰে থকা শাসনকৰ্ত্তা তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক’লে, “এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে?”
ولی در این هنگام تَتِنایی، استاندار غرب رود فرات و شِتَربوزِنای و همدستان آنها به اورشلیم آمدند و گفتند: «چه کسی به شما اجازه داده است خانهٔ خدا را بسازید و ساختمانش را تکمیل کنید؟»
4 তেওঁলোকে পুনৰ ক’লে, “যি লোকসকলে এই গৃহ নিৰ্ম্মাণ কৰি আছে, তেওঁলোকৰ নাম কি?”
سپس از آنها خواستند نام تمام کسانی را که مشغول ساختن خانۀ خدا بودند، به ایشان بدهند.
5 কিন্তু ঈশ্বৰৰ দৃষ্টি যিহূদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল, আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবচৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে।
ولی از آنجا که خدا مراقب سرپرستان یهودی بود، آنها نتوانستند از کار ایشان جلوگیری کنند. پس تَتِنایی، شِتَربوزِنای و همدستان ایشان که مقامات غرب رود فرات بودند جریان را طی نامه‌ای به اطلاع داریوش پادشاه رسانیدند و منتظر جواب ماندند.
6 এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ।
7 তেওঁলোকে দাৰিয়াবচ ৰজালৈ এখন প্রতিবেদন লিখি পঠালে, “আপোনাৰ চাৰিওদিশে মঙ্গল হওঁক।
متن نامه چنین بود: «درود بر داریوش پادشاه!
8 মহাৰাজে জ্ঞাত হওঁক, যে, আমি যিহূদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্ম্মাণ কৰা হৈছে, আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুঙ্খানুপুঙ্খ ভাৱে কৰা হৈছে, আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে।
به آگاهی می‌رساند که ما به محل ساختمان خانهٔ خدای بزرگ یهودیان رفتیم و دیدیم این خانه را با سنگهای بزرگ می‌سازند و تیرهای چوبی در دیوار آن کار می‌گذارند. کار به تندی و با موفقیت پیش می‌رود.
9 আমি বৃদ্ধসকলক সুধিলোঁ, ‘এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে’।
ما از سرپرستان ایشان پرسیدیم که چه کسی به آنها اجازهٔ این کار را داده است.
10 ১০ লগতে যি সকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ।
سپس نامهای آنها را پرسیدیم تا به آگاهی شما برسانیم که سرپرستان ایشان چه کسانی هستند.
11 ১১ তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল।
جوابشان این بود:”ما خدمتگزاران خدای آسمان و زمین هستیم و اکنون خانۀ خدا را که قرنها پیش به‌وسیلۀ پادشاه بزرگ اسرائیل بنا شد، دوباره می‌سازیم.
12 ১২ সেয়ে, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল।
اجداد ما خدای آسمان را به خشم آوردند، پس خدا ایشان را به دست نِبوکَدنِصَّر، پادشاه بابِل تسلیم کرد و او این خانه را خراب نمود و قوم اسرائیل را اسیر کرده، به بابِل برد.
13 ১৩ তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে।
اما کوروش پادشاه، فاتح بابِل، در سال اول سلطنتش فرمانی صادر کرد که خانۀ خدا از نو ساخته شود.
14 ১৪ ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে।
همچنین او تمام ظروف طلا و نقره‌ای را که نِبوکَدنِصَّر از خانۀ خدا از اورشلیم گرفته و در بتخانهٔ بابِل گذاشته بود، دوباره به خانهٔ خدا بازگرداند. کوروش این ظروف را به شِیشبَصَّر که خودش او را به سمت فرمانداری یهودا تعیین کرده بود، سپرد
15 ১৫ ৰজাই তেওঁক কৈছিল, ‘এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক’।
و به او دستور داد که ظروف را به محل خانهٔ خدا در اورشلیم بازگرداند و خانهٔ خدا را در آن محل دوباره بنا کند.
16 ১৬ তাৰ পাছত চেচবচৰে আহি যিৰূচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে; আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই।
پس شِیشبَصَّر به اورشلیم آمد و پایه‌های خانهٔ خدا را گذاشت؛ و از آن وقت تا به حال ما مشغول بنای آن هستیم، ولی کار هنوز تمام نشده است.“
17 ১৭ এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰচ ৰজাই যিৰূচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি-পত্রৰ বুজ-বিচাৰ কৰি চাওঁক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওঁক।”
حال اگر پادشاه صلاح می‌دانند امر فرمایند تا در کتابخانهٔ سلطنتی بابِل تحقیق کنند و ببینند که آیا به درستی کوروش پادشاه چنین فرمانی داده است یا نه؟ سپس پادشاه خواست خود را به ما ابلاغ فرمایند.»

< এজরা 5 >