< এজেকিয়েল 9 >
1 ১ তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
et clamavit in auribus meis voce magna dicens adpropinquaverunt visitationes urbis et unusquisque vas interfectionis habet in manu sua
2 ২ তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
et ecce sex viri veniebant de via portae superioris quae respicit ad aquilonem et uniuscuiusque vas interitus in manu eius vir quoque unus in medio eorum vestitus lineis et atramentarium scriptoris ad renes eius et ingressi sunt et steterunt iuxta altare aereum
3 ৩ তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
et gloria Domini Israhel adsumpta est de cherub quae erat super eum ad limen domus et vocavit virum qui indutus erat lineis et atramentarium scriptoris habebat in lumbis suis
4 ৪ যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
et dixit Dominus ad eum transi per mediam civitatem in medio Hierusalem et signa thau super frontes virorum gementium et dolentium super cunctis abominationibus quae fiunt in medio eius
5 ৫ তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
et illis dixit audiente me transite per civitatem sequentes eum et percutite non parcat oculus vester neque misereamini
6 ৬ বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
senem adulescentulum et virginem parvulum et mulieres interficite usque ad internicionem omnem autem super quem videritis thau ne occidatis et a sanctuario meo incipite coeperunt ergo a viris senioribus qui erant ante faciem domus
7 ৭ তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
et dixit ad eos contaminate domum et implete atria interfectis egredimini et egressi sunt et percutiebant eos qui erant in civitate
8 ৮ যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
et caede conpleta remansi ego ruique super faciem meam et clamans aio heu heu heu Domine Deus ergone disperdes omnes reliquias Israhel effundens furorem tuum super Hierusalem
9 ৯ তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
et dixit ad me iniquitas domus Israhel et Iuda magna est nimis valde et repleta est terra sanguinibus et civitas repleta est aversione dixerunt enim dereliquit Dominus terram et Dominus non videt
10 ১০ গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
igitur et meus non parcet oculus neque miserebor viam eorum super caput eorum reddam
11 ১১ আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।
et ecce vir qui indutus erat lineis qui habebat atramentarium in dorso suo respondit verbum dicens feci sicut praecepisti mihi