< এজরা 3 >

1 সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।
Пришедшу же месяцу седмому, и бяху сынове Израилевы во градех своих, и собрашася людие аки человек един во Иерусалим.
2 যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ পুৰোহিত ভাইসকল, আৰু চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু তেওঁৰ ভাইসকল থিয় হ’ল, আৰু ঈশ্বৰৰ লোক মোচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম-বলি উৎসৰ্গৰ অৰ্থে ইস্ৰায়েলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
И воста Иисус сын Иоседеков и братия его священницы, и Зоровавель сын Салафиилев и братия его, и создаша олтарь Богу Израилеву, да принесут на нем всесожжения, якоже писано есть в законе Моисеа человека Божия.
3 দেশৰ লোকসকলৰ কাৰণে আতঙ্কিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিছিল।
И уготоваша олтарь на основании его, понеже страх бе на них от людий земных, и вознесоша на том всесожжение Господеви утро и в вечер:
4 লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
и сотвориша праздник кущей, якоже писано, и всесожжения на всяк день числом по повелению, дело дне в день свой:
5 এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।
и посем всесожжения непрестанная и в новомесячия и во вся праздники Господеви освященныя, и о всяцем добровольно приносящем со усердием Господеви.
6 সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল।
От перваго дне месяца седмаго начаша возносити всесожжения Господеви, дом же Господень не бе еще основан.
7 সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।
И вдаша пенязи каменосечцем и древоделем, пищу же и питие и елей Сидоняном и Тиряном, да принесут древа кедрова от Ливана к морю Иоппийскому, якоже соизволи Кир царь Персский о них.
8 দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।
И в лето второе, внегда приити им к дому Божию во Иерусалим, месяца втораго нача Зоровавель сын Салафиилев и Иисус сын Иоседеков, и прочии от братии их священницы и левити, и вси, иже приидоша от пленения во Иерусалим, и поставиша левитов от двадесяти лет и вышше над творящими дела во храме Господни.
9 যেচুৱা আৰু তেওঁৰ পুত্র আৰু ভায়েক-ককায়েকসকল, কদ্মীয়েল আৰু তেওঁৰ পুত্রসকল, যিহূদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল, আৰু তেওঁলোকৰ লগৰ লেবীয়াসকলো আছিল।
И ста Иисус и сынове его и братия его, Кадоил и сынове его, сынове Иудины, якоже муж един да единодушно настоят над творящими дела в дому Божии, сынове Инададовы, сынове их и братия их левити.
10 ১০ গৃহ নিৰ্ম্মাণ কৰোঁতা সকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।
И основаша созидающе дом Господень: и сташа священницы во украшении своем со трубами, и левити сынове Асафовы, в кимвалех да хвалят Господа, по уставу Давида царя Израилева:
11 ১১ তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।
и вопияху в песнех и исповедании Господеви, яко благ, яко в век милость Его над Израилем: и вси людие возглашаху гласом великим хваление Господу при основании дому Господня.
12 ১২ কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্চ-স্বৰে জয়-ধ্বনি কৰিলে।
И мнози от священников и левит, и князи отечеств и старейшины, иже видеша дом преждний на основании своем, и сей дом пред очесы своими, плакаху гласом велиим: и народ возглашающь, в веселии возвышаху:
13 ১৩ তাৰ ফলত, কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়-ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে। কাৰণ লোকসকলে মহা-আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল।
и не можаху людие познати гласа восклицания веселящихся от гласов плача народнаго, понеже людие восклицаху гласом великим, и глас велик слышашеся издалеча.

< এজরা 3 >