< এজরা 2 >
1 ১ যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
These also are the sonnes of the prouince, that went vp out of the captiuitie (whome Nebuchadnezzar King of Babel had caried away vnto Babel) and returned to Ierusalem, and to Iudah, euery one vnto his citie,
2 ২ তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
Which came with Zerubbabel, to wit, Ieshua, Nehemiah, Seraiah, Reelaiah, Mordecai, Bilshan, Mispar, Biguai, Rehum, Baanah. The number of the men of the people of Israel was,
3 ৩ পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
The sonnes of Parosh, two thousand, an hudreth seuentie and two:
4 ৪ চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
The sonnes of Shephatiah, three hundreth, seuentie and two:
5 ৫ আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
The sonnes of Arah, seuen hundreth, and seuentie and fiue:
6 ৬ যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
The sonnes of Pahath Moab, of the sonnes of Ieshua and Ioab, two thousand, eight hundreth and twelue:
7 ৭ এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
The sonnes of Elam, a thousande, two hundreth and foure and fiftie:
8 ৮ জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
The sonnes of Zattu, nine hundreth and fiue and fourtie:
9 ৯ জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
The sonnes of Zaccai, seuen hundreth and threescore:
10 ১০ বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
The sonnes of Bani, sixe hundreth and two and fourtie:
11 ১১ বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
The sonnes of Bebai, sixe hundreth, and three and twentie:
12 ১২ অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
The sonnes of Azgad a thousand, two hundreth and two and twentie:
13 ১৩ অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
The sonnes of Adonikam, sixe hundreth, three score and sixe:
14 ১৪ বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
The sonnes of Biguai, two thousand, and sixe and fiftie:
15 ১৫ আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
The sonnes of Adin, foure hundreth and foure and fiftie:
16 ১৬ হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
The sonnes of Ater of Hizkiah, ninetie and eight:
17 ১৭ বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
The sonnes of Bezai, three hundreth and three and twentie:
18 ১৮ যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
The sonnes of Iorah, an hudreth and twelue:
19 ১৯ হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
The sonnes of Hasshum, two hundreth and three and twentie:
20 ২০ গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
The sonnes of Gibbar, ninetie and fiue:
21 ২১ বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
The sonnes of Beth-lehem, an hundreth and three and twentie:
22 ২২ নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
The men of Netophah, sixe and fiftie:
23 ২৩ অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
The men of Anothoth, an hundreth and eight and twentie:
24 ২৪ অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
The sonnes of Azmaueth, two and fourtie:
25 ২৫ কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
The sonnes of Kiriath-arim, of Chephirah, and Beeroth, seuen hundreth and three and fourtie:
26 ২৬ ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
The sonnes of Haramah and Gaba, six hundreth, and one and twentie:
27 ২৭ মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
The men of Michmas, an hundreth and two and twentie:
28 ২৮ বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
The sonnes of Beth-el and Ai, two hundreth, and three and twentie:
29 ২৯ নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
The sonnes of Nebo, two and fiftie:
30 ৩০ মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
The sonnes of Magbish, an hundreth and sixe and fiftie:
31 ৩১ অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
The sonnes of the other Elam, a thousand, and two hundreth, and foure and fiftie:
32 ৩২ হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
The sonnes of Harim, three hundreth and twentie:
33 ৩৩ লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
The sonnes of Lod-hadid, and Ono, seuen hundreth, and fiue and twentie:
34 ৩৪ যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
The sonnes of Iericho, three hundreth and fiue and fourtie:
35 ৩৫ চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
The sonnes of Senaah, three thousand, sixe hundreth and thirtie.
36 ৩৬ পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
The Priests: of the sonnes of Iedaiah of the house of Ieshua, nine hundreth seuentie and three:
37 ৩৭ ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
The sonnes of Immer, a thousand and two and fiftie:
38 ৩৮ পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
The sonnes of Pashur, a thousand, two hundreth and seuen and fourtie:
39 ৩৯ হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
The sonnes of Harim, a thousande and seuenteene.
40 ৪০ লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
The Leuites: the sonnes of Ieshua, and Kadmiel of the sonnes of Hodauiah, seuentie and foure.
41 ৪১ মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
The Singers: the sonnes of Asaph, an hundreth and eight and twentie.
42 ৪২ দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
The sonnes of the porters: the sonnes of Shallum, the sonnes of Ater, the sonnes of Talmon, the sonnes of Akkub, the sonnes of Hatita, the sonnes of Shobai: all were an hundreth and nine and thirtie.
43 ৪৩ যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
The Nethinims: the sonnes of Ziha, the sonnes of Hasupha, the sonnes of Tabbaoth,
44 ৪৪ কেৰোচ, চীয়হা, পাদোন,
The sonnes of Keros, the sonnes of Siaha, the sonnes of Padon,
45 ৪৫ লবানা, হগাবা, অক্কুব,
The sonnes of Lebanah, the sonnes of Hagabah, the sonnes of Akkub,
46 ৪৬ হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
The sonnes of Hagab, the sonnes of Shamlai, the sonnes of Hanan,
47 ৪৭ গিদ্দেল, গহৰ, ৰায়া,
The sonnes of Giddel, the sonnes of Gahar, the sonnes of Reaiah,
48 ৪৮ ৰচীন, নকোদা, গজ্জম,
The sonnes of Rezin, the sonnes of Nekoda, the sonnes of Gazzam,
49 ৪৯ উজ্জা, পাচেহ, বেচয়,
The sonnes of Vzza, the sonnes of Paseah, the sonnes of Besai,
50 ৫০ অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
The sonnes of Asnah, the sonnes of Meunim, the sonnes of Nephusim,
51 ৫১ বকবুক, হকুফা, হৰ্হূৰ,
The sonnes of Bakbuk, the sonnes of Hakupa, the sonnes of Harhur,
52 ৫২ বস্লোত, মহীদা, হৰ্চা,
The sonnes of Bazluth, the sonnes of Mehida, the sonnes of Harsha,
53 ৫৩ বৰ্কোচ, চীচৰা, তেমহ,
The sonnes of Barcos, the sonnes of Sisara, the sonnes of Thamah,
54 ৫৪ নচীহ, আৰু হটীফাৰ বংশধৰসকল।
The sonnes of Neziah, the sonnes of Hatipha,
55 ৫৫ চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
The sonnes of Salomons seruantes: the sonnes of Sotai, the sonnes of Sophereth, the sonnes of Peruda,
56 ৫৬ যালা, দৰ্কোণ, গিদ্দেল,
The sonnes of Iaalah, the sonnes of Darkon, the sonnes of Giddel,
57 ৫৭ চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
The sonnes of Shephatiah, the sonnes of Hattil, the sonnes of Pochereth Hazzebaim, the sonnes of Ami.
58 ৫৮ চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
All the Nethinims, and the sonnes of Salomons seruants were three hundreth ninetie and two.
59 ৫৯ যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
And these went vp from Telmelah, and from Telharsha, Cherub, Addan, and Immer, but they could not discerne their fathers house and their seede, whether they were of Israel.
60 ৬০ দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
The sonnes of Delaiah, the sonnes of Tobiah, the sonnes of Nekoda, six hundreth and two and fiftie.
61 ৬১ পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
And of the sonnes of the Priestes, the sonnes of Habaiah, the sonnes of Coz, the sonnes of Barzillai: which tooke of the daughters of Barzillai the Giliadite to wife, and was called after their name.
62 ৬২ তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
These sought their writing of the genealogies, but they were not founde: therefore were they put from the Priesthood.
63 ৬৩ তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
And Tirshatha saide vnto them, that they should not eate of the most holy thing, tell there rose vp a Priest with Vrim and Thummim.
64 ৬৪ সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
The whole Congregation together was two and fourtie thousande, three hundreth and threescore,
65 ৬৫ তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
Beside their seruants and their maydes: of whome were seuen thousande, three hundreth and seuen and thirtie: and among them were two hundreth singing men and singing women.
66 ৬৬ তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
Their horses were seuen hundreth, and sixe and thirtie: their mules, two hundreth and fiue and fourtie:
67 ৬৭ চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
Their camels foure hundreth, and fiue and thirtie: their asses, sixe thousand, seuen hundreth and twentie.
68 ৬৮ যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
And certeine of the chiefe fathers, when they came to the house of the Lord, which was in Ierusalem, they offred willingly for the house of God, to set it vp vpon his fundation.
69 ৬৯ তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
They gaue after their abilitie vnto the treasure of the worke, euen one and threescore thousand drammes of golde, and fiue thousand pieces of siluer, and an hundreth Priests garments.
70 ৭০ পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।
So the Priests and the Leuites, and a certeine of the people, and the singers, and the porters, and the Nethinims dwelt in their cities, and all Israel in their cities.