< এজরা 4 >
1 ১ বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।
А кад чуше непријатељи Јудини и Венијаминови да они који се вратише из ропства зидају цркву Господу Богу Израиљевом,
2 ২ সেয়ে তেওঁলোকে জৰুব্বাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক’লে, “আহাঁ আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্ম্মাণ কৰোঁহক, আমি তোমালোকৰ ঈশ্বৰক বিচাৰো আৰু অচূৰৰ এচৰ-হদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলি-দান কৰি আছোঁ।”
Дођоше к Зоровавељу и ка главарима домова отачких, и рекоше им: Да и ми зидамо с вама, јер ћемо као и ви тражити Бога вашег, и Њему приносимо жртве од времена Есарадона, цара асирског, који нас је довео овамо.
3 ৩ কিন্তু জৰুব্বাবিল, যেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক’লে, “তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিম। পাৰস্যৰ কোৰচ ৰজাই আদেশ দিয়া অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্ম্মাণ কৰিম।”
А Зоровавељ и Исус и остали главари домова отачких у Израиљу рекоше им: Не можете ви с нама зидати дом Богу нашем, него ћемо ми сами зидати Господу Богу Израиљевом, како нам је заповедио Кир, цар персијски.
4 ৪ সেয়ে দেশৰ লোকসকলে যিহূদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্ম্মাণ কাৰ্যত বাধা প্রয়োগ কৰিলে।
Тада народ земаљски досађиваше народу Јудином и сметаше их у зидању;
5 ৫ তেওঁলোকৰ অভিপ্রায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰমৰ্শদাতাকো উৎকোচ হিচাবে ধন প্রদান কৰিছিল। পাৰস্যৰ কোৰচ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্ব সময়লৈকে, তেওঁলোকে এনেদৰে কৰি থাকিল।
И наимаху саветнике супрот њима да расипају намеру њихову свега времена Кира, цара персијског, до владе Дарија, цара персијског.
6 ৬ তাৰ পাছত অহচবেৰোচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ-পত্ৰ লিখিলে।
А кад се зацари Асвир, у почетку његовог царовања написаше тужбу на становнике јудејске и јерусалимске.
7 ৭ অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।
И за времена Артаксерксовог писа Вислам, Митредат, Тавеило и остали другови његови Артаксерксу цару персијском; а књига беше писана сирским писмом и сирским језиком.
8 ৮ ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
Реум старешина у већу и Симсај писар написаше једну књигу против Јерусалима цару Артаксерксу овако:
9 ৯ তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।
Реум старешина у већу и Симсај писар и остали другови њихови, Дињани, Афарсашани, Тарфаљани, Афаршани, Архевљани, Вавилоњани, Сусанашани, Деављани, Еламљани,
10 ১০ নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্য্যদাৱান অস্নপ্পৰে চমৰিয়াত বাস কৰিবলৈ বাধ্য কৰোঁৱা লোকসকলৰ লগত যোগ দিলে।
И остали народ који пресели велики и славни Асенафар и насели по градовима самаријским, и остали с ове стране реке, тада и тада.
11 ১১ এই খনেই তেওঁলোকে অৰ্তক্ষত্ৰ ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি, “নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্র লিখিছে:
Ово је препис од књиге коју му послаше: Цару Артаксерксу. Слуге твоје, људи с ове стране реке, тада и тада.
12 ১২ মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
Да је на знање цару да Јудејци који пођоше од тебе к нама, дођоше у Јерусалим, и град одметнички и опаки зидају, зидове оправљају и из темеља подижу.
13 ১৩ এতিয়া ৰজাক জানিবলৈ দিওঁ যে, যদি তেওঁলোকে এই নগৰ নিৰ্ম্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে তেনেহলে, তেওঁলোকে আপোনাক কোনো প্রকাৰৰ কৰ-কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব।
Него да је на знање цару: ако се овај град сазида и зидови оправе, они неће давати данка ни порезе ни царине, те ће бити штета ризници царској.
14 ১৪ আমি হ’ল সচাঁকৈয়ে ৰজা প্রসাদৰ নিমখ খাই আছোঁ, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এই কাৰণে আমি মহাৰাজক এই কথা জনাইছোঁ।
Што дакле плату од двора примамо, те нам не приличи да гледамо штету цареву, тога ради шаљемо и јављамо цару,
15 ১৫ আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
Да се потражи у књизи дневника отаца твојих, па ћеш наћи у књизи дневника и дознати да је овај град одметнички и да је на штету царевима и земљама и да су се у њему дизале буне од давнина, те зато би раскопан овај град.
16 ১৬ আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
Дајемо на знање цару: ако се овај град сазида и зидови се његови оправе, онда овај део преко реке неће више бити твој.
17 ১৭ ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।
Тада цар посла одговор Реуму, старешини у већу и Симсају писару и осталим друговима њиховим који сеђаху у Самарији и осталим с оне стране реке: Поздравље, тада и тада.
18 ১৮ তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।
Књига коју нам посласте разговетно би прочитана преда мном.
19 ১৯ সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
И заповедих те потражише и нађоше да је тај град од давнина устајао на цареве и да су у њему бивали одмети и буне,
20 ২০ পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
И да су силни цареви бивали у Јерусалиму, који владаху свим што је преко реке, и даваху им се данци и порезе и царине.
21 ২১ এতিয়া, সেই লোকসকলক এই নগৰ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্ম্মাণ কৰিব নোৱাৰে।
Зато наредите да се забрани оним људима да се онај град не зида докле ја не заповедим.
22 ২২ সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা। কিয় ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা?”
И пазите да не погрешите у том. Јер зашто би зло расло на штету царевима?
23 ২৩ যেতিয়া অৰ্তক্ষত্ৰ ৰজাৰ আজ্ঞা ৰহূম, চিমচয়, আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাত যিৰূচালেমলৈ গ’ল আৰু যিহূদীসকলক বলেৰে গৃহ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিলে।
А кад се препис од књиге цара Артаксеркса прочита пред Реумом и Симсајем писарем и пред друговима њиховим, они брже отидоше у Јерусалим к Јудејцима, те им забранише оружаном силом.
24 ২৪ সেয়ে পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰলৈকে যিৰূচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্ম্মাণৰ কাৰ্য বন্ধ থাকিল।
Тада стаде посао око дома Божијег у Јерусалиму, и стаја до друге године царовања Дарија, цара персијског.