< এজেকিয়েল 7 >
1 ১ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Neno la Bwana likanijia kusema:
2 ২ “তোমালোক, হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে: এতিয়া ইস্ৰয়েল আহিল! দেশৰ চাৰি সীমালৈ অন্ত আহিল!
“Mwanadamu, hili ndilo Bwana Mwenyezi asemalo kwa nchi ya Israeli: Mwisho! Mwisho umekuja juu ya pembe nne za nchi.
3 ৩ এতিয়া তোমালৈ অন্ত উপস্থিত হ’ল, কিয়নো মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠিয়াম আৰু মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম; তাৰ পাছত তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
Sasa mwisho umekuja juu yenu nami nitamwaga hasira yangu dhidi yenu. Nitawahukumu sawasawa na matendo yenu na kuwalipiza kwa ajili ya desturi zenu zote za kuchukiza.
4 ৪ কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম; কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Sitawaonea huruma wala sitawarehemu, hakika nitalipiza kwa ajili ya matendo yenu na desturi zenu za machukizo miongoni mwenu. Ndipo mtakapojua kuwa Mimi ndimi Bwana.
5 ৫ প্ৰভু যিহোৱাই এই কথা কৈছে: অমঙ্গল! কেৱল অমঙ্গলৰ পাছত অমঙ্গল! চোৱা, সেয়ে আহি পালেহি!
“Hili ndilo Bwana Mwenyezi asemalo: Maafa! Maafa ambayo hayajasikiwa yanakuja.
6 ৬ অন্ত নিশ্চয়কৈ উপস্থিত হ’ব; সেয়ে তোমাৰ অহিতে জাগি উঠিছে! চোৱা, সেয়ে আহি পালেহি।
Mwisho umewadia! Mwisho umewadia! Umejiinua wenyewe dhidi yenu. Umewadia!
7 ৭ তোমালোকৰ যি সকলে দেশত নিবাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে। সেই সময় উপস্থিত হ’ল; বিনাশৰ দিন ওচৰ চাপি আহিছে আৰু পৰ্ব্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ-ধ্বনিৰ দিন নহ’ব, কোলাহলৰহে দিন হ’ব!
Maangamizi yamekuja juu yenu, ninyi mnaoishi katika nchi. Wakati umewadia, siku imekaribia, kuna hofu kuu ya ghafula, wala si furaha, juu ya milima.
8 ৮ এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
Ninakaribia kumwaga ghadhabu yangu juu yenu na kumaliza hasira yangu dhidi yenu, nitawahukumu sawasawa na matendo yenu na kuwalipiza kwa ajili ya desturi zenu zote za machukizo.
9 ৯ মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Sitawaonea huruma wala sitawarehemu; nitawalipiza sawasawa na matendo yenu na desturi zenu za machukizo miongoni mwenu. Ndipo mtajua kuwa Mimi ndimi Bwana ambaye huwapiga kwa mapigo.
10 ১০ আৰু চোৱা! সেই দিন আহি পালেহি। বিনাশ ওলাই আহিল। তোমালোকৰ দণ্ডডালিত অহঙ্কাৰৰ কলি ধৰিলে।
“Siku imefika! Imewadia! Maangamizi yamezuka ghafula, fimbo imechanua majivuno yamechipua!
11 ১১ দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল- তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন-সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিব।
Jeuri imeinuka kuwa fimbo ya kuadhibu uovu, hakuna hata mmoja wa hao watu atakayeachwa, hata mmoja wa kundi lile, hakuna utajiri, hakuna chenye thamani.
12 ১২ সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!
Wakati umewadia, siku imefika. Mnunuzi na asifurahi wala muuzaji asihuzunike, kwa maana ghadhabu iko juu ya kundi lote.
13 ১৩ কিয়নো বেচোঁতাসকলে জীয়াই থকা সেই সময়লৈকে তেওঁলোকে বেচা তেওঁলোকৰ সেই সম্পৰ্কীয় সম্পত্তি কেতিয়াও পুনৰায় দেখিবলৈ নাপাব, কিয়নো নিজ নিজ জীৱনৰ পাপ আচৰণত তেওঁলোকৰ কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব।
Muuzaji hatajipatia tena ardhi aliyoiuza wakati wote wawili wangali hai, kwa kuwa maono kuhusu kundi lote hayatatanguka. Kwa sababu ya dhambi zao, hakuna hata mmoja atakayeokoa maisha yake.
14 ১৪ তেওঁলোকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ যাবৰ বাবে কোনো এজনো নাই; কিয়নো মোৰ ক্ৰোধ তাৰ (ইস্রায়েল) সকলো লোকৰ ওপৰত আছে।
Wajapopiga tarumbeta na kuweka kila kitu tayari, hakuna hata mmoja atakayekwenda vitani, kwa maana ghadhabu yangu iko juu ya kundi lote.
15 ১৫ তৰোৱাল দেশৰ বাহিৰত আৰু মহামাৰী আৰু আকাল দেশৰ ভিতৰত আছে। যি সকল লোক পথাৰত আছে, তেওঁলোকক তৰোৱালেৰে বধ হ’ব আৰু যি সকল লোক নগৰৰ ভিতৰত আছে, তেওঁলোকক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।
“Nje ni upanga, ndani ni tauni na njaa, wale walioko shambani watakufa kwa upanga, nao wale waliomo mjini njaa na tauni vitawala.
16 ১৬ কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।
Wale wote watakaopona na kutoroka watakuwa milimani, wakiomboleza kama hua wa mabondeni, kila mmoja kwa sababu ya dhambi zake.
17 ১৭ সকলোৰে হাত দুৰ্ব্বল হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব,
Kila mkono utalegea na kila goti litakuwa dhaifu kama maji.
18 ১৮ তেওঁলোকে চট কাপোৰ পিন্ধিব আৰু মহাত্ৰাস তেওঁলোকৰ আৱৰণস্বৰূপ হ’ব; প্রতিজনৰ মুখমণ্ডল লজ্জিত হ’ব আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ’ব।
Watavaa nguo ya gunia na kufunikwa na hofu. Nyuso zao zitafunikwa na aibu na nywele za vichwa vyao zitanyolewa.
19 ১৯ তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব আৰু তেওঁলোকৰ সোণ অশুচি বস্তু যেন হ’ব। তেওঁলোকৰ সোণ আৰু ৰূপ যিহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ’ব, আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ’ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে।
Watatupa fedha yao barabarani, nayo dhahabu yao itakuwa najisi. Fedha yao na dhahabu yao havitaweza kuwaokoa katika siku hiyo ya ghadhabu ya Bwana. Hawatashibisha njaa yao au kujaza matumbo yao kwa hiyo fedha wala dhahabu, kwa sababu imewaponza wajikwae dhambini.
20 ২০ তেওঁৰ সুন্দৰ ভূষনৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মূৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।
Walijivunia vito vyao vizuri na kuvitumia kufanya sanamu za machukizo na vinyago vya upotovu. Kwa hiyo nitavifanya vitu hivyo kuwa najisi kwao.
21 ২১ আৰু মই সেইবোৰ বস্তু বিদেশীসকলৰ হাতত লুটদ্ৰব্য হিচবে, পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম; তেতিয়া তেওঁলোকে তাক অপবিত্ৰ কৰিব।
Nitavitia vyote mikononi mwa wageni kuwa nyara na kuwa vitu vilivyotekwa mikononi mwa watu waovu wa dunia, nao watavinajisi.
22 ২২ যেতিয়া তেওঁলোকে মোৰ গুপ্তস্থান অশুচি কৰিব, তেতিয়া তেওঁলোকৰ পৰা মই বিমুখ হ’ম; ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।
Nitageuza uso wangu mbali nao, nao waovu wa dunia watapanajisi mahali pangu pa thamani, wanyangʼanyi watapaingia na kupanajisi.
23 ২৩ তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
“Andaa minyororo, kwa sababu nchi imejaa umwagaji wa damu na mji umejaa udhalimu.
24 ২৪ এই কাৰণে মই জাতি সমূহৰ মাজৰ অতি দুষ্টবোৰক আনিম আৰু তেওঁলোকে তেওঁলোকৰ ঘৰবোৰ অধিকাৰ কৰি ল’ব আৰু মই বলৱানসকলৰ গৰ্ব্ব খৰ্ব্ব কৰিম; কিয়নো তেওঁলোকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব!
Nitaleta taifa ovu kuliko yote ili kumiliki nyumba zao, nitakomesha kiburi cha wenye nguvu na mahali pao patakatifu patatiwa unajisi.
25 ২৫ ভয় আহিব! তেওঁলোকে শান্তি বিচাৰিব, কিন্তু নাপাব!
Hofu ya ghafula itakapokuja, watatafuta amani, lakini haitakuwepo.
26 ২৬ আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব! সেই কালত তেওঁলোকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিত আৰু পৰিচাৰকসকলৰ পৰা ব্যৱস্থাৰ পৰা মন্ত্ৰণা লোপ পাব।
Maafa juu ya maafa yatakuja, tetesi ya mabaya juu ya tetesi ya mabaya. Watajitahidi kupata maono kutoka kwa nabii, mafundisho ya sheria toka kwa kuhani yatapotea, vivyo hivyo shauri kutoka kwa wazee.
27 ২৭ ৰজাই শোক কৰিব আৰু ৰাজকুমাৰে শোকৰ বস্ত্ৰ পৰিধান কৰিব আৰু দেশৰ প্ৰজাসকলৰ হাত ভয়ত কঁপিব; মই তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁলোকৰ বিচাৰ কৰিম! আৰু যেতিয়ালৈকে তেওঁলোকে জানিব পাৰিব যে, মইয়ে তেওঁলোকৰ ঈশ্বৰ যিহোৱা; তেতিয়ালৈকে মই তেওঁলোকক নিজ মানবিশিষ্ট বিচাৰ কৰিম।”
Mfalme ataomboleza, mwana wa mfalme atavikwa kukata tamaa, nayo mikono ya watu wa nchi itatetemeka. Nitawashughulikia sawasawa na matendo yao na kwa kanuni zao wenyewe nitawahukumu. Ndipo watajua kwamba Mimi ndimi Bwana.”