< এজরা 4 >

1 বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।
Uslyšavše pak nepřátelé Judovi a Beniaminovi, že by ti, kteříž přestěhováni byli, stavěli chrám Hospodinu Bohu Izraelskému,
2 সেয়ে তেওঁলোকে জৰুব্বাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক’লে, “আহাঁ আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্ম্মাণ কৰোঁহক, আমি তোমালোকৰ ঈশ্বৰক বিচাৰো আৰু অচূৰৰ এচৰ-হদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলি-দান কৰি আছোঁ।”
Přistoupili k Zorobábelovi a k knížatům čeledí otcovských, a řekli jim: Budeme s vámi stavěti; nebo jako i vy hledati budeme Boha vašeho, jemuž i oběti obětujeme ode dnů Esarchaddona krále Assyrského, kterýž nás sem uvedl.
3 কিন্তু জৰুব্বাবিল, যেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক’লে, “তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিম। পাৰস্যৰ কোৰচ ৰজাই আদেশ দিয়া অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্ম্মাণ কৰিম।”
Tedy řekl jim Zorobábel a Jesua i jiná knížata čeledí otcovských z Izraele: Ne vám, ale nám náleží stavěti dům Bohu našemu; nebo my sami stavěti budeme Hospodinu Bohu Izraelskému, jakž přikázal nám král Cýrus, král Perský.
4 সেয়ে দেশৰ লোকসকলে যিহূদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্ম্মাণ কাৰ্যত বাধা প্রয়োগ কৰিলে।
A však lid té krajiny zemdléval ruce lidu Judského, a odhrožovali je, aby nestavěli.
5 তেওঁলোকৰ অভিপ্রায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰমৰ্শদাতাকো উৎকোচ হিচাবে ধন প্রদান কৰিছিল। পাৰস্যৰ কোৰচ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্ব সময়লৈকে, তেওঁলোকে এনেদৰে কৰি থাকিল।
Anobrž i najímali proti nim rádce, aby rušili rady jejich, po všecky dny Cýra krále Perského, až do kralování Daria krále Perského.
6 তাৰ পাছত অহচবেৰোচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ-পত্ৰ লিখিলে।
Nebo když kraloval Asverus, při začátku kralování jeho sepsali žalobu proti obyvatelům Judským a Jeruzalémským.
7 অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।
(Tak jako za dnů Artaxerxa psal Bislam, Mitridates, Tabel a jiní tovaryši jeho k Artaxerxovi králi Perskému.) Písmo pak listu toho psáno bylo Syrsky, i vykládáno Syrsky.
8 ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
Rechum totiž kancléř a Simsai písař napsali jeden list proti Jeruzalému Artaxerxovi králi, takový:
9 তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।
Rechum kancléř a Simsai písař i jiní tovaryši jejich, Dinaiští a Afarsatchaiští, Tarpelaiští, Afarzaiští, Arkevaiští, Babylonští, Susanechaiští, Dehavejští a Elmaiští,
10 ১০ নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্য্যদাৱান অস্নপ্পৰে চমৰিয়াত বাস কৰিবলৈ বাধ্য কৰোঁৱা লোকসকলৰ লগত যোগ দিলে।
I jiní národové, kteréž byl převedl Asnapar veliký a slavný, a rozsadil v městech Samařských, a jiní za řekou, i Cheenetští,
11 ১১ এই খনেই তেওঁলোকে অৰ্তক্ষত্ৰ ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি, “নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্র লিখিছে:
(Tento jest přípis listu, kterýž poslali k Artaxerxovi králi), služebníci tvoji, lidé za řekou a Cheenetští.
12 ১২ মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
Známo buď králi, že Židé, kteříž se vrátili od tebe, přišedše k nám do Jeruzaléma, město odporné a škodlivé stavějí, i zdi dělají, a základy spojují.
13 ১৩ এতিয়া ৰজাক জানিবলৈ দিওঁ যে, যদি তেওঁলোকে এই নগৰ নিৰ্ম্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে তেনেহলে, তেওঁলোকে আপোনাক কোনো প্রকাৰৰ কৰ-কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব।
Protož nyní buď vědomo králi, bude-li to město vystaveno, a zdi dodělány, platuť, cla a úroku dávati nebudou, a tak komoře královské újma bude.
14 ১৪ আমি হ’ল সচাঁকৈয়ে ৰজা প্রসাদৰ নিমখ খাই আছোঁ, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এই কাৰণে আমি মহাৰাজক এই কথা জনাইছোঁ।
Nyní tedy poněvadž dobrodiní paláce užíváme, na obnažování krále neslušelo se nám dívati. Tou příčinou poslali jsme a oznámili to králi,
15 ১৫ আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
Aby dal hledati v knihách kronik otců svých, a najdeš v nich, i zvíš, že město to jest město odporné a škodlivé králům i krajinám, a že se v něm puntovávají od starodávna, pročež to město prvé zkaženo bylo.
16 ১৬ আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
Nadto známoť činíme králi, že bude-li to město vystaveno, a zdi dodělány, tedy vládařství za řekou míti nebudeš.
17 ১৭ ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।
Tedy odeslal odpověd král Rechumovi kancléři a Simsaiovi písaři i jiným tovaryšům jejich, kteříž bydlili v Samaří, a jiným za řekou v Selam i v Cheet:
18 ১৮ তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।
Psání, kteréž jste k nám poslali, zjevně čteno jest přede mnou.
19 ১৯ সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
Protož rozkázal jsem, aby hledali. I nalezli, že to město zdávna povstává proti králům, a zprotivování i puntování bývají v něm.
20 ২০ পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
Nadto i králové mocní že bývali v Jeruzalémě, a panovali nade vším, co jest za řekou, jimž platové, cla a úrok dáván býval.
21 ২১ এতিয়া, সেই লোকসকলক এই নগৰ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্ম্মাণ কৰিব নোৱাৰে।
Protož nyní přikažte, ať jest zastaveno mužům těm, aby to město nebylo staveno, dokudž by ode mne poručeno nebylo.
22 ২২ সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা। কিয় ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা?”
Hleďtež pak, abyste se v té věci nemýlili, a ať skrze to nezroste něco zlého na škodu králům.
23 ২৩ যেতিয়া অৰ্তক্ষত্ৰ ৰজাৰ আজ্ঞা ৰহূম, চিমচয়, আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাত যিৰূচালেমলৈ গ’ল আৰু যিহূদীসকলক বলেৰে গৃহ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিলে।
Když pak ten přípis listu Artaxerxa krále čten byl před Rechumem a Simsaiem písařem a tovaryši jejich, odešli rychle do Jeruzaléma k Židům, a zastavili jim mocí a silou.
24 ২৪ সেয়ে পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰলৈকে যিৰূচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্ম্মাণৰ কাৰ্য বন্ধ থাকিল।
A tak přetrženo jest dílo domu Božího, kterýž byl v Jeruzalémě, a stálo tak až do druhého léta kralování Daria krále Perského.

< এজরা 4 >